শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

8th Pay Commission: কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ? কোনে কিমান সুবিধা পাব? সম্পূৰ্ণ বিৱৰণ জানক

অষ্টম দৰমহা আয়োগৰ অধীনত বৃদ্ধি পোৱা দৰমহাৰ সুবিধা লাভ কৰিব ৫০ লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰে। কেতিয়া কাৰ্যকৰী হ’ব এই ব্যৱস্থা? সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৫ চনৰ এপ্ৰিলৰ পৰা অষ্টম দৰমহা আয়োগৰ কাম-কাজ আৰম্ভ হ’ব আৰু ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰিব পৰা যাব।

8th Pay Commission: কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ? কোনে কিমান সুবিধা পাব? সম্পূৰ্ণ বিৱৰণ জানক
অষ্টম দৰমহা আয়োগ
trishna-kalita
Trishna Kalita | Published: 21 Mar 2025 10:24 AM

অষ্টম দৰমহা আয়োগৰ বাবে দ্ৰুতগতিত বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অপেক্ষা । কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ২০ৰ পৰা ৩০ শতাংশ বৃদ্ধি হ’ব পাৰে বুলি অনুমান কৰা হৈছে। কিন্তু মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে যে কোনটো পে লেভেলত দৰমহা কিমান হ’ব আৰু ফিটমেণ্ট ফেক্টৰ কি হ’ব, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানো আহক…

অষ্টম দৰমহা আয়োগৰ অধীনত বৃদ্ধি পোৱা দৰমহাৰ সুবিধা লাভ কৰিব ৫০ লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনােৰ। এয়া কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব? সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা অষ্টম দৰমহা আয়োগৰ কাম-কাজ আৰম্ভ হ’ব আৰু ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰিব পৰা যাব।

কিন্তু ইয়াৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে হ’ব। কিন্তু কমিচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ ১৮ মাহৰ সময় লাগে। এনে পৰিস্থিতিত ২০২৬ চনৰ ১ জানুৱাৰীৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা হ’ব নে নহয় সেয়া কোৱাটো অতি কঠিন। সাধাৰণতে চৰকাৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে নতুনকৈ পে কমিচন চলায়। এই বছৰত ২০২৬ চনৰ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’ব লাগে।

ফিটমেণ্ট ফেক্টৰ কি হ’ব?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা নিৰ্ণয় কৰাত ফিটমেণ্ট ফেক্টৰে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সপ্তম দৰমহা আয়োগত ২.৫৭ শতাংশ আছিল যাৰ বাবে নূন্যতম দৰমহা ৭ হাজাৰৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি পাইছিল। এতিয়া ফিটমেণ্ট ফ্যাক্টৰ সন্দৰ্ভত তিনিটা ভিন্ন অনুমানৰ বিষয়ে ৮ম পে কমিছনত আলোচনা কৰা হৈছে। ইয়াৰ ১.৯২, ২.০৮ আৰু ২.৮৬। যদি ফিটমেণ্ট ফেক্টৰ ২.৮৬ হয় তেন্তে নূন্যতম দৰমহা ১৮ হাজাৰ টকাৰ পৰা ৫১,৪৮০ টকালৈ বৃদ্ধি পাব পাৰে।

অষ্টম দৰমহা আয়োগত ডি এ অব্যাহত থাকিবনে?

প্ৰতিটো নতুন পে কমিচনত প্ৰথম অৱস্থাত ডিয়ৰনেছ ভাট্টা ৰিছেট কৰা হয়। বৰ্তমান ৭ম দৰমহা আয়োগত ডি এ ৫৩ শতাংশ, ইয়াক এতিয়াও ৩ শতাংশ বৃদ্ধি কৰা হোৱা নাই। ইয়াৰ পিছত জুলাই মাহতো ইয়াক আৰু এবাৰ সংশোধন কৰা হ’ব। কিন্তু ৮ম পে কমিছনত ইয়াক শূন্যলৈ ৰিছেট কৰা হ’ব।