মিউচুৱেল ফাণ্ডৰ প্ৰতি অনীহা প্ৰকাশ বিনিয়োগকাৰীৰ, হ্ৰাস পাইছে বিনিয়োগৰ হাৰ…
এচ’চিয়েচন অৱ মিউচুৱেল ফাণ্ডছ ইন ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, মিউচুৱেল ফাণ্ডত বিনিয়োগৰ হাৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। কেৱল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে মিউচুৱেল ফাণ্ডত বিনিয়োগৰ হাৰ ২৬ শতাংশ হ্ৰাস পাইছে।

প্ৰতীকী ফটো
বৰ্তমান সময়ত প্ৰায় সংখ্য়ক লোকে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে । বহুতে ভাৱে যে, মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে কোনো বিপদাশংকা নাথাকে । আপুনি ৰাস্তাৰে খোজ কাঢ়ি যোৱা কোনো ব্যক্তিক ৰখাই যদি প্ৰশ্ন কৰে, কোটিপতি হোৱাৰ পথ কি? তেনে ক্ষেত্ৰত বেছিভাগ মানুহেই এই প্ৰশ্নৰ উত্তৰ দিব, “শ্বেয়াৰ বজাৰত বিনিয়োগ কৰক” । কিন্তু শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি কোটিপতি হোৱাটো সম্ভৱনে? বহুতে মিউচুৱেল ফাণ্ডক আকৌ ‘পাৰফেক্ট’ বুলি গণ্য কৰে । কাৰণ তেওঁলোকে ভাৱে যে ইয়াত ৰিস্ক কম, ৰিটাৰ্ণ বেছি।
এটা কথা বৰ্তমান সময়ত স্পষ্ট হৈছে যে, সাধাৰণ মানুহে বছৰ বছৰ ধৰি মিউচুৱেল ফাণ্ডৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰি আহিছে । কিন্তু মনকৰিবলগীয়া যে, এচ’চিয়েচন অৱ মিউচুৱেল ফাণ্ডছ ইন ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, মিউচুৱেল ফাণ্ডত বিনিয়োগৰ হাৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। কেৱল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে মিউচুৱেল ফাণ্ডত বিনিয়োগৰ হাৰ ২৬ শতাংশ হ্ৰাস পাইছে।
সেই প্ৰতিবেদন অনুসৰি, জানুৱাৰী মাহত ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ধনৰ পৰিমাণ আছিল ৩৯,৬৮৭ কোটি টকা। যিটো ফেব্ৰুৱাৰী মাহত ২৬ শতাংশ হ্ৰাস পাই ২৯ হাজাৰ কোটি টকা হয়। Debt Mutual Fund ৰ ক্ষেত্ৰতো একেই কথা। এই পুঁজিৰ পৰা বিগত এমাহত বিনিয়োগকাৰীয়ে উলিয়ালে ৬,৫২৫ কোটি টকা।
বিনিয়োগকাৰীসকলেও উচ্চ ৰিটাৰ্ণ প্ৰদান কৰা স্মল কেপ মিউচুৱেল ফাণ্ডৰ(Small Cap Mutual Fund) পৰা আঁতৰি আহিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, জানুৱাৰী মাহত এই ফাণ্ডত বিনিয়োগৰ মাত্ৰা আছিল ৫,৭২০ কোটি টকা। যিটো ফেব্ৰুৱাৰী মাহত ৩৫ শতাংশ হ্ৰাস পাই ৩৭২২ কোটি টকা হয়। মিড কেপ মিউচুৱেল ফাণ্ডত (Mid-Cap Mutual Fund) বিনিয়োগৰ হাৰ প্ৰায় ৩৪ শতাংশ হ্ৰাস পাইছে।