ৰতন টাটাৰ বিশাল ‘ব্যৱাসায়িক সাম্ৰাজ্য’ৰ উত্তৰসূৰী কোন এই নোৱেল টাটা… | After Ratan Tata demise Noel Tata appointed as new chairman of TATA trust Assam news - Assam Tv9

ৰতন টাটাৰ বিশাল ‘ব্যৱাসায়িক সাম্ৰাজ্য’ৰ উত্তৰসূৰী কোন এই নোৱেল টাটা…

ৰতন টাটাৰ মৃত্যুৰ পিছত তেওঁৰ এই বিশাল ব্যৱসায়িক ক্ষেত্ৰখনৰ উত্তৰাধিকাৰী কোন হ’ব, সেই সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে এতিয়া অন্ত পৰিছে এই চৰ্চাৰ। ৰতন টাটাৰ ভাতৃ নোৱেল টাটাক সৰ্বসন্মতিক্ৰমে টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ৰতন টাটাৰ বিশাল ‘ব্যৱাসায়িক সাম্ৰাজ্য’ৰ উত্তৰসূৰী কোন এই নোৱেল টাটা…

টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হ’ব নোৱেল টাটা

Published: 

11 Oct 2024 15:45 PM

বুধবাৰে নিশা মৃত্যু হয় দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ। বৃ্হস্পতিবাৰে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। ৰতন টাটাৰ মৃত্যুৰ পিছত তেওঁৰ এই বিশাল ব্যৱসায়িক ক্ষেত্ৰখনৰ উত্তৰাধিকাৰী কোন হ’ব, সেই সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে এতিয়া অন্ত পৰিছে এই চৰ্চাৰ। ৰতন টাটাৰ ভাতৃ নোৱেল টাটাক সৰ্বসন্মতিক্ৰমে টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ইতিপূৰ্বৰে পৰা টাটা ট্ৰাষ্টৰ ট্ৰাষ্টী হিচাপে থকা নোৱেল টাটাই এতিয়া ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে দায়িত্ব বহন কৰিব।

যোৱা ৪০ বছৰ ধৰি টাটা ট্ৰাষ্টৰ সৈতে জড়িত হৈ আছে নোৱেল টাটা। বৰ্তমান নোৱেল টাটা ইণ্টাৰনেচনেল, ভল্টাছ আৰু টাটা ইনভেষ্টমেণ্ট কৰ্প’ৰেশ্যনৰ অধ্যক্ষ আৰু টাটা ষ্টীল এণ্ড টাইটান কোম্পানী লিমিটেডৰ ভাইচ চেয়াৰমেন হিচাপে দায়িত্ব পালন কৰি আছে নোৱেল টাটাই। ইয়াৰ উপৰিও তেওঁ ছাৰ ৰতন টাটা ট্ৰাষ্ট আৰু ছাৰ দোৰাবজী টাটা ট্ৰাষ্টৰ সদস্য হিচাপেও দায়িত্বত আছে।

ৰতন টাটাৰ মৃত্যুৰ পিছত আজি মুম্বাইত অনুষ্ঠিত ছাৰ ৰতন টাটা ট্ৰাষ্ট আৰু ছাৰ ডোৰাবজী টাটা ট্ৰাষ্টৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে নোৱেল টাটাক সৰ্বসন্মতিক্ৰমে টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে লোৱাৰ সিদ্ধান্ত লোৱা হয়। ট্ৰাষ্টৰ সিদ্ধান্তৰ পিছত এতিয়া নোৱেলে তেওঁৰ তিনি সন্তান নেৱেল, মায়া আৰু লিয়া টাটায়ো বিশ্বৰ ১০০খনতকৈও অধিক দেশত বিয়পি থকা টাটা গ্ৰুপৰ ব্যৱসায় চম্ভালিব।

নোৱেল টাটাৰ দৰে তেওঁৰ তিনি সন্তানো বৰ্তমান টাটা গ্ৰুপত বিভিন্ন দায়িত্ব পালন কৰি আছে। উল্লেখ্য যে টাটা গ্ৰুপৰ এটা দাতব্য প্ৰতিষ্ঠান গোট হৈছে টাটা ট্ৰাষ্ট। টাটা ট্ৰাষ্টে টাটা গ্ৰুপৰ ৬৬% অংশীদাৰিত্ব লাভ কৰিছে আৰু ট্ৰাষ্টৰ ৰাজহ হৈছে ১৩ লাখ কোটি টকা। এই টাটা ট্ৰাষ্টৰ অধীনস্থ ছাৰ দোৰাবজী টাটা ট্ৰাষ্ট আৰু ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ওচৰত টাটা চন্সৰ ৫২% অংশীদাৰিত্ব আছে।

টাটা ট্ৰাষ্টৰ উত্তৰাধিকাৰী নোৱেল টাটাৰ তিনিও সন্তানে সংবাদ মাধ্যমৰ লাইমলাইটৰ পৰা আঁতৰি থকা দেখা যায়। ৰতন টাটাৰ মেণ্টৰশ্বিপত নোৱেল টাটাৰ এই তিনিও সন্তানে সমগ্ৰ বিশ্বতে বিয়পি থকা টাটাৰ কোটি কোটি টকাৰ ব্যৱসায় চম্ভালিব পৰাকৈ প্ৰয়োজনীয় সকলোবোৰ কৌশল আহৰণ কৰিছে। নোৱেল টাটাৰ জ্যেষ্ঠ কন্যা লিয়া টাটাই হোটেল উদ্যোগৰ ব্যৱসায় চম্ভালি আছে।

লিয়া টাটাই তাজ হোটেল ৰিজৰ্টছ এণ্ড পেলেচত এচিষ্টেণ্ট চেল্চ মেনেজাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। লিয়া টাটাৰ কনিষ্ঠ ভগ্নী মায়া টাটাই ৰতন টাটাৰ নিৰ্দেশনাত টাটা অপাৰচুনিটিজ ফাণ্ডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম