ATMৰ পাছত এইবাৰ EPFO, ESICৰ গ্ৰাহকসকলে লাভ কৰিব E-wallet সুবিধা! কেনেদৰে কাম কৰিব এই ব্যৱস্থাই? জানক সবিশেষ…

কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (EPFO) আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ (ESIC) গ্ৰাহকসকলে শীঘ্ৰেই ই-ৱালেটৰ জৰিয়তে দাবী নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কেন্দ্ৰীয় শ্ৰম সচিব সুমিতা দাওৰাই এই ব্যৱস্থাই কেনেদৰে কাম কৰিব সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছে।

ATMৰ পাছত এইবাৰ EPFO, ESICৰ গ্ৰাহকসকলে লাভ কৰিব E-wallet সুবিধা! কেনেদৰে কাম কৰিব এই ব্যৱস্থাই? জানক সবিশেষ...

E-wallet সুবিধা লাভ কৰিব EPFO, ESICৰ গ্ৰাহকসকলে!

Published: 

19 Dec 2024 12:03 PM

কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (EPFO) আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ (ESIC) গ্ৰাহকসকলৰ বাবে আন এটা ভাল খবৰ। শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ সচিব সুমিতা দাওৰাই বুধবাৰে কয় যে, শীঘ্ৰেই কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (EPFO) আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ (ESIC) গ্ৰাহকসকলে ই-ৱালেটৰ (E-wallet) জৰিয়তে তেওঁলোকৰ দাবী নিষ্পত্তি কৰিবলৈ সক্ষম হ’ব। PTIৰ ৰিপৰ্ট অনুসৰি সুমিতা দাওৰাই কয়, “যিসকলে এই আঁচনিসমূহৰ অধীনত ধন জমা কৰিছে তেওঁলোকে কেনেকৈ তেওঁলোকৰ ধন উলিয়াব সেয়া যথেষ্ট আগ্ৰহৰ বিষয় হৈ পৰিছে। অটো চেটেলমেণ্টৰ ক্ষেত্ৰত ধন বেংক একাউণ্টলৈ যায়। যি ধন সেই বেংক একাউণ্টৰ পৰা যিকোনো এটিএমৰ যোগেদি উলিয়াব পাৰে।

সুমিতা দাওৰাই পিটিআইক কয় যে, এতিয়া আন এটা প্ৰক্ৰিয়াৰ ওপৰত কাম চলি আছে। ইয়াৰ অধীনত, দাবী কৰা ধন পৰিমাণ এতিয়া পোনপটীয়াকৈ ৱালেটলৈ যাব। ইয়াৰ বাবে এটা প্ৰণালী তৈয়াৰ কৰা হৈছে। বৰ্তমান, এই প্ৰণালীক লৈ বেংকাৰসকলৰ সৈতে আলোচনা চলি আছে। ইয়াৰ লগতে, ইয়াক কেনেদৰে এক ব্যৱহাৰিক ৰূপ দিব লাগে তাৰো পৰিকল্পনা কৰা হৈছে।” এক পৰ্যটন শিখৰ সন্মিলনৰ সময়ত ভাষণ দি তেওঁ কয়, “ইয়াৰ বাবে আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে যোগাযোগ কৰি আছো। অতি সোনকালেই আমাৰ ওচৰত এনে এটা পৰিকল্পনা থাকিব যাৰ দ্বাৰা এই প্ৰণালীক ব্যৱহাৰিকভাৱে ৰূপায়ণ কৰিব পাৰি।

যোৱা সপ্তাহত, দাওৰাই কৈছিল যে শ্ৰম মন্ত্ৰালয়ে কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (ইপিএফঅ’) গ্ৰাহকসকলৰ বাবে এটিএমৰ পৰা দাবীৰ পৰিমাণ উলিওৱাৰ সুবিধাৰ বাবে ডেবিট কাৰ্ডসদৃশ সুবিধা বিকশিত কৰাৰ প্ৰক্ৰিয়া চলি আছে। এই প্ৰণালীটো অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ’ব। সুমিতা দাওৰাই এক বিবৃতিযোগে কৈছিল যে শ্ৰম মন্ত্ৰালয়ে ভাৰতীয় শ্ৰমিকসকলক উন্নত সুবিধা আৰু সেৱা প্ৰদান কৰিবলৈ তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ইয়াৰ উপৰিও, বৰ্তমান প্ৰণালীৰ বহুতো অপ্ৰয়োজনীয় প্ৰক্ৰিয়া আঁতৰাবলৈ প্ৰস্তুতি চলাই থকা হৈছে।

এই সুবিধাবোৰে কেনেদৰে কাম কৰিব?

দাওৰাৰ মতে, এডভান্স আইটি ইনফ্ৰা ( Advance IT Infra) প্ৰস্তুত কৰা হৈছে। যেতিয়া ই সাজু হ’ব, ইয়াক বেংকি প্ৰণালীৰ সৈতে সংযুক্ত কৰা হ’ব। তেওঁ কয়, “আমাৰ লক্ষ্য হৈছে EPFOৰ IT Infraক আমাৰ বেংকিং ব্যৱস্থাৰ সমতুল্য কৰা। তেওঁ জোৰ দি কয় যে IT Infraৰ অগ্ৰগতিৰ লগে লগে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা দাবীৰ নিষ্পত্তি প্ৰক্ৰিয়া দ্ৰুত হ’ব।

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...