Air India Express: বিমানযোগে যাত্ৰা কৰিব বিচাৰে নেকি? মাত্ৰ ১৪৪৪ টকাত লাভ কৰিব টিকট, কেনেকৈ জানক…
Air India Express: যদি আপনাৰ বিমানেৰে যাত্ৰা কৰাৰ ইচ্ছা আছে কিন্তু বাজেট মিলাব পৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো বিমানত যাত্ৰা কৰাৰ বাবে আপুনি দিব নালাগে অধিক ভাড়া। মাত্ৰ ১৪৪৪ টকাতে লাভ কৰিব সকলো সুবিধা।
যদি আপুনি বিমানেৰে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে আৰু সেই অনুসৰি বাজেট মিলি অহা নাই তেন্তে এই খবৰে কিছু সকাহ দিব আপোনাক। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গ্ৰাহকৰ বাবে এনে এক অফাৰ লৈ আনিছে যাৰ ফলত আপোনাৰ দৰে বহুতৰ বিমানত উঠাৰ সপোন পূৰণ হ’ব। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আৰম্ভ কৰিছে ‘ফ্লেছ চেল’। ইয়াত আপুনি অতি কম ভাড়াত বিমানেৰে যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব। ফ্লেছ চেলৰ অধীনত বিমানৰ ভাড়া ১৪৪৪ টকাৰ পৰা আৰম্ভ হ’ব। যদি আপুনি কেতিয়াও বিমানেৰে যাত্ৰা কৰা নাই তেন্তে এই অফাৰৰ সুবিধা ল’ব পাৰে।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিশেষ অফাৰ
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে যাত্ৰীসকলৰ বাবে ফ্লেছ চেলত বিশেশ অফাৰ আগবঢ়াইছে। ইয়াত বিমান যাত্ৰাৰ ন্যূনতম ভাড়া ১৪৪৪ টকাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে এক্সপ্ৰেছ ভেলু ভাড়াৰ আৰম্ভণিৰ মূল্য ১৫৯৯ টকা। অৱশ্যে এই অফাৰ আপুনি বেছি দিন লাভ নকৰিব। ২০১৪ চনৰ ১৩ নৱেম্বৰলৈ আছে এই বিশেষ অফাৰ। ইয়াৰ পূৰ্বে বিমানৰ টিকট বুকিং কৰিলে আপুনি সস্তাত লাভ কৰিব টিকট।
অফাৰৰ বিষয়ে
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আপোনাৰ বাবে এই বিশেষ সস্তা বিমান সেৱা আগবঢ়াইছে। যদি আপুনি ‘ফ্লেছ চেল’ৰ সুবিধা লৈ বিমানযোগে যাত্ৰা কৰিব বিচাৰে, তেন্তে ২০২৪ চনৰ ১৩ নৱেম্বৰলৈকে বুকিং কৰিব পাৰিব। এই সময়ছোৱাত আপুনি ২০২৪ চনৰ ১৯ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত বিমানযোগে যাত্ৰা কৰিবলৈ বিমানৰ টিকট বুকিং কৰিব পাৰিব।
এক্সপ্ৰেছ লাইট আৰু এক্সপ্ৰেছ বিজৰ ভাড়া
এক্সপ্ৰেছ লাইট ভাড়া: এই বিমানৰ মূল্য ১৪৪৪ টকাৰ পৰা আৰম্ভ হয় লগতে ইয়াত আপুনি ৩ কেজি ওজনৰ বেগ বিনামূলীয়াকৈ নিব পাৰে। এই বিশেষ অফাৰ সেইসকলৰ বাবে যিসকলে নিজৰ বিমান যাত্ৰা ইকনমিক ক্লাছত কৰিব বিচাৰে।
এক্সপ্ৰেছ বিজনেছ ফেয়াৰঃ যদি আপুনি বিজনেছ ক্লাছৰ বিলাসীতা অনুভৱ কৰিব বিচাৰে তেন্তে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ২৫ শতাংশ ৰেহাই দিছে।গতিকে বিজনেছ ক্লাছত ভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে এয়া সুবৰ্ণ সুযোগ।
লগ ইন কৰা সদস্যৰ বাবে মাচুল শূন্য। ইয়াৰ লগতে বিশ্বাসযোগ্য গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰ আছে যাৰ অধীনত তেওঁলোকে ‘গৌৰমেয়াৰ’ খাদ্য, আসন আৰু এক্সপ্ৰেছ এহেড সেৱাত ২৫ শতাংশ ৰেহাই লাভ কৰিব। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক, চিকিৎসক, নাৰ্ছ আৰু সশস্ত্ৰ বাহিনীৰ বাবেও বিশেষ ৰেহাইমূলক ভাড়াৰ ব্যৱস্থা কৰিছে।
গতিকে এই অফাৰৰ জৰিয়তে এই শ্ৰেণীৰ লোকসকলে আৰু অধিক সস্তীয়া ভাড়াত বিমানযোগে ভ্ৰমণ কৰিব পাৰে। যদি আপুনি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ‘ফ্লেচ চেল’ৰ অধীনত বিমান বুকিং কৰিব বিচাৰে তেন্তে এই লিংকটোত ক্লিক কৰক – লিংকটো।