Gautam Adani: পুত্ৰৰ বিবাহ উপলক্ষে ১০ হাজাৰ কোটি টকাৰ অনুদান গৌতম আদানীৰ, এই ধন কি কামত ব্যৱহাৰ কৰা হ’ব জানেনে?
গৌতম আদানীৰ পুত্ৰ জিত আদানীৰ বিয়াৰ ব্যৱস্থাক লৈ চলিছিল বহু জল্পনা-কল্পনা। বিয়াখনত কিমান জাক-জমকতা থাকিব, তাকে লৈ প্ৰকাশ পাইছিল বহু খবৰ। কিন্তু ২১ জানুৱাৰীত মহাকুম্ভলৈ যোৱাৰ সময় গৌতম আদানীয়ে জনাইছিল যে তেওঁ নিজৰ পুত্ৰৰ বিয়া সাধাৰণ আৰু পৰম্পৰা অনুসৰি হ’ব।
গৌতম আদানীৰ পুত্ৰৰ বিয়াক লৈ চলিছিল বহু জল্পনা-কল্পনা। কিন্তু যোৱা মাহত মেলাত আদানীয়ে কৈছিল যে তেওঁৰ পুত্ৰৰ বিবাহ সাধাৰণভাৱে আৰু পৰম্পৰাগতভাৱে অনুষ্ঠিত হ’ব। কেৱল সেয়াই নহয়, পুত্ৰৰ বিয়াত তেওঁ সাধাৰণ মানুহৰ কল্যাণৰ বাবে ১০ হাজাৰ কোটি টকা আগবঢ়ায়।
ইস্কনৰ সহযোগত মহাকুম্ভত ৪৫ দিনৰ বাবে মহাপ্ৰসাদৰ আয়োজন কৰিছে আদানী গ্ৰুপে। তেওঁক মহাকুম্ভলৈ গৈ মহাপ্ৰসাদ বিতৰণ কৰাও দেখা গৈছিল। গৌতম আদানীৰ ঘনিষ্ঠ সূত্ৰৰ মতে, আদানী গোটৰ অধ্যক্ষৰ জীৱন আদৰ্শ হ’ল, সেৱাই হৈছে ধ্যান, সেৱাই হৈছে প্ৰাৰ্থনা আৰু সেৱাই হৈছে ঈশ্বৰ। এই আদৰ্শৰে আগবাঢ়িছে তেওঁৰ জীৱন।
গৌতম আদানীৰ পুত্ৰ জিত আদানীৰ বিয়াৰ ব্যৱস্থাক লৈ চলিছিল বহু জল্পনা-কল্পনা। বিয়াখনত কিমান জাক-জমকতা থাকিব, তাকে লৈ প্ৰকাশ পাইছিল বহু খবৰ। কিন্তু ২১ জানুৱাৰীত মহাকুম্ভলৈ যোৱাৰ সময় গৌতম আদানীয়ে জনাইছিল যে তেওঁ নিজৰ পুত্ৰৰ বিয়া সাধাৰণ আৰু পৰম্পৰা অনুসৰি হ’ব। তেওঁ কয়, “আমি সাধাৰণ মানুহৰ দৰে। মা গংগাৰ আশীৰ্বাদ বিচাৰি জিত মহাকুম্ভলৈ আহিছে। তেওঁ পৰম্পৰা অনুসৰি আৰু সাধাৰণভাৱে বিয়া পাতিব।”
জানিব পৰা মতে পুত্ৰত বিবাহ উপলক্ষে আদানীয়ে আগবঢ়োৱা ১০ হাজাৰ কোটি টকাৰ অধিকাংশই স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষা আৰু দক্ষতা বিকাশৰ কামত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ দ্বাৰা উপকৃত হ’ব সকলো শ্ৰেণীৰ লোক। আন্তঃৰাষ্ট্ৰীয় মানৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহত লাভ কৰিব সুলভ মূল্যৰ সেৱা।
হীৰা ব্যৱসায়ী জৈমিন শ্বাহৰ কন্যা দিভাই শুকুৰবাৰে জিত আদানীৰ সৈতে আহমেদাবাদৰ বেলভেডেৰ ক্লাবত বিবাহপাশত আবদ্ধ হয়। ঘৰুৱা অনুষ্ঠানটোত আত্মীয়-স্বজনৰ লগতে ঘনিষ্ঠ বন্ধু-বান্ধৱীসকল উপস্থিত থাকে। তাত এজনো ছবি তাৰকা, ৰাজনীতিবিদ বা কূটনীতিবিদ আদি উপস্থিত নাছিল।
জিত আদানী বৰ্তমান আদানী বিমানবন্দৰৰ সঞ্চালক। পুত্ৰৰ বিয়াৰ ২ দিন পূৰ্বে ‘মংগল সেৱা’ৰ কথা ঘোষণা কৰিছিল গৌতম আদানীয়ে । ইয়াৰ অধীনত প্ৰতি বছৰে ৫০০ গৰাকী বিশেষভাৱে সক্ষম নৱবিবাহিত মহিলাক প্ৰদান কৰা হ’ব ১০ লাখ টকা। জিত আদানীয়ে ২ দিন পূৰ্বে ২১গৰাকী নৱবিবাহিত মহিলাক লগ কৰি এই কাৰ্যসূচীৰ আৰম্ভণি কৰিছিল।