BSNLৰ সৰ্ববৃহৎ পৰিকল্পনা, বন্ধ হৈ পৰিব Airtel, Jio আৰু VI!
প্ৰায় ১৮ বছৰৰ পাছত পিএছইউক লাভজনক কৰি তোলাৰ বাবে বিএছএনএলৰ টীমক প্ৰশংসা কৰে মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। ২০২৪ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত কোম্পানীটোৱে ২৬২ কোটি টকাৰ নিকা লাভৰ ৰিপৰ্ট দিছিল। তেওঁ সমগ্ৰ টীমটোক এই গতি অব্যাহত ৰাখিবলৈ আৰু দীৰ্ঘম্যাদী সফলতাৰ বাবে গ্ৰাহক যোগ কৰাত মনোনিৱেশ কৰিবলৈ কয়।

ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী BSNL ক চলিত বিত্তীয় বৰ্ষৰ বাবে চাৰ্কল লেভেলৰ গ্ৰাহক বৃদ্ধি আৰু ব্যৱসায়িক পৰিকল্পনা দাখিল কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিযোগে দিয়া হৈছে এই তথ্য। মন্ত্ৰীগৰাকীয়ে BSNLৰ ২৭গৰাকী মুখ্য সাধাৰণ প্ৰবন্ধক (চিজিএম) আৰু উচ্চপদস্থ বিষয়াক সাক্ষাৎ কৰি প্ৰতিমাহে বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।
বিবৃতিটোত কোৱা হৈছে যে, মন্ত্ৰী সিন্ধিয়াই দলটোক প্ৰতিমাহে বৈঠকত মিলিত হ’বলৈ আৰু উত্তম পদ্ধতি আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিবলৈ নিৰ্দেশ দিছে। লগতে বিভিন্ন খণ্ডৰ প্ৰত্যাহ্বানসমূহ যৌথভাৱে সমাধান কৰিবলৈও তেওঁ দলটোক কৈছে। সিন্ধিয়াই প্ৰতিটো চাৰ্কলৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে গ্ৰাহক বৃদ্ধিৰ পৰিকল্পনা আৰু ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কয়।
প্ৰায় ১৮ বছৰৰ পাছত পিএছইউক লাভজনক কৰি তোলাৰ বাবে বিএছএনএলৰ টীমক প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে। ২০২৪ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত কোম্পানীটোৱে ২৬২ কোটি টকাৰ নিকা লাভৰ ৰিপৰ্ট দিছিল। তেওঁ সমগ্ৰ টীমটোক এই গতি অব্যাহত ৰাখিবলৈ আৰু দীৰ্ঘম্যাদী সফলতাৰ বাবে গ্ৰাহক যোগ কৰাত মনোনিৱেশ কৰিবলৈ কয়। বিগত ৮-৯ মাহত বিএছএনএলে প্ৰায় ৫৫ লাখ নতুন গ্ৰাহক সংযোজন কৰিছে।
শেহতীয়াকৈ বিএছএনএলে দেশজুৰি ১২ হাজাৰ নতুন ৪জি টাৱাৰ স্থাপন কৰিছে। ২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে কোম্পানীটোৱে দেশৰ ৪খন মেট্ৰ’ চহৰৰ উপৰিও প্ৰায় প্ৰতিখন ৰাজ্যৰ ৰাজধানীতে ৪জি সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে। একে সময়তে কোম্পানীটোৱে এতিয়া ২০২৫ চনৰ জুন মাহৰ ভিতৰত দেশৰ প্ৰতিটো চাৰ্কলত ৪জি সেৱা আৰম্ভ কৰাৰ পৰিকল্পনাত গুৰুত্ব প্ৰদান কৰিছে।ইয়াৰ লগে লগে দেশৰ সেই চহৰবোৰতো মানুহে সস্তীয়া ৪জি পৰিকল্পনাৰ সুবিধা ল’ব পাৰিব, য’ত বৰ্তমান ইয়াৰ সেৱা উন্নত নহয়। ইয়াৰ লগে লগে মানুহৰ হাতত থাকিব জিঅ’, এয়াৰটেল আৰু ভোডাফোনৰ ভাল বিকল্প।
BSNL ৯৯৭ টকীয়া প্ৰিপেইড প্লেনৰ ইয়াৰ সুবিধা
এই ৯৯৭ টকীয়া প্ৰিপেইড প্লেনৰ জৰিয়তে প্ৰতিদিনে ২জিবি হাইস্পীড ডাটা, যিকোনো নেটৱৰ্কত আনলিমিটেড ভইচ কলিং, আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা পাব। ডাটা লিমিট পোৱাৰ পিছত গতি 40kbpsলৈ হ্ৰাস হ’ব। বৈধতাৰ কথা ক’বলৈ গ’লে ৯৯৭ টকাৰ এই পৰিকল্পনাৰে এই চৰকাৰী টেলিকম কোম্পানীয়ে ইয়াৰ প্ৰিপেইড ব্যৱহাৰকাৰীক ১৬০ দিনৰ বৈধতা প্ৰদান কৰে। অতিৰিক্ত সুবিধাৰ কথা ক’বলৈ গ’লে এই পৰিকল্পনাই ডাটা, কলিং আৰু এছএমএছৰ বাহিৰে আন কোনো অতিৰিক্ত সুবিধা প্ৰদান নকৰে।