কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ উপহাৰ! কোনে লাভ কৰিব 'আয়ুষ্মান ভাৰত' বীমা আঁচনিৰ সুবিধা? কিদৰে কৰিব আবেদন? | 70 plus aged senior citizens get free ayushman bharat health insurance benefit Assam news - Assam Tv9

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ উপহাৰ! কোনে লাভ কৰিব ‘আয়ুষ্মান ভাৰত’ বীমা আঁচনিৰ সুবিধা? কিদৰে কৰিব আবেদন?

Updated On: 

12 Sep 2024 18:27 PM

Ayushman Bharat health insurance for senior citizens: এতিয়াৰ পৰা দেশৰ ৭০ বছৰৰ উৰ্ধ্বৰ প্ৰতিজন জ্যেষ্ঠ নাগৰিকে 'আয়ুষ্মান ভাৰত' স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰিব। বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত ।

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ উপহাৰ! কোনে লাভ কৰিব আয়ুষ্মান ভাৰত বীমা আঁচনিৰ সুবিধা? কিদৰে কৰিব আবেদন?

৭০ বছৰৰ উৰ্ধ্বৰ নাগৰিকে পাব 'আয়ুষ্মান ভাৰত'ৰ সুবিধা

Follow Us On

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জ্যেষ্ঠ লোকৰ বাবে এক বিশেষ সিদ্ধান্ত লোৱা হয়। এতিয়াৰ পৰা দেশৰ ৭০ বছৰৰ উৰ্ধ্বৰ প্ৰতিজন বৃদ্ধ ব্যক্তিয়ে ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা-আয়ুষ্মান ভাৰত’ৰ সুবিধা লাভ কৰিব। যিয়ে ধনী আৰু দৰিদ্ৰৰ মাজত কোনো বিভেদ নাৰাখে। সকলোকে ইয়াৰ পৰিধিৰ অধীনলৈ অনা হ’ব।

কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে তথ্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ই এক নতুন শ্ৰেণীত পৰিণত হ’ব। ইয়াৰ অধীনত ৭০ বছৰৰ উৰ্ধ্বৰ প্ৰতিজন বৃদ্ধ ব্যক্তিক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব।

কোনে লাভ কৰিব সুবিধা?

  • আঁচনিখনৰ লাভালাভৰ বিষয়ে বৰ্ণনা কৰি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ই ৭০ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এক সাৰ্বজনীন স্বাস্থ্য সংৰক্ষক হ’ব।
  • বৰ্তমান প্ৰায় ১২.৩ কোটি পৰিয়ালে আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিছে। বৃদ্ধসকলৰ বাবে আৰম্ভ কৰা সুবিধাৰ পৰা প্ৰায় ৪.৫ কোটি পৰিয়াল বা ৬ কোটি জ্যেষ্ঠ নাগৰিক উপকৃত হ’ব।
  • যিবোৰ পৰিয়াল ইতিমধ্যে আয়ুষ্মান ভাৰত আঁচনিৰ অংশ, যদি তেওঁলোকৰ পৰিয়ালৰ কোনো ব্যক্তিৰ বয়স বছৰৰ বেছি হয়, তেন্তে তেওঁলোকে প্ৰতি বছৰে ৫ লাখ টকালৈকে অতিৰিক্ত টপ-আপ লাভ কৰিব। এয়া অংশীদাৰী হেল্থ সুৰক্ষা হ’ব।
  • যিবোৰ পৰিয়াল বৰ্তমান আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অন্তৰ্ভুক্ত নহয়। তেওঁলোকৰ ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব আৰু তেওঁলোকে প্ৰতি বছৰৰ বাবে ৫ লাখ টকাৰ অংশীদাৰী আৱৰণ লাভ কৰিব।
  • আয়ুষ্মান ভাৰতৰৰ এই শ্ৰেণীত যদি ৭০ বছৰৰ উৰ্ধ্বৰ বয়সৰ দম্পতী থাকে, তেন্তে ৫ লাখ টকাৰ বীমা আৱৰণ দুয়োৰে বাবে এটাই হ’ব। মধ্যবিত্ত বা উচ্চ শ্ৰেণীৰ সকলোৱে এই সুবিধা লাভ কৰিব।
  • কেৱল এয়াই নহয়, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ (CGHS/SGHS)ৰ স্বাস্থ্য আঁচনি স্বাস্থ্য আঁচনি বা সেনাৰ স্বাস্থ্য আঁচনিৰ আওতালৈ অহা বৃদ্ধসকলক তেওঁলোকৰ পুৰণি আঁচনিৰ সৈতে থাকিবলৈ বা আয়ুষ্মান ভাৰতৰ অন্তৰ্ভুক্ত হোৱাৰ বিকল্প বাছনি কৰাৰ সুবিধা পাব। কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি (ESCI) বা ব্যক্তিগত স্বাস্থ্য বীমা থকা বৃদ্ধ লোকসকলেও আয়ুষ্মান ভাৰতত (ESCI) সুযোগ পাব।
  • লগতে সকলোৱে বিনামূলীয়াকৈ এই আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে চৰকাৰে সকলো বৃদ্ধক বীমা ল’বলৈ অনুৰোধ কৰিব আৰু ইয়াৰ আবেদনৰ প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ’ব।
    এই শ্ৰেণীৰ বাবে চৰকাৰে ৩,৪৩৭ কোটি টকাৰ প্ৰাৰম্ভিক ব্যৱস্থা কৰিছে।

কেনেদৰে আবেদন কৰিব?

  • যোগ্য আবেদনকাৰীসকলে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অফিচিয়েল ৱেবছাইট চাব পাৰে। য’ত তেওঁলোকে আঁচনিখনৰ অধীনত পঞ্জীয়ন কৰিবলৈ নতুন কাৰ্ড এখনৰ বাবে আবেদন কৰিব পাৰে।পঞ্জীয়ন হোৱাৰ পাছত তেওঁলোকে আয়ুষ্মান কাৰ্ড এখন লাভ কৰিব।
  • এই আঁচনিৰ সুবিধা পাবলৈ আয়ুষ্মান কাৰ্ডখনৰ প্ৰয়োজন হ’ব। যিখনে অন্যান্য স্বাস্থ্য বীমা কাৰ্ডৰ দৰে একে কাম কৰিব।
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version