একেৰাহে দুদিন ধৰি ভাৰতৰ বেঞ্চমাৰ্ক সূচকাংকৰ উত্থান, স্মলকেপ সূচকাংকও ঊৰ্ধগামী
আজি ক্ৰমে ২০৭ পইন্ট আৰু ৬০৯ পইন্ট বৃদ্ধি পায় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । চাওক শ্বেয়াৰ বজাৰৰ খবৰ ।

কালিৰে পৰা একেৰাহে দ্বিতীয় দিন, ঊৰ্ধগামী হৈছে ভাৰতীয় বজাৰৰ সকলো সূচক । আজি ক্ৰমে ২০৭ পইন্ট আৰু ৬০৯ পইন্ট বৃদ্ধি পায় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । আজি সৰ্বোচ্চ ১.৬৩ শতাংশ বাঢ়িল বিএছই স্মলকেপ সূচক । ১ শতাংশতকৈও অধিক বাঢ়িছে নিফটি নেক্সট ফিফটিৰ সূচক ।
আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ বাঢ়িছে কেপিটেল ট্ৰাষ্টৰ শ্বেয়াৰৰ মূল্য । উচ্চ চাৰ্কিট স্পৰ্শ কৰিছে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যই । ইয়াৰ উপৰিও বাঢ়িছে লেনকৰ হোল্ডিংছ, ছোমি কনভেয়ৰ, কিৰ্লোস্কাৰ ইলেক্ট্ৰিক আৰু কহিনুৰ ফুডছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি নিম্ন চাৰ্কিটত স্পৰ্শ কৰে জেনছোল ইঞ্জিনীয়াৰিঙে । ইয়াৰ উপৰিও ফুডছ এণ্ড ইনছ, বি এণ্ড বি ট্ৰিপলওৱাল কন্টেনাৰ্ছ, ডিআৰচি চিষ্টেমছ, ৰিলায়েন্স কমিউনিকেশ্যনৰ শ্বেয়াৰৰ দাম হ্ৰাস পায় ।
বজাৰৰ টুকুৰা খবৰ
* আজি ত্রৈমাসিক ফলাফল প্রকাশ পাইছে জেনেৰিক ইঞ্জিনীয়াৰিঙৰ
* ত্রৈমাসিক আৰু বার্ষিক ফলাফল প্রকাশ পাইছে হেক্সাওৱাৰ টেকন’ল’জীছৰ
* আজিও ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰে চম্বল ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ আৰু অবন্তি ফিডছে
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰে ছিগনেচাৰ গ্ল’বেল ইণ্ডিয়া লিমিটেডে
৬ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ – যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । সেয়ে বিনিয়োগ সংক্ৰান্তীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।