Advantage Assam 2.0 : প্ৰথম দিনটোত ৯০ হাজাৰ কোটিৰো অধিক মূল্যৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
বিনিয়োগ সন্মিলনৰ প্ৰথম দিনটোত ৯০ হাজাৰ কোটিৰো অধিক মূল্যৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ সামন্তৰালভাৱে এই পৰিসংখ্যা দুদিনীয়াকৈ আয়োজন কৰা এই বিনিয়োগ সন্মিলনৰ শেষৰ ফালে আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

২৫ ফেব্ৰুৱাৰী মঙলবাৰৰ পৰা আৰম্ভ হৈছে এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলন । এই বিনিয়োগ সন্মিলনৰ প্ৰথম দিনটোত ৯০ হাজাৰ কোটিৰো অধিক মূল্যৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ সামন্তৰালভাৱে এই পৰিসংখ্যা দুদিনীয়াকৈ আয়োজন কৰা এই বিনিয়োগ সন্মিলনৰ শেষৰ ফালে আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
সূত্ৰ খবৰ অনুসৰি, উত্তৰ-পূব ৰাজ্যখনত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া বুজাবুজি চুক্তিত কেইবাটাও শীৰ্ষ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত কোম্পানীয়ে স্বাক্ষৰ কৰাৰ বিপৰীতে বিদেশী সংস্থাৰ সৈতে অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই পৰ্যন্ত স্বাক্ষৰিত চুক্তিসমূহৰ ভিতৰত আছে টাটা পাৱাৰৰ সৈতে ৩০ হাজাৰ কোটি টকাৰ চুক্তি, জে এছ ডব্লিউ গ্ৰুপৰ সৈতে ৭ হাজাৰ কোটি টকাৰ এক চুক্তি, গ্ৰীণকো এনাৰ্জিজ প্ৰাইভেট লিমিটেডৰ সৈতে ৫,৮৫০ কোটি টকাৰ চুক্তিত স্বাক্ষৰ হৈছে ।
একেদৰে আদানী টোটেল গেছ লিমিটেডৰ সৈতে ৫ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি, এন বি ইনভেষ্টমেণ্ট চাৰ্ভিচেছ লিমিটেডৰ সৈতে ৩ হাজাৰ কোটি টকা আৰু এছাৰ গ্ৰুপৰ সৈতে ২১০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হয় বুলি জানিব পৰা গৈছে।
আজিৰ দিনটোত দিনটোত গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা চৰকাৰী উদ্যোগসমূহৰ ভিতৰত আছে OIL আৰু নুমলীগড় শোধনাগাৰ । OIL য়ে ২৩,৩০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে নুমলীগড় শোধনাগাৰে ১০,৭১১ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে । এতিয়ালৈকে ৩০ খনতকৈও অধিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে আৰু অহা কেইঘণ্টামানৰ ভিতৰত আৰু বহু বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
উল্লেখ্য যে, প্ৰথম দিনটোত ব্যক্তিগত কোম্পানীসমূহৰ সৈতে ৫৩ হাজাৰ কোটিতকৈ অধিক মূল্যৰ চুক্তি স্বাক্ষৰ হোৱাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ উদ্যোগে অসমত ৩৫ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে।