শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিশা ২ বজালৈ কি কৰে মুকেশ আম্বানীয়ে? ৰহস্য ফাদিল কৰিলে বৰ পুত্ৰই…

বিশ্বৰ ধনী ব্যক্তিৰ ভিতৰত অন্যতম মুকেশ আম্বানী। কিন্তু আম্বানীৰো আছে কিছুমান বিশেষ ৰহস্য। এনে এক ৰহস্য ফাদিল কৰিলে তেওঁৰ বৰ পুত্ৰ আকাশ আম্বানীয়ে।

নিশা ২ বজালৈ কি কৰে মুকেশ আম্বানীয়ে? ৰহস্য ফাদিল কৰিলে বৰ পুত্ৰই…
আম্বানীImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 02 Mar 2025 17:36 PM

দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী। বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ ভিতৰত মুকেশ আম্বানীৰ নামো আছে। কিন্তু ইমান ধনবান হোৱাৰ পাছতো মুকেশ আম্বানীয়ে নিজৰ কাম নিজে কৰি ভাল পায়। প্ৰতিদিনে  নিশা ২ বজা পৰ্যন্ত সাৰে থাকে মুকেশ আম্বানী। পিছে ইমান নিশালৈ কি কৰি থাকে আম্বানীয়ে?  তেওঁৰ এই গোপন ৰহস্য ফাদিল কৰিলে পুত্ৰ আকাশ আম্বানীয়ে।

এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডৰ অধ্যক্ষ তথা মুকেশ আম্বানীৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে কয় যে, মোৰ দেউতাই প্ৰতিদিনে তেওঁক পঠোৱা প্ৰতিটো ইমেইল পৰীক্ষা কৰি ক্লিয়াৰ কৰে। এই কাম তেওঁ প্ৰতি নিশা  ২ বজালৈকে কৰে। যোৱা ৪ টা দশক ধৰি তেওঁ এই কাম কৰি আছে।

কামৰ বাবে আকাশ আম্বানীয়ে ক’ৰ পৰা প্ৰেৰণা পায় বুলি সোধা প্ৰশ্নত তেওঁ কয়, মই মোৰ পিতৃ-মাতৃৰ পৰা প্ৰেৰণা পাওঁ। মানুহক মই তেওঁলোকৰ কামৰ বাবে সন্মান কৰো। মই তেওঁলোকক আৰু তেওঁলোকে কৰা প্ৰতিটো কামত মহত্ব দিও। মই ভাবো,প্ৰেৰণা সদায় সৰু কথাৰ পৰাই আহে। দুৰদৰ্শিতা, সাহস আদিৰ পৰা প্ৰেৰণা আহে। যেনে, মোৰ দেউতাই এতিয়াও পুৱা ২ বজালৈকে প্ৰতিটো ই-মেইল চেক কৰে। ইয়াৰ পৰাই প্ৰেৰণা আহে।”

তেওঁ লগতে কয়, মোৰ মায়েও মোক একেদৰেই অনুপ্ৰাণিত কৰে। আমি দুয়ো ক্ৰিকেট ভাল পাওঁ আৰু আমি একেটা টিভিতে মেচ চাওঁ। কিন্তু মাই এনে কিছুমান বস্তু লক্ষ্য কৰে যাৰ পৰা আমি প্ৰেৰণা লাভ কৰিব পাৰো। মই ভাবো, আমাৰ চাৰিওফালে থকা মানুহখিনিৰ বাবে তেওঁৰ সমৰ্পন আমাৰ বাবে ডাঙৰ প্ৰেৰণা।

আকাশে লগতে কয় যে কাম আৰু জীৱনৰ মাজৰ ভাৰসাম্যতা তেওঁ পিতৃ-মাতৃৰ পৰা শিকিছিল। তেওঁ কয়, তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ কৰ্ম আৰু ব্যক্তিগত জীৱন দুয়োটাকে সমান গুৰুত্ব দিছিল। ৰিলায়েন্সত কাম কৰি এই কাম তেওঁ যোৱা ১০ বছৰ ধৰি অনুসৰণ কৰি আহিছে বুলি কয়।