শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত ৩২০০ কোটি টকাৰ প্লাণ্ট স্থাপনৰ প্ৰস্তাৱ দিলে ষ্টাৰ চিমেণ্টে, চুক্তি স্বাক্ষৰ…

আজিৰ দিনটোত কেইবাটাও ডাঙৰ কোম্পানীয়ে বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে । ইয়াৰ এটা কোম্পানী হৈছে ষ্টাৰ চিমেণ্ট লিমিটেড । অসমত ৩২০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে ষ্টাৰ চিমেণ্ট লিমিটেডে ।

অসমত ৩২০০ কোটি টকাৰ প্লাণ্ট স্থাপনৰ প্ৰস্তাৱ দিলে ষ্টাৰ চিমেণ্টে, চুক্তি স্বাক্ষৰ…
এডভান্টেজ আছাম ২.০
manas-borah
Manas Borah | Published: 26 Feb 2025 14:15 PM

এডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলনৰ আজি দ্বিতীয়টো দিন । আজিৰ দিনটোত কেইবাটাও ডাঙৰ কোম্পানীয়ে বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে । ইয়াৰ এটা কোম্পানী হৈছে ষ্টাৰ চিমেণ্ট লিমিটেড । অসমত ৩২০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে ষ্টাৰ চিমেণ্ট লিমিটেডে । তথ্য অনুসৰি, অসমত ৩২০০ কোটি টকাৰ চিমেণ্ট ক্লিংকাৰ আৰু গ্ৰাইণ্ডিং প্লাণ্ট স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে কোম্পানীটোৱে।

এই সন্দৰ্ভত বুধবাৰে ৰাজ্য চৰকাৰ আৰু কোম্পানীটোৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও ১৫০০ কোটি টকাৰ হাইড্ৰজেন আৰু ষ্টিম উৎপাদন প্লাণ্ট স্থাপন কৰিবলৈ ইচ্ছুক মেথেছন হাইড্ৰজেন লিমিটেড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

গ্ল’বেল হেল্থ লিমিটেডৰ সৈতেও ৰাজ্য চৰকাৰে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বিপৰীতে আই টি ই এডুকেচন চাৰ্ভিচৰ সৈতেও দুখন অবিত্তীয় চুক্তি স্বাক্ষৰ কৰে। মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, তেওঁ কোম্পানীসমূহৰ সহায়ৰ বাবে কৃতজ্ঞ । ইয়াৰ লগতে আজিৰ দিনটোত আৰু অধিক চুক্তি স্বাক্ষৰিত হ’ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে ‘এডভান্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫’ৰ প্ৰথম দিনটোত ১৫ টা খণ্ডৰ কোম্পানীৰ সৈতে মুঠ ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।