শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিম্নগামী নিফটি ফিফটি-বিএছই ছেনছেক্স; চাওক শ্বেয়াৰ বজাৰৰ খবৰ

আজি নিফটি ফিফটি ৩৬ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে বিএছই ছেনছেক্স ৯৬ পইন্ট হ্ৰাস পায় । এই দুই সূচক নিম্নগামী হ'লেও কিন্তু আজি আন বহুকেইটা সূচক ঊৰ্ধগামী হয় ।

নিম্নগামী নিফটি ফিফটি-বিএছই ছেনছেক্স; চাওক শ্বেয়াৰ বজাৰৰ খবৰ
শ্বেয়াৰ বজাৰ
raj-saikia
Raj Saikia | Published: 04 Mar 2025 19:41 PM

অব্যাহত আছে ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই সূচকৰ পতন । আজি নিফটি ফিফটি ৩৬ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে বিএছই ছেনছেক্স ৯৬ পইন্ট হ্ৰাস পায় । এই দুই সূচক নিম্নগামী হ’লেও কিন্তু আজি আন বহুকেইটা সূচক ঊৰ্ধগামী হয় ।

নিফটি বেংক ১৩০ পইন্ট ঊৰ্ধগামী হোৱাৰ বিপৰীতে ৫৪৬ পইন্ট ঊৰ্ধগামী হয় এছ এণ্ড পি বিএছই স্মলকেপ সূচক । ফিননিফটি, বিএছচি বেংকেক্স, নিফটি টোটেল মাৰ্কেটো আজি ঊৰ্ধগামী হয় । ৩২০ পইন্ট ঊৰ্ধগামী হয় নিফটি নেক্সট সূচক ।

ভাৰতৰ বজাৰৰ কিছু উত্থান-পতন অব্যাহত থকাৰ সময়তে নিম্নগামী হৈছে বিভিন্ন বিদেশী সূচক । জাপানী সূচক নিক্কেই পৰা আৰম্ভ কৰি চীনা সূচক হেংছেং বা জাৰ্মানীৰ ডেক্সলৈকে আজি বেছিভাগ সূচক নিম্নগামী হৈছে ।

আজি কি কি বাঢ়িল:

আজ স্প্লিট হোৱাৰ পাছত কোষ্টেল কৰ্পৰেশ্যনৰ শ্বেয়াৰৰ দাম বৃদ্ধি পায় । ইয়াৰ বাহিৰেও আজি মংগলম গ্ল’বেল এন্টাৰপ্ৰাইজ, কফি ডে এন্টাৰপ্ৰাইজ, এমপিএছ লিমিটেড আৰু জ্যোতি চিএনচি অটোমেশ্যনৰ শ্বেয়াৰৰ দাম বৃদ্ধি পায় ।

আজি কি কি কমিল:

আজি নিম্ন চাৰ্কিটত স্পৰ্শ কৰে জেনছোল ইঞ্জিনীয়াৰিঙৰ শ্বেয়াৰৰ মূল্যই । তাৰ বাহিৰেও আজি জিন্দাল ওৱৰ্ল্ডওৱাইড লিমিটেড, ইন্টাৰনেশ্যনেল গেমোল’জিকেল ইনষ্টিটিউট, পিনো পেমেন্টছ বেংক আৰু ছাউথ ৱেষ্ট পিনাকলেৰ শ্বেয়াৰৰ দাম আজি নিম্নগামী হয় ।

বজাৰৰ টুকুৰা খবৰ:

* আজি প্ৰতি শ্বেয়াৰত ১২ টকা ৭১ পইচাকৈ লভ্যাংশ দিয়ে কেপিটেল ইনফ্রা ট্রাষ্টে
* আজি ২:১০ অনুপাতত স্প্লিট হয় কোষ্টেল কর্পৰেশ্যনৰ শ্বেয়াৰ
* মংগলম গ্ল’বেল কর্পৰেশ্যনৰ শ্বেয়াৰ আজি স্প্লিট হয় ১:২ অনুপাতত
* আজিও ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰত উপনীত হয় এবট ইণ্ডিয়া আৰু নাৰায়ণা হৃদয়ালয়
* ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰত উপনীত হয় একাধিক কোম্পানী । তাৰ ভিতৰত বাজাজ অটো, এমআৰএফ, এছিয়ান পেইন্টছ, হিৰো মটো কর্প, ডাবৰ ইণ্ডিয়া, আইডিএফচি ফাৰ্ষ্ট বেংক, হিন্দুস্তান ইউনিলিভাৰ, নেছলে, ব্রিটানিয়া, পিএনবি, ইজ মাই ট্রিপ উল্লেখযোগ্য ।

৪ মাৰ্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া ।

যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।