শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩ শতাংশতকৈও অধিক বৃদ্ধি নিফটিৰ মিডকেপ সূচক, ২.৮ শতাংশ বাঢ়িল স্মলকেপ!

প্ৰায় ২৮ দিনৰ পাছত পৰিৱেশ সলনি হ'ল ভাৰতীয় বজাৰৰ । ২৫০ পইন্ট বৃদ্ধি পালে নিফটি ফিফটি । আনহাতে ৭৪০ পইন্ট বৃদ্ধি পালে শ্বেয়াৰ বজাৰৰ আন এক মুখ্য সূচক ছেনছেক্স ।

৩ শতাংশতকৈও অধিক বৃদ্ধি নিফটিৰ মিডকেপ সূচক, ২.৮ শতাংশ বাঢ়িল স্মলকেপ!
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Updated On: 06 Mar 2025 10:28 AM

অৱশেষত আংশিক স্বস্তি । প্ৰচণ্ড গৰমৰ মাজত এজাক বৰষুণে মানুহক যিদৰে প্ৰশান্তি দিয়ে, আজি ঠিক তেনেদৰেই স্বস্তি পালে বিনিয়োগকাৰীসকলে । প্ৰায় ২৮ দিনৰ পাছত পৰিৱেশ সলনি হ’ল ভাৰতীয় বজাৰৰ । ২৫০ পইন্ট বৃদ্ধি পালে নিফটি ফিফটি । আনহাতে ৭৪০ পইন্ট বৃদ্ধি পালে শ্বেয়াৰ বজাৰৰ আন এক মুখ্য সূচক ছেনছেক্স ।

আজি দেশৰ শ্বেয়াৰ বজাৰৰ প্ৰায় সকলো সূচকেই ঊৰ্ধগামী হৈছে । ৩ শতাংশতকৈও অধিক বৃদ্ধি পাইছে নিফটি মিডকেপ ছিলেক্ট । ২.৫৪ শতাংশ বৃদ্ধি পায় নিফটি নেক্সট ফিফটি । ২.৮০ শতাংশ বৃদ্ধি পায় বিএছই স্মলকেপ সূচক । বজাৰৰ এই ঊৰ্ধগতিয়ে হাঁহি বিৰিঙাইছে বিনিয়োগকাৰীৰ মুখত ।

ভাৰতৰ বজাৰৰ আংশিক উত্থান হ’লেও কিন্তু বিনিয়োগকাৰীক নিৰাশ কৰা নাই চীন, জাপান বা জাৰ্মানীৰ দৰে বিদেশী ৰাষ্ট্ৰৰ বজাৰে । আজি চীনা সূচক হেংছেং, জাপানী সূচক নিক্কেই আৰু জাৰ্মানীৰ সূচক ডেক্সৰো উত্থান দেখা যায় ।

আজি কি কি বাঢ়িল:
বহুদিনৰ পিছত আজি ঊৰ্ধগামী হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰ । আজি উচ্চ চাৰ্কিটত স্পৰ্শ কৰে আৰিহান্ট কেপিটেল মাৰ্কেটছ আৰু মেন ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম । ইয়াৰ লগতে আজি বৃদ্ধি পাইছে কোৱাড্ৰেন্ট ফিউচাৰ টেক, হুতামাকি ইণ্ডিয়া আৰু ভাৰত ওৱায়াৰ ৰোপছৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সৰ্বোচ্চ ৯.৯৯ শতাংশ হ্ৰাস পালে জেনছোল ইঞ্জিনীয়াৰিঙৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও জিন্দাল ওৱৰ্ল্ডওৱাইড, আনন্দ ৰাঠি ৱেল্থ, শ্ৰী ৰামা নিউজপ্ৰিন্ট আৰু চুৰাটৱালা বিজনেছ গ্ৰুপৰ শ্বেয়াৰৰ দাম আজি হ্ৰাস পায় ।

বজাৰৰ টুকুৰা খবৰ:

* আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰে কোনাৰ্ক ছিন্থেটিকে
* আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰত স্পৰ্শ কৰে এবট ইণ্ডিয়া আৰু অবন্তি ফিডছে
* আনহাতে, আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰত উপনীত হয় একাধিক সংস্থা । ইয়াৰ ভিতৰত অন্যতম আনন্দ ৰাঠি ৱেল্থ, বাজাজ অটো, এছিয়ান পেইন্টছ, ছান টিভি নেটৱৰ্ক, এমআৰএফ আৰু নেছলে ইণ্ডিয়া

৫ মার্চত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া

যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ – যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । সেয়ে বিনিয়োগ সংক্ৰান্তীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।