আপুনি Axis Bankৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? ২০ ডিচেম্বৰৰ পৰা প্ৰৱৰ্তন হ’ব ক্ৰেডিট কাৰ্ডৰ নতুন মাচুল

যদি আপুনি এক্সিছ বেংক(Axis Bank)ৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আছে। ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পৰা কিছু নতুন চাৰ্জ কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে এক্সিছ বেংকে।

আপুনি Axis Bankৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? ২০ ডিচেম্বৰৰ পৰা প্ৰৱৰ্তন হব ক্ৰেডিট কাৰ্ডৰ নতুন মাচুল

২০ ডিচেম্বৰৰ পৰা প্ৰৱৰ্তন হ'ব ক্ৰেডিট কাৰ্ডৰ নতুন মাচুল

Published: 

27 Nov 2024 19:43 PM

এক্সিছ বেংকে(Axis Bank) বিভিন্ন সুবিধা আগবঢ়াই আহিছে গ্ৰাহকক। যদি আপুনি এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পৰা কিছু নতুন চাৰ্জ কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে এক্সিছ বেংকে। প্ৰথমবাৰৰ বাবে EDGE Rewards আৰু Miles ব্যৱহাৰৰ ওপৰত ৰিডেম্পচন মাচুল অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে বেংকে এই সন্দৰ্ভত অধিসূচনা দি সকলো ব্যৱহাৰকাৰীক এই বিষয়ে অৱগত কৰিছে।

এই নতুন চাৰ্জৰ অধীনত যেতিয়াই আপুনি আপোনাৰ EDGE Rewards বা Miles ৰ cash redemption কৰিব তেতিয়াই আপুনি ৯৯ টকা আৰু ১৮ শতাংশ GST দিব লাগিব। আনহাতে, এই পইণ্টসমূহ যদি আপুনি যিকোনো মাইলেজ প্ৰগ্ৰেমলৈ ট্ৰেন্সফাৰ কৰে তেন্তে ইয়াৰ ওপৰত ১৯৯ টকা আৰু ১৮ শতাংশ জি এছ টি দিব লাগিব।

এই ক্ৰেডিট কাৰ্ডসমূহৰ ওপৰত চাৰ্জ প্ৰযোজ্য হ’ব

এক্সিছ বেংকে প্ৰৱৰ্তন কৰা নতুন চাৰ্জ কেৱল নিৰ্বাচিত ক্ৰেডিট কাৰ্ডতহে প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত আছে এক্সিছ বেংক এটলাছ ক্ৰেডিট কাৰ্ড, চেমচাং এক্সিছ বেংক ইনফিনিট ক্ৰেডিট কাৰ্ড, চেমচাং এক্সিছ বেংক ক্ৰেডিট কাৰ্ড, এক্সিছ বেংক মেগনাছ ক্ৰেডিট কাৰ্ড (Burgundy ভেৰিয়েণ্টকে ধৰি) আৰু এক্সিছ বেংক ৰিজাৰ্ভ ক্ৰেডিট কাৰ্ড।

২০ ডিচেম্বৰৰ পৰা হ’ব কিছু পৰিৱৰ্তন

  • প্ৰতিমাহে ৩.৭৫% সুতৰ হাৰ সংশোধন কৰা হ’ব।
  • অটো ডেবিট ৰিভাৰ্ছল বা চেক ৰিটাৰ্ণ চাৰ্জ হ’ব য’ত পেমেণ্টৰ পৰিমাণৰ ২%, নূন্যতম মাচুল ৫০০ টকা আৰু মাচুলৰ কোনো সৰ্বোচ্চ সীমা নাথাকিব।
  • শাখাসমূহত নগদ পৰিশোধৰ মাচুল ১৭৫ টকা হিচাপে সংশোধন কৰা হ’ব।
  • বৰ্তমানৰ পলমকৈ পৰিশোধ কৰা মাচুলৰ গাঁথনি প্ৰযোজ্য থাকিব। যদিহে একেৰাহে দুটা চক্ৰৰ বাবে ‘নূন্যতম প্ৰদানযোগ্য ধনৰাশি (MAD)’ প্ৰদান কৰা নহয়, তেন্তে অতিৰিক্ত ১০০ টকা লোৱা হ’ব আৰু এমএডি প্ৰদান নোহোৱালৈকে প্ৰযোজ্য হৈ থাকিব।
  • ডাইনেমিক কাৰেন্সী কনভাৰ্চন (DCC)মাৰ্কআপ ১.৫% লৈ সংশোধন কৰা হ’ব।
  • ভাড়াৰ লেনদেনত ১% লেনদেন মাচুল, ১৫০০ টকাৰ সীমা আঁতৰোৱা হ’ব।
  • তৃতীয় পক্ষৰ এপৰ জৰিয়তে কৰা শিক্ষামূলক ধন পৰিশোধৰ ক্ষেত্ৰত ১% লেনদেন মাচুল প্ৰযোজ্য হ’ব।
  • অৱশ্যে শিক্ষানুষ্ঠানৰ ৱেবছাইট বা তেওঁলোকৰ পি অ’ এছ মেচিনৰ জৰিয়তে কৰা পেমেণ্ট আৰু লেনদেনৰ ক্ষেত্ৰত এই মাচুল প্ৰযোজ্য নহ’ব।
  • Statement Periodত ৱালেট লোডত ১০ হাজাৰ টকাৰ ওপৰত, ইন্ধনত ৫০ হাজাৰ টকাৰ ওপৰত, ইউটিলিটিত ২৫ হাজাৰ টকাৰ ওপৰত, আৰু অনলাইন দক্ষতাভিত্তিক গেমিং প্লেটফৰ্মত ১০ হাজাৰ টকাৰ ওপৰৰ ক্ৰমবৰ্ধমান ব্যয়ৰ ক্ষেত্ৰত ১% লেনদেন মাচুল প্ৰযোজ্য হ’ব।
এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...