8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! ইমানলৈ বৃদ্ধি পাব দৰমহা…
বৰ্তমানলৈকে ৮ম পে কমিছনত ফিটমেণ্ট ফেক্টৰ ১.৯২ লৈ বৃদ্ধি কৰাৰ বিষয়ে আলোচনা চলি আছে। ইয়াৰ স্পষ্ট অৰ্থ হ’ল কৰ্মচাৰীজনৰ বৰ্তমানৰ মৌলিক দৰমহাক ১.৯২ গুণ কৰি নতুন দৰমহাৰ ভিত্তি নিৰ্ধাৰণ কৰা হ’ব।

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ। কাৰণ ৮ম পে কমিছন কাৰ্যকৰী হোৱাৰ পিছত তেওঁলোকৰ দৰমহাত ডাঙৰ প্ৰভাৱ পৰিব। প্ৰতিটো পে কমিচনতে কেৱল দৰমহা বৃদ্ধিয়েই নহয় ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ডি এ, ফিটমেণ্ট ফেক্টৰ আৰু এইচ আৰ এৰ হাৰত পৰে যাৰ অৰ্থ হ’ল হাউচ ৰেণ্ট এলাৱেন্স। এনে পৰিস্থিতিত চৰকাৰে অষ্টম দৰমহা আয়োগত এইচ আৰ এৰ হাৰ সলনি কৰিব নেকি সেই বিষয়ে আলোচনাৰ বিষয় হৈ আহিছে।
উল্লেখ্য য়ে, প্ৰতিটো পে কমিচনৰ লগে লগে চৰকাৰে HRAৰ হাৰ সংশোধন কৰে। ষষ্ঠ দৰমহা আয়োগত HRAৰ হাৰ ৩০ শতাংশ (X চহৰ), ২০ শতাংশ (Y চহৰ) আৰু ১০ শতাংশ (Z চহৰ)লৈ সংশোধন কৰা হৈছিল। একে সময়তে সপ্তম দৰমহা আয়োগতো ইয়াক সংশোধন কৰা হৈছিল। সেই হাৰ আছিল প্ৰায় ২৪,১৬,৮ শতাংশ। কিন্তু ডি এ ৫০ শতাংশ পোৱাৰ লগে লগে HRA পুনৰ ৩০, ২০, ১০ শতাংশলৈ বৃদ্ধি কৰা হ’ল। অৰ্থাৎ HRAৰ হাৰ ডি এ আৰু বেচিক পেৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। গতিকে এইবাৰো চৰকাৰে মৌলিক দৰমহা আৰু ডি এ গাঁথনি অনুসৰি পুনৰবাৰ অষ্টম দৰমহা আয়োগত HRAৰ হাৰ পুনৰীক্ষণ কৰিব বুলি অনুমান কৰা হৈছে।
বৰ্তমানলৈকে ৮ম পে কমিছনত ফিটমেণ্ট ফেক্টৰ ১.৯২ লৈ বৃদ্ধি কৰাৰ বিষয়ে আলোচনা চলি আছে। ইয়াৰ স্পষ্ট অৰ্থ হ’ল কৰ্মচাৰীজনৰ বৰ্তমানৰ মৌলিক দৰমহাক ১.৯২ গুণ কৰি নতুন দৰমহাৰ ভিত্তি নিৰ্ধাৰণ কৰা হ’ব। উদাহৰণ দি ক’বলৈ গ’লে, যদি আপোনাৰ মৌলিক দৰমহা বৰ্তমান ৩০,০০০ টকা হয়, তেন্তে নতুন দৰমহা হ’ব ৩০,০০০ টকা × ১.৯২ = ৫৭,৬০০ টকা। এনে পৰিস্থিতিত HRAৰ হিচাপও নতুন বেচিক অনুসৰি কৰা হ’ব। যাৰ বাবে HRAৰ পৰিমাণ বৃদ্ধি পাব।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি HRAৰ হাৰ সলনি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবাৰেই নতুন পে কমিচন কাৰ্যকৰী হ’লে HRA বৃদ্ধি পায়। যাব বাবে এতিয়া চৰকাৰে HRAৰ হাৰ সলনি কৰিব পাৰে বুলি চৰ্চা চলিছে। ইয়াৰ ফলত কৰ্মচাৰীৰ হাতত ধন বৃদ্ধি হোৱাই নহয়, ডি এ ২৫ শতাংশ আৰু ৫০ শতাংশ হ’লে পুনৰীক্ষণৰ ব্যৱস্থা থাকিব।