ব্যয়বহুল হ’ব নেকি বিমান যাত্ৰা? বিমান ইন্ধনৰ লগতে বৃদ্ধি হ’ল বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম

এটা মাহত একেৰাহে দ্বিতীয়বাৰলৈ বৃদ্ধি হ'ল বিমান ইন্ধন দাম । ১ জুলাইত এটিএফৰ দাম ১.২ শতাংশ ( প্ৰতি কিলোলিটাৰত ১,১৭৯.৩৭ টকা) বৃদ্ধি কৰা হৈছিল। ইয়াৰ আগতে ১ জুনত ৬.৫ শতাংশ (প্ৰতি কিলোলিটাৰত ৬,৬৭৩.৮৭ টকা) হ্ৰাস কৰা হৈছিল। এইবাৰ কিমান দাম বৃদ্ধি কৰা হৈছে জানো আহক।

ব্যয়বহুল হব নেকি বিমান যাত্ৰা? বিমান ইন্ধনৰ লগতে বৃদ্ধি হল বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম

পৃথিৱীৰ আটাইতকৈ বেয়া বিমান সংস্থা হৈছে Indigo!

Published: 

01 Aug 2024 15:25 PM

আন্তৰ্জাতিক তেলৰ দামৰ প্ৰতি লক্ষ্য ৰাখি মাহিলী সংশোধনত ১ আগষ্টত বিমান টাৰ্বাইন ইন্ধনৰ (ATF) দাম দুই শতাংশ বৃদ্ধি কৰা হৈছে। লগতে হোটেল আৰু ৰেষ্টুৰেণ্টত ব্যৱহৃত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম প্ৰতিটো চিলিণ্ডাৰত ৬.৫ টকা বৃদ্ধি কৰা হৈছে। চৰকাৰী ইন্ধন খুচুৰা বিক্ৰেতাসকলৰ দাম অধিসূচনা অনুসৰি দিল্লীত এভিয়েচন টাৰ্বাইন ফুৱেলৰ (এটিএফ) দাম প্ৰতি কিলোলিটাৰত ১,৮২৭.৩৪ টকা বা ১.৯ শতাংশ বৃদ্ধি কৰি প্ৰতি কেএলত ৯৭,৯৭৫.৭২ টকা কৰা হৈছিল।

বিমান ইন্ধনৰ ক্ষেত্ৰত এইটো একেৰাহে দ্বিতীয়বাৰলৈ মাহিলী দামবৃদ্ধি। ১ জুলাইত এটিএফৰ দাম ১.২ শতাংশ ( প্ৰতি কিলোলিটাৰত ১,১৭৯.৩৭ টকা) বৃদ্ধি কৰা হৈছিল। ইয়াৰ আগতে ১ জুনত ৬.৫ শতাংশ (প্ৰতি কিলোলিটাৰত ৬,৬৭৩.৮৭ টকা) হ্ৰাস কৰা হৈছিল। মুম্বাইত বৃহস্পতিবাৰে বিমানৰ ইন্ধনৰ দাম প্ৰতি কিলোলিটাৰত ৮৯,৯০৮,৩১ টকাৰ পৰা ৯১,৬৫০.৩৪ টকালৈ বৃদ্ধি কৰা হৈছে। স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য ভেদে দাম পৃথক হ’ব।একে সময়তে বাণিজ্যিক গেছৰ দাম প্ৰতি ১৯ কিলোগ্ৰাম চিলিণ্ডাৰত ৬.৫ টকাকৈ বৃদ্ধি কৰি ১,৬৫২.৫০ টকা কৰা হৈছে।

ইণ্ডিয়ান অইল কৰ্প (আইঅ’চি), ইণ্ডিয়া পেট্ৰ’লিয়াম কৰ্প লিমিটেড (বিপিচিএল) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প লিমিটেড (এইচপিচিএল)য়ে প্ৰত্যেক মাহৰ ১ তাৰিখে আন্তৰ্জাতিক ইন্ধন আৰু বৈদেশিক মুদ্ৰাৰ হাৰৰ গড় দামৰ আধাৰত বিমান ইন্ধন আৰু এলপিজিৰ দাম সংশোধন কৰে। বহুবাৰ দাম বৃদ্ধি কৰা হয়, কেতিয়াবা দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰা দেখা যায়।

যদি এটিএফৰ দামবৃদ্ধি হয় এয়াৰলাইনবোৰে তেওঁলোকৰ লাভ আদায়ৰ বাবে টিকটৰ দাম বৃদ্ধি কৰে আৰু ইয়ে বিমান ভ্ৰমণ ব্যয়বহুল কৰি তোলে। ভাল কথাটো হ’ল যে পেট্ৰ’ল আৰু ডিজেলৰ দাম এতিয়াও স্থিৰ হৈ আছে। মাৰ্চৰ মাজভাগত প্ৰতি লিটাৰত দাম ২ টকা হ্ৰাস কৰা হৈছিল। বৰ্তমান দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৯৪.৭২ টকা আৰু ডিজেল ৮৭.৬২ টকাত উপলব্ধ।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ