ব্লেক মনডে’, বেঞ্চমাৰ্ক সূচকৰ মুখ থেকেচা, কোটি কোটি টকা হেৰুৱালে বিনিয়োগকাৰীয়ে
আজি এপ্ৰিলৰ ৭ তাৰিখ । ৭৪২ পইন্ট নামিল নিফটি ফিফটি । ২,২২৬ পইন্টল নামিছে ছেনছেক্স । আজি ৫৬৮ পইণ্ট হ্ৰাস পায় নিফ্টি মেটেল সূচক । শতাংশৰ হিচাপত সৰ্বাধিক ৬.৭৫ শতাংশ ।

ড’নাল্ড ট্রাম্পৰ পাৰস্পৰিক শুল্ক ঘোষণাৰ পাছৰ পৰাই নিম্নগামী হৈছে শ্বেয়াৰ বজাৰ । আমেৰিকাৰ পৰা আৰম্ভ কৰি চীন, ভাৰত আদি কোনো বজাৰেই বাদ পৰা নাই । আজি এপ্ৰিলৰ ৭ তাৰিখ । ৭৪২ পইন্ট নামিল নিফটি ফিফটি । ২,২২৬ পইন্টল নামিছে ছেনছেক্স ।
আজি ৫৬৮ পইণ্ট হ্ৰাস পায় নিফ্টি মেটেল সূচক । শতাংশৰ হিচাপত সৰ্বাধিক ৬.৭৫ শতাংশ । নিফটি স্মলকেপ হাণ্ড্ৰেড সূচক ৯১৫ পইণ্ট হ্ৰাস পাইছে । নিফটি নেক্সট ফিফটি হ্ৰাস পাইছে ১,৯২২ পইণ্ট । বিএছই স্মলকেপ সূচক ১৮৯২ পইণ্ট হ্ৰাস পাইছে ।
ইফালে আজি ১৩.২২ শতাংশ পৰিছে চীনা সূচক হেংছেং । ১.৮৩ শতাংশ নামিছে জাপানী সূচক নিক্কেই ২২৫ । ৫.৫৭ শতাংশ নামিছে দক্ষিণ কোৰিয়ান সূচক কছপি ।
আজি কি কি বাঢ়িল:
আজি বজাৰৰ পতনৰ দিনাও অৱশ্যে আপাৰ চাৰ্কিটত খুন্দা মাৰিছে টেছিল কেমিকেলছ এণ্ড হাইড্ৰ’ পাৱাৰে । ইয়াৰ উপৰিও বাঢ়িছে কেমফেব এলকালিছ, শ্ৰীঅসৱাল ছিডছ এণ্ড কেমিকেলছ, চিকিউৰক্লাউ টেকন’লজীছ, ভালিয়ান্ট লেৱৰেটৰীছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰে ছিমেন্স লিমিটেডে । ৪২.৫৩ শতাংশ নামিছে কোম্পানীটোৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও থেমিছ মেডিকেয়াৰ, খাণ্ডৱালা চিকিউৰিটিজ, ট্ৰেন্ট আৰু অনওৱাৰ্ড টেকন’লজীছৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ:
* আজি ত্ৰৈমাসিক আৰু বাৰ্ষিক ফলাফল প্ৰকাশ পাইছে টেলিকানোৰ গ্ল’বেলৰ
* কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ নকৰিলে
* আনহাতে আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰে কাপৰি গ্ল’বেল কেপিটেল, ছুপ্ৰিম ইণ্ডাষ্ট্ৰীজ, ডিএলএফ, প্ৰেষ্টিজ এষ্টেট প্ৰজেক্টছ, ইণ্ডিয়ামাৰ্ট ইণ্টাৰমেছ, স্নাইডাৰ ইলেক্ট্ৰিক, গোডৰেজ প্ৰপাৰ্টিজ, শোভা, টাটা টেকনল’জিছ, এআইএ ইঞ্জিনীয়াৰিং, পিভিআৰ আইনক্স, হিন্দুস্তান কপাৰ, টাটা এলেক্সি, দীপক নাইট্ৰিট, বসচ, হুণ্ডাই মটৰ্ছ ইণ্ডিয়া, হিন্দালকো, এমফেছিছ, এনএমডিচি ষ্টীল, এনএমডিছি ।
৭ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য ।
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সঠিক অধ্যয়ন আৰু গৱেষণা কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্য । TV9- অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদন- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা