Ajahn Siripanyo: সন্ন্যাসী জীৱন যাপন কৰিবলৈ পিতৃৰ ৫ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি ত্যাগ পুত্ৰৰ

কুয়ালালামপুৰৰ টেলিকম টাইকুন আনন্দ কৃষ্ণনৰ পুত্ৰ ভেন আজাহন চিৰিপান্য'ই তেওঁৰ পিতৃৰ অপৰিসীম সম্পত্তি থকা স্বত্বেও ১৮ বছৰ বয়সত তেওঁৰ জীৱনশৈলী ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তথ্য অনুসৰি আনন্দ কৃষ্ণন, যাক এ কে বুলিও জনা যায়, মালয়েছিয়াৰ তৃতীয় ধনী ব্যক্তি। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৪০ হাজাৰ কোটি টকা (৫ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক)।

Ajahn Siripanyo: সন্ন্যাসী জীৱন যাপন কৰিবলৈ পিতৃৰ ৫ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি ত্যাগ পুত্ৰৰ

সন্ন্যাসী জীৱনৰ যাপন কৰিবলৈ পিতৃৰ ৫ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি ত্যাগ পুত্ৰৰ

Published: 

28 Nov 2024 15:24 PM

অভিজাত জীৱন শৈলী ত্যাগ মালেছিয়াৰ ব্যৱসায় সম্ৰাট আনন্দ কৃষ্ণনৰ পুত্ৰ আজাহান চিৰিপান্যৰ। সন্ন্যাসী হ’বৰ বাবেই ত্যাগ কৰিলে পিতৃৰ ৫ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি। কুয়ালালামপুৰৰ টেলিকম টাইকুন আনন্দ কৃষ্ণনৰ পুত্ৰ ভেন আজাহন চিৰিপান্য’ই তেওঁৰ পিতৃৰ অপৰিসীম সম্পত্তি থকা স্বত্বেও ১৮ বছৰ বয়সত তেওঁৰ জীৱনশৈলী ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তথ্য অনুসৰি আনন্দ কৃষ্ণন, যাক এ কে বুলিও জনা যায়, মালয়েছিয়াৰ তৃতীয় ধনী ব্যক্তি। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৪০ হাজাৰ কোটি টকা (৫ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক)।

আনন্দ কৃষ্ণনৰ ব্যৱসায়িক সাম্ৰাজ্যৰ ভিতৰত আছে টেলিকমিউনিকেচন, চেটেলাইট, মিডিয়া, তেল, গেছ আৰু ৰিয়েল ইষ্টেট। তেওঁ টেলিকম কোম্পানী এয়াৰচেলৰ প্ৰাক্তন স্বত্বাধিকাৰী। যিয়ে এসময়ত এম এছ ধোনীৰ অধিনায়কত্বত থকা বিখ্যাত আই পি এল দল চেন্নাই চুপাৰ কিংছৰ পৃষ্ঠপোষকতা কৰিছিল।

ইফালে, চিৰিপান্যৰ মাতৃ মোমৱাজাৰোংছে চুপ্ৰিন্দা চক্ৰভান থাই ৰাজপৰিয়ালৰ সৈতে সম্পৰ্কিত। ভেন আজাহন চিৰিপান্য’ৰ সন্ন্যাসী হোৱাৰ সিদ্ধান্তক আদৰণি জনাইছে তেওঁ পিতৃয়ে। উল্লেখ্য ষে, এ কে নিজে এজন বৌদ্ধ ধৰ্মাৱলম্বী আৰু এজন সমাজহিতৈষী ব্যক্তি।

১৮ বছৰ বয়সত আজাহান চিৰিপান্য থাইলেণ্ডলৈ গৈছিল আৰু অস্থায়ীকৈ ধেমালিভাৱে বাবে এটা ৰিট্ৰিটত দীক্ষা লোৱাৰ সিদ্ধান্ত লৈছিল। এই সময়ছোৱাত তেওঁ এক স্থায়ী সন্ন্যাসী জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত হৈছিল। দুই দশকৰো অধিক সময়ৰ পিছত, তেওঁ এতিয়া এজন বন সন্ন্যাসী হৈ পৰিছে আৰু থাইলেণ্ড-ম্যানমাৰ সীমান্তৰ ওচৰত অৱস্থিত ডাটাও ডম মঠৰ মঠাধীশ।

আজাহন চিৰিপান্যৰ ‘ৰ সন্ন্যাসী হোৱাৰ কাৰণ সম্পৰ্কে অধিক ৰাজহুৱা তথ্য উপলব্ধ নহয়। কিন্তু তেওঁ এক সৰল জীৱন যাপন কৰে য’ত ভিক্ষা সংগ্ৰহ অন্তৰ্ভুক্ত থাকে। তেওঁ তেওঁৰ দুই ভগ্নীৰ সৈতে ইউকেত ডাঙৰ দীঘল হৈছিল।

তেওঁৰ শৈশৱৰ সন্দৰ্ভতো খুব কম তথ্য উপলব্ধ। জানিব পৰা মতে, চিৰিপান্য লণ্ডনত ডাঙৰ-দীঘল হৈছিল আৰু ইউকেত অধ্যয়ন কৰিছিল। বিভিন্ন সংস্কৃতিৰ প্ৰতি তেওঁৰ লালন-পালন আৰু মুক্ত মনৰ দৃষ্টিভংগীয়ে সম্ভৱতঃ বৌদ্ধ শিক্ষাৰ বিষয়ে তেওঁৰ চিন্তাই বাস্তৱ ৰূপ লৈছিল। তেওঁ ৮টাকৈ ভাষাত দক্ষ। তথ্য অনুসৰি, তেওঁ ইংৰাজীৰ লগতে তামিল আৰু থাই ভাষাও কয়।

বৰ্তমান, তেওঁ সন্ন্যাসী হিচাপে জীৱন যাপন কৰি আছে। কিন্তু প্ৰয়োজন হ’লে চিৰিপান্য কেতিয়াবা তেওঁৰ পুৰণি জীৱনশৈলীলৈ ঘূৰি আহে। তেওঁ তেওঁৰ পিতৃক লগ কৰিবলৈ সময় উলিয়ায় আৰু মাজে মাজে তেওঁ বিলাসী ভ্ৰমণ কৰে। কিয়নো বৌদ্ধ ধৰ্মৰ এটা নীতিয়ে পাৰিবাৰিক প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাতি দৈ খোৱা উচিত নে? দৈৰ উপকাৰিতা আৰু অপকাৰিতা জানক
আপোনাৰ ওজন কমোৱাত সহায় কৰিব মগুৱে, জানক উপকাৰিতাৰ বিষয়ে
এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?