Bank Strike: সোনকালে সম্পূৰ্ণ কৰক আপোনাৰ বেংকৰ কাম, একেৰাহে বন্ধ থাকিব বেংক!
ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ দাবী গ্ৰেচুইটি আইন সংশোধন কৰি সৰ্বোচ্চ সীমা ২৫ লাখ টকালৈ বৃদ্ধি কৰিব লাগে। চৰকাৰী কাৰ্যালয়ৰ দৰে বেংকৰ কামৰ সময়সূচীও সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচ দিনৰ বাবে হ’ব লাগে যাতে কৰ্মজীৱনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে।

একেৰাহে বন্ধ থাকিব বেংক!
Bank Strike: যদি আপুনি অহা সপ্তাহত বেংকলৈ জৰুৰী কামৰ বাবে যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি এই খবৰ জানি লওক। ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে (UFBU) ২৪ আৰু ২৫ মাৰ্চত দুদিনীয়া দেশজোৰা ধৰ্মঘট ঘোষণা কৰিছে। ইয়াৰ বাবে সমগ্ৰ দেশৰ চৰকাৰী আৰু ব্যক্তিগত দুয়োটা বেংকৰ সেৱা ব্যাহত হ’ব পাৰে। ভাৰতীয় বেংকৰ সংগঠন ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন (আই বি এ)ৰ সৈতে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছতে এই ধৰ্মঘটৰ আহ্বান কৰিছে।
ইয়াৰ ফলত কোনবোৰ বেংক প্ৰভাৱিত হ’ব
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ধৰ্মঘটৰ সন্দৰ্ভত SBI, PNB, BoB, ICICI আৰু HDFC বেংকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । কিন্তু এই ধৰ্মঘটৰ প্ৰভাৱ ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড আৰু গ্ৰাম্য বেংকত দেখা যাব পাৰে। ইয়াৰ ফলত চাৰিদিন বেংকিং সেৱাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
UFBU কি?
ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছ হৈছে মুঠ ৯টা ডাঙৰ বেংক ইউনিয়নেৰে গঠিত এটা সংস্থা। ইয়াক ৮ লাখৰো অধিক বেংক কৰ্মচাৰী আৰু বিষয়াক প্ৰতিনিধিত্ব কৰে। ২২ মাৰ্চ মাহটোৰ চতুৰ্থ শনিবাৰ, এই দিনটোত সকলো চৰকাৰী আৰু ব্যক্তিগত বেংকৰ বন্ধ। দেওবাৰ হোৱাৰ বাবে ২৩ মাৰ্চতো বেংক বন্ধ থাকিব। একে সময়তে ২৪ আৰু ২৫ মাৰ্চত দুদিনীয়া ধৰ্মঘটৰ বাবে বেংকসমূহ বন্ধ থাকিব। যাৰ বাবে একেৰাহে চাৰিদিনলৈকে বেংকিং সেৱাত প্ৰভাৱ পৰিব।
বেংক ইউনিয়নৰ দাবী
ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ দাবী য়ে, কেডাৰত পৰ্যাপ্ত নিযুক্তি নিশ্চিত কৰা, কিয়নো বেংকসমূহত কৰ্মচাৰীৰ বহু অভাৱৰ সন্মুখীন হৈছে। ইয়াৰ ফলত কাম আৰু অধিক বৃদ্ধি পায়। বেংক ইউনিয়নে দাবী জনাইছে যে চৰকাৰী কাৰ্যালয়ৰ দৰে বেংকৰ কামৰ সময়সূচীও সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচ দিন হ’ব লাগে যাতে কৰ্ম-জীৱনৰ ভাৰসাম্য থাকে। বেংকৰ কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী। ৰাজহুৱা খণ্ডৰ বেংকত খালী হোৱা কৰ্মচাৰী আৰু বিষয়া সঞ্চালকৰ পদ পূৰণৰ দাবী। ইয়াৰোপৰি, গ্ৰেচুইটি আইন সংশোধন কৰি সৰ্বোচ্চ সীমা ২৫ লাখ টকালৈ বৃদ্ধি কৰাৰ দাবী।