ফিক্সড্ ডিপ’জিটৰ কথা ভাবিছে নেকি? ক’ত লাভ কৰিব অধিক সুত, জানিবলৈ চাওক…
সাধাৰণতে চেভিংছ একাউণ্টতকৈ ফিক্সড্ ডিপ’জিটে (FD) অধিক সুত প্ৰদান কৰে। সেইদৰে প্ৰতিষ্ঠান ভেদে এই সুতৰ হাৰো বেলেগ বেলেগ হয়। গতিকে ফিক্সড্ ডিপ’জিট কৰাৰ পৰিকল্পনা কৰিলে ক’ত অধিক সুত লাভ কৰিব সেয়া জানিলে আপোনাৰ লাভো অধিক হ’ব। এই বিষয়ে জানিবলৈ পঢ়ক এই লেখা।
ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাৰ বাবে সঞ্চয় আৰু সঠিক স্থানত বিনিয়োগ অত্যন্ত প্ৰয়োজনীয়। সেয়েহে সঠিক পৰিকল্পনাৰে এইক্ষেত্ৰত আগবঢ়াটো বুদ্ধিমানৰ কাম। সঞ্চয়ৰ ক্ষেত্ৰতো বহু লোকে ফিক্সড্ ডিপ’জিটৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হয়। ফিক্সড্ ডিপ’জিটত লোকচানৰ কোনো আশংকা নাথাকে। কাৰণ, আঁচনিৰ আৰম্ভণিতেই উল্লেখ কৰা হয় সুতৰ হাৰ। যিকোনো এগৰাকী ব্যক্তিয়ে বেংক আৰু ডাকঘৰত এই ফিক্সড্ ডিপ’জিট (FD) কৰিব পাৰিব।
সাধাৰণতে চেভিংছ একাউণ্টতকৈ ফিক্সড্ ডিপ’জিটে (FD) অধিক সুত প্ৰদান কৰে। সেইদৰে প্ৰতিষ্ঠান ভেদে এই সুতৰ হাৰো বেলেগ বেলেগ হয়। গতিকে ফিক্সড্ ডিপ’জিট কৰাৰ পৰিকল্পনা কৰিলে ক’ত অধিক সুত লাভ কৰিব সেয়া জানিলে আপোনাৰ লাভো অধিক হ’ব। এই বিষয়ে জানো আহক-
ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)
দেশৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় বেংক হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)। SBI ত ফিক্সড্ ডিপ’জিটৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি সুতৰ হাৰ ভিন্ন হয়। এবছৰৰ পৰা পাঁচ বছৰৰ বাবে সুতৰ হাৰ ৭ শতাংশ পৰ্যন্ত। ৩-৪ বছৰৰ ফিক্সড্ ডিপ’জিটৰ সুতৰ হাৰ ৬.৭৫ শতাংশ। আৰু ৫ বছৰলৈকে ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত সুতৰ হাৰ ৬.৫ শতাংশ।
বেংক অৱ বৰোদা (BoB)
বেংক অৱ বৰোদাই এবছৰতকৈ অধিক সময়ৰ ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত ৭.৩ শতাংশ হাৰত সুত প্ৰদান কৰে। জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত সুতৰ হাৰ ৭.৮ শতাংশ।
ইউনিয়ন বেংক অৱ ইণ্ডিয়া
ইউনিয়ন বেংক অৱ ইণ্ডিয়াই ১ৰ পৰা ২ বছৰৰ বাবে ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত ৭.৩ শতাংশ সুত প্ৰদান কৰে। জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এই হাৰ ৭.৮ শতাংশ হয়।
এইচ ডি এফ চি বেংক (HDFC Bank)
সাধাৰণতে ব্যক্তিগত বেংকৰ পৰা ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত ভাল ৰিটাৰ্ণ লাভ কৰা যায়। HDFC Bank- এ পাঁচ বছৰলৈকে ফিক্সড্ ডিপ’জিটৰ ওপৰত ৭.৪ শতাংশ সুত প্ৰদান কৰে। জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এই হাৰ ৭.৯ শতাংশ হয়।
আইচিআইচিআই বেংক (ICICI Bank)
ICICI Bank- এ ১ৰ পৰা ২ বছৰৰ বাবে ফিক্সড্ ডিপ’জিটৰ ওপৰত ৬.৭ শতাংশৰ পৰা ৭.২৫ শতাংশ সুত প্ৰদান কৰে। আনহাতে ৩ৰ পৰা ৫ বছৰৰ ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত ৭ শতাংশ সুত প্ৰধান কৰে বেংকটোৱে।
বন্ধন বেংক
বন্ধন বেংকত ১৫ মাহৰ বাবে ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত ৭.৯ শতাংশ হাৰত সুত লাভ কৰে। জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এই হাৰ ৮.৪৯ শতাংশ হয়।
IndusInd বেংক
এবছৰতকৈ অধিক সময়ৰ ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত IndusInd বেংকৰ সুতৰ হাৰ ৭.৯৯ শতাংশ। জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এই হাৰ ৮.৪৯ শতাংশ হয়।
ডাকঘৰ
ডাকঘৰত ফিক্সড্ ডিপ’জিটৰ ক্ষেত্ৰত ৬.৯ শতাংশৰ পৰা ৭.৫ শতাংশ হাৰত সুত পোৱা যায়। ডাকঘৰত এবছৰৰ বাবে ফিক্সড্ ডিপ’জিটৰ সুতৰ হাৰ ৬.৯ শতাংশ। আনহাতে ৫ বছৰৰ বাবে ফিক্সড্ ডিপ’জিটত ৭.৫ শতাংশ হাৰত সুত পোৱা যায়।