5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Aadhaar Card update: আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিলে নেকি? যদিহে কৰা নাই তেন্তে ১৪ ডিচেম্বৰৰ পূৰ্বে কৰক এই কাম

Aadhaar Card Update Deadline: আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ জাননী! আধাৰ আপডেটৰ বাবে নথি-পত্ৰ আপলোড কৰাৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে UIDAIয়ে। কেলেংকাৰী বন্ধ কৰিবলৈ UIDAIয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Aadhaar Card update: আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিলে নেকি? যদিহে কৰা নাই তেন্তে ১৪ ডিচেম্বৰৰ পূৰ্বে কৰক এই কাম
আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিলে নেকি?
barasha-misra
Barasha Misra | Updated On: 26 Nov 2024 14:23 PM

Aadhaar Card Update Last Date: পত্ৰৰ ভিতৰত আধাৰ কাৰ্ড যেন আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। এনে পৰিস্থিতিত সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজনীয় হৈ পৰে। এতিয়া ইয়াক আপডেট কৰিব লাগিব । চিম কাৰ্ড লোৱা, বেংক একাউণ্ট খোলা বা চৰকাৰী যিকোনো আঁচনিৰ বাবে আধাৰ কাৰ্ডহে প্ৰয়োজন হৈ পৰে। আধাৰ কাৰ্ড হৈছে এক গুৰুত্বপূৰ্ণ নথি যি ভাৰতৰ একক পৰিচয় কৰ্তৃপক্ষ অৰ্থাৎ ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা হয়। একে সময়তে যদি আপোনাৰ আধাৰ কাৰ্ড ১০ বছৰ পুৰণি তেন্তে আপুনি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। এই কথা ইতিমধ্যে ইউআইডিএআইয়ে কৈছে যে, এই আপডেটৰ শেষ তাৰিখ ১৪ ডিচেম্বৰ ২০২৪ অৰ্থাৎ এই তাৰিখৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। কেনেদৰে আপডেট কৰিব সম্পূৰ্ণ তথ্য জানক।

কোনে কোনে কৰিব লাগিব আধাৰ আপডেট

যদিহে আপুনিও আপোনাৰ আধাৰ কাৰ্ডখন ১০ বছৰ পুৰণি তেন্তে আপুনিও কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন নতুনকৈ আপডেট। প্ৰথমে এই কাৰ্ডৰ আপডেট সীমা ১৪ জুন ২০২৪ আছিল তাৰ পিছত ১৪ ছেপ্তেম্বৰ আৰু এতিয়া ১৪ ডিচেম্বৰলৈ বঢ়াই দিয়া হৈছে।

ক’ত কৰিব?

আধাৰ কাৰ্ডৰ বিনামূলীয়াকৈ আপডেট কৰিবলৈ UIDAIয়ে সুবিধা কৰি দিছে uidai.gov.in/en ৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আপুনি কৰিব পাৰে। ইয়াৰ শেষ তাৰিখ ১৪ ডিচেম্বৰ ২০২৪।

আধাৰ আপডেট কৰাৰ এই পদ্ধতি:-

  1. যদি আপোনাৰ আধাৰ কাৰ্ডখন ১০ বছৰ পুৰণি তেন্তে আপুনি ইয়াক আপডেট কৰিব লাগিব।
  2. বিনামূলীয়াকৈ আপডেট পাবলৈ আপুনি UIDAI ৰ uidai.gov.in/en ৰ অফিচিয়েল ৱেবছাইট চাব লাগিব।
  3. য’ত আপুনি ‘Update Aadhaar’ ৰ বিকল্প দেখিব য’ত আপুনি আপোনাৰ আধাৰ নম্বৰ দিব লাগিব।
  4. ইয়াৰ পিছত আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা OTP আহিব।
  5. এই OTP ইয়াত প্ৰৱেশ কৰি লগ ইন কৰিব লাগিব।
  6. এতিয়া আপুনি দস্তাবেজ আপডেইট বিকল্প বাছনি কৰিব লাগিব আৰু আপোনাৰ দস্তাবেজসমূহ পৰীক্ষা কৰিব লাগিব।
  7. ইয়াৰ পিছত আপুনি আপোনাৰ পৰিচয় পত্ৰ আৰু ঠিকনাৰ প্ৰমাণৰ স্কেন কৰা কপি ইয়াত আপডেট কৰিব লাগিব।
  8. আপুনি এইটো আপডেট কৰাৰ লগে লগে আপুনি জমা চাবমিট অপচনত ক্লিক কৰিব লাগিব।
  9. এতিয়া আপুনি আপোনাৰ ফৰ্ম জমা হোৱা দেখা পাব আৰু আপুনি এটা ৰিকুৱেষ্ট নম্বৰ দিব
  10. এই নম্বৰটো সুৰক্ষিত ৰাখক কাৰণ ই আপোনাক আপোনাৰ আধাৰ আপডেটৰ অৱস্থা পৰীক্ষা কৰিবলৈ সক্ষম কৰিব।

UIDAI কেন্দ্ৰলৈ গৈও কৰিব পাৰে কিছু আপডেট

আপুনি UIDAI কেন্দ্ৰলৈ গৈও আপডেট কৰিব পাৰে। যদি আপুনি DOB-ত কোনো সংশোধন কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি কেন্দ্ৰলৈ যাব লাগিব। কাৰণ এই পৰিৱৰ্তনবোৰ অনলাইনকৰিব নোৱাৰি। ইয়াৰ বাবে, নিকটতম কেন্দ্ৰলৈ যোৱাটো বাধ্যতামূলক।

 

Latest News