Assam Tea Sales : বৃদ্ধি পাইছে অসমৰ চাহৰ মূল্য, চলিত বিত্তীয় বৰ্ষৰ অক্টোবৰলৈকে ২,৮০০ কোটি টকা চাহ বিক্ৰী…
গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অক্টোবৰ মাহলৈকে ২,৮০০ কোটিতকৈ অধিক মূল্যৰ চাহ বিক্ৰী কৰা হৈছে। বিগত বছৰৰ একে সময়ছোৱাত চাহ বিক্ৰী হৈছিল ২০৫৯ কোটি টকা।
যোৱা বিত্তীয় বৰ্ষৰ তুলনাত এইবছৰ অসমৰ চাহৰ বিক্ৰী হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অক্টোবৰ মাহলৈকে ২,৮০০ কোটিতকৈ অধিক মূল্যৰ চাহ বিক্ৰী কৰা হৈছে। বিগত বছৰৰ একে সময়ছোৱাত চাহ বিক্ৰী হৈছিল ২০৫৯ কোটি টকা। দুয়োটা সময় তুলনা কৰিলে দেখা যায় যে, চলিত বিত্তীয় বৰ্ষত চাহৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে ।
গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ চৰকাৰী তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষত অক্টোবৰ মাহলৈকে নিলাম কেন্দ্ৰটোত প্ৰায় ১১১.০৩ মিলিয়ন কেজি চাহ বিক্ৰী হৈছে । ইয়াৰ গড় মূল্য প্ৰতি কেজি ২৫২ টকা। ইয়াৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত অক্টোবৰ মাহলৈকে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ১০২.৯২ মিলিয়ন কেজি চাহ বিক্ৰী কৰা হৈছিল। ইয়াৰ প্ৰতি কেজি গড় মূল্য আছিল ২০০.০৮ টকা ।
গুৱাহাটী চাহ নিলাম ক্ৰেতা সন্থাৰ সম্পাদক দীনেশ বিহানীয়ে এএনআইক জনোৱা মতে, যোৱা বছৰৰ তুলনাত এইবাৰ প্ৰতি কেজিৰ মূল্য ৫২.৭৫ টকাতকৈ অধিক বৃদ্ধি পাইছে । দীনেশ বিহানীয়ে জানিবলৈ দিয়ে যে, যোৱা বিত্তীয় বৰ্ষত এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে ২০৫৯ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছিল । ইয়াৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষত চাহ বিক্ৰী বৃদ্ধি পাই ২৮০৭ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছে ।
যোৱা বিত্তীয় বৰ্ষত ১০২.৯২ মিলিয়ন কেজি চাহ বিক্ৰী কৰাৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ অক্টোবৰলৈকে ১১১.০৩ মিলিয়ন কেজি চাহ বিক্ৰী কৰাৰ হৈছে বুলি জানিবলৈ দিছে দীনেশ বিহানীয়ে । জলবায়ু পৰিৱৰ্তনৰ বাবে উৎপাদনৰ হ্ৰাস হোৱাৰ ফলত বিশেষকৈ মানসম্পন্ন চাহৰ মূল্য বৃদ্ধি হৈছে বুলি উল্লেখ কৰিছে দীনেশ বিহানীয়ে । তেওঁ কয় যে, ‘জলবায়ু পৰিৱৰ্তনৰ বাবে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে চাহ উৎপাদনত প্ৰায় ৬৩ মিলিয়ন কিলোগ্ৰাম হ্ৰাস পাইছে। উৎপাদনৰ নাটনিৰ বাবে বিশেষকৈ মানসম্পন্ন চাহৰ মূল্য বৃদ্ধি পাইছে।
ইয়াৰ লগতে তেওঁ কয় যে, পূৰ্বৰ বছৰৰ তুলনাত এই বছৰ ৰাছিয়া, ইৰাণ আৰু অন্যান্য ইউৰোপীয় দেশত ভাৰতীয় চাহৰ চাহিদা অধিক বৃদ্ধি পাইছে। ইফালে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চাহ বাগিচা এলেকাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে দীনেশ বিহানীয়ে । তেওঁ কয় যে,অসমৰ চাহ বাগিচাসমূহে শ্ৰমিকক মজুৰি দিবলৈ ডিজিটেল পেমেণ্টৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ইতিমধ্যে ডিজিটেলাইজ কৰা হৈছে আৰু ইয়াত সকলো কাম ডিজিটেলভাৱে কৰা হৈছে বুলি উল্লেখ কৰে দীনেশ বিহানীয়ে।