Air India-Vistara Merge : আজিয়ে শেষ যাত্ৰা ভিষ্টাৰাৰ ! কাইলৈ পৰা বিমান সংস্থাটোৱে লাভ কৰিব নতুন পৰিচয়…

আজি শেষ যাত্ৰা কৰিব ভিষ্টাৰাই । অহা ১২ নৱেম্বৰৰ পৰা ভিষ্টাৰা বিমান সেৱা পৰিচালনা কৰিব এয়াৰ এণ্ডিয়াই । এই বিমান সংস্থাটোক এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰিকৰণ কৰা হৈছে । এই একত্ৰীকৰণৰ পিছতে এয়াৰ ইণ্ডিয়া অধীনত ভিষ্টাৰাৰ ৬৫০০ গৰাকী কৰ্মচাৰী, ৭০ খন বিমান আৰু ইয়াৰ সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ’ব।

Air India-Vistara Merge : আজিয়ে শেষ যাত্ৰা ভিষ্টাৰাৰ ! কাইলৈ পৰা বিমান সংস্থাটোৱে লাভ কৰিব নতুন পৰিচয়...

ভিষ্টাৰা বিমান

Updated On: 

11 Nov 2024 11:31 AM

আজিৰ পৰা অন্তি পৰিব ভিষ্টাৰাৰ যাত্ৰা । কিয়নো ইতিমধ্যে এই বিমান সংস্থাটোক এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰিকৰণ কৰা হৈছে । এই একত্ৰীকৰণৰ পিছতে এয়াৰ ইণ্ডিয়া অধীনত ভিষ্টাৰাৰ ৬৫০০ গৰাকী কৰ্মচাৰী, ৭০ খন বিমান আৰু ইয়াৰ সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ’ব। এই বিমান কোম্পানীটোৱে ২০১৩ চনত টাটা চনছ আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ যৌথ উদ্যোগত সেৱা আৰম্ভ কৰিছিল ।

ভিষ্টাৰা এয়াৰলাইন্সে ২০১৫ চনৰ ৫ জানুৱাৰীত দিল্লীৰ পৰা মুম্বাইলৈ প্ৰথমখন ঘৰুৱা বিমান সেৱা আৰম্ভ কৰিছিল । ২০১৯ চনৰ ৬ আগষ্টত দিল্লীৰ পৰা ছিংগাপুৰলৈ বিমানযোগে ভিষ্টাৰাই আন্তঃৰাষ্ট্ৰীয় সেৱা আৰম্ভ কৰে। এই বিমান সংস্থাটোৱে প্ৰায় ৩৫০খন বিমানেৰে প্ৰতিদিনে ৫০ হাজাৰৰো অধিক যাত্ৰীক সেৱা আগবঢ়াইছিল। কিন্তু, ২০২২ চনত এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰীকৰণৰ ঘোষণাৰ পিছত এতিয়া ১২ নৱেম্বৰৰ পৰা এয়াৰ ইণ্ডিয়াই ভিষ্টাৰা পৰিচালনা কৰিব।

ভিষ্টাৰাই একত্ৰীকৰণৰ পিছত সম্ভাৱ্য যাত্ৰীৰ সমস্যা হ্ৰাস কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। টিকট আপডেট কৰা হৈছে আৰু কিছুদিনৰ বাবে ভিষ্টাৰাৰ নামত টিকট ক্ৰয় কৰা যাত্ৰীসকলে এআই-২ ক’ডৰ সৈতে বৰ্ডিং পাছ লাভ কৰিব । কিন্তু তেওঁলোকৰ সকলো বিমান এয়াৰ ইণ্ডিয়াৰ অধীনত চলিব। বিশেষকৈ দিল্লী, মুম্বাই, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই আৰু অন্যান্য প্ৰধান বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীয়ে যাত্ৰীসকলক সহায় কৰিব, যাতে যাত্ৰীসকলে পুনৰ সময়সূচী নিৰ্ধাৰণ, বিমান পলম আদি সমস্যাৰ সন্মুখীন হ’ব নালাগে।

ভিষ্টাৰা বিমানৰ ল’গ’ও ক্ৰমান্বয়ে এয়াৰ ইণ্ডিয়াৰ ল’গ’লৈ সলনি কৰা হ’ব বুলি জানিব পৰা গৈছে । অহা ১২ নৱেম্বৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ অধীনত ভিষ্টাৰাৰ এয়াৰক্ৰাফ্ট ক’ড থাকিব আৰু ক্ৰমান্বয়ে ভিষ্টাৰা ব্ৰেণ্ড নাইকিয়া হোৱাৰ সম্ভাৱনা আছে । একত্ৰীকৰণৰ পিছত এয়াৰ ইণ্ডিয়াৰ কাউণ্টাৰৰ পৰা ভিষ্টাৰা যাত্ৰীসকলে সেৱা লাভ কৰিব।

NASAৰ মহাকাশচাৰীসকলে কিমান দৰমহা লাভ কৰে?
ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...