শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RBI: এতিয়াও আপোনাৰ হাতত আছে নেকি ২০০০ টকীয়া নোট? RBIয়ে দিলে নতুন আপডেট

RBI: ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলনৰ পৰা আঁতৰোৱাৰ ২০০০ টকীয়া নোট সন্দৰ্ভত দিছে ডাঙৰ আপডেট। আৰ বি আইৰ মতে, ২০০০ টকীয়া নোটৰ ৯৮.১৫ শতাংশ এতিয়া বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে যদিও ৬,৫৭৭ কোটি টকাৰ নোট এতিয়াও জনসাধাৰণৰ হাতত আছে।

RBI: এতিয়াও আপোনাৰ হাতত আছে নেকি ২০০০ টকীয়া নোট? RBIয়ে দিলে নতুন আপডেট
এতিয়াও আপোনাৰ হাতত আছে নেকি ২০০০ টকীয়া নোট?
barasha-misra
Barasha Misra | Updated On: 04 Feb 2025 15:39 PM

২০২৩ চনৰ মে মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) প্ৰচলনৰ পৰা ২,০০০ টকাৰ নোট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। আৰবিআইয়ে ব্যক্তি বা প্ৰতিষ্ঠানসমূহক বেংক আৰু ডাকঘৰৰ জৰিয়তে এই ২,০০০ টকাৰ নোট জমা কৰিবলৈ কৈছিল। ৰিজাৰ্ভ বেংকে ঘোষণা কৰাৰ এক বছৰ আঠ মাহৰো অধিক সময় অতিবাহিত হৈছে। এতিয়াও ২,০০০ টকীয়া নোটৰ ব্যৱহাৰ হৈ আছে নেকি? যদি কাৰোবাৰ ওচৰত এতিয়াও ২,০০০ টকীয়া নোট আছে, তেন্তে কি কৰিব?

প্ৰচলনৰ পৰা আঁতৰোৱা ২০০০ টকীয়া নোট সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে দিছে গুৰুত্বপূৰ্ণ আপডেট। সোমবাৰে আৰ বি আইয়ে প্ৰকাশ কৰে যে, প্ৰচলনৰ পৰা আঁতৰোৱাৰ ২০০০ টকীয়া নোটৰ ৯৮.১৫ শতাংশ বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। কিন্তু এতিয়াও ৬৫৭৭ কোটি টকাৰ নোট ৰাইজৰ হাতত আছে।

কলকাতাকে ধৰি ১৯ টা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। কলকাতাৰ আৰবিআই কাৰ্যালয়তো ২,০০০ টকাৰ নোট সলনি কৰিব পাৰি। ইয়াৰ উপৰিও, নোটবোৰ ইণ্ডিয়া পোষ্টৰ জৰিয়তে যিকোনো ডাকঘৰত নিৰ্ধাৰিত আৰ.বি.আই. কাৰ্যালয়ত জমা কৰিব পাৰিব।

২০১৬ চনৰ 8 নৱেম্বৰত ৫০০ আৰু ১০০০ টকাৰ নোট বাতিল কৰা হৈছিল। সেই সময়ত, নোটৰ অভাৱ পূৰণ কৰিবলৈ বজাৰত ২,০০০ টকীয়া নোটৰ প্ৰৱৰ্তন কৰা হৈছিল। অন্যান্য নোট উপলব্ধ হোৱাৰ বাবে ২০১৮-১৯ বৰ্ষত ২,০০০ টকাৰ নোট ছপা বন্ধ কৰে। ২০২৩ চনৰ ১৯ মে’ত, আৰ.বি.আই.-য়ে প্ৰচলনৰ পৰা ২,০০০ টকাৰ নোট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। সেই সময়ত প্ৰচলিত ২,০০০ টকাৰ নোটৰ পৰিমাণ আছিল ৩.৫৬ লাখ কোটি টকা।