Advantage Assam 2.0: ১ লাখ যুৱক-যুৱতীয়ে পাব কৰ্মসংস্থাপনৰ সুযোগ ! অসম-ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে
আগন্তুক ৩-৪ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে বেদান্তা গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই । আজি পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীকে বিনিয়োগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ।

অসম আৰু ত্ৰিপুৰাত আগন্তুক ৩-৪ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে বেদান্তা গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই । আজি পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীকে বিনিয়োগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে । ভাষণত তেওঁ ঘোষণা কৰে যে, আগন্তুক ৩-৪ বছৰত অসম আৰু ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে।
ইয়াত এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে, গ্ৰুপ ফাৰ্ম কেয়াৰ্ন অইল এণ্ড গেছে উত্তৰ-পূব অঞ্চলৰ দুখন ৰাজ্যত ইতিমধ্যে প্ৰায় ২৫০০ কোটি টকা বিনিয়োগ কৰিছে। “অসমত প্ৰচুৰ প্ৰাকৃতিক সম্পদ আছে আৰু বিশ্বৰ মেগা বেচিন হোৱাৰ সম্ভাৱনা আছে। আমি অসমৰ বহনক্ষম বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু।” এইদৰে কয় বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে ।
আগৰৱালাই কয় যে, কোম্পানীটোৱে অহা ৩-৪ বছৰত অসম আৰু ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয়, “এনে বিনিয়োগৰ দ্বাৰা আমি প্ৰতিদিনে ১,০০,০০০ বেৰেল তেল আৰু গেছ উৎপাদন কৰিম । যাৰ ফলত অঞ্চলটো এটা প্ৰধান হাইড্ৰ’কাৰ্বন হাব হৈ পৰিব।” ইয়াৰ দ্বাৰা ১ লাখ যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব বুলি উল্লেখ কৰে বেদান্তা গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই ।