Bank Holidays : কাইলৈ ৰাজ্যত বন্ধ থাকিব বেংক, জানক সমস্যা হ’ব নেকি ধনৰ লেনদেনত
কাইলৈ মাঘ বিহু। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, কাইলৈ ৰাজ্যত বেংক খোলা থাকিব নে বন্ধ থাকিব। জানক জানুৱাৰী মাহৰ বেংক বন্ধৰ তালিকা...
জানুৱাৰী মাহৰ ১২ দিন পাৰ হৈ গ’ল। অনাগত দিনত বহুতো উৎসৱ আহি আছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱটো হ’ল অসমীয়াৰ মাঘ বিহু। যাৰ বাবে ১৪ জানুৱাৰীত বেংক বন্ধ থাকিব। অৱশ্যে দেশৰ বহু ৰাজ্যত জানুৱাৰী মাহত আঞ্চলিক আৰু ৰাজ্যিক উৎসৱ অনুষ্ঠিত হয়। যাৰ বাবে বেংক বন্ধ দিয়া হয়। কাইলৈ বন্ধ সন্দৰ্ভত কি কৈছে আৰ বি আইৰ কেলেণ্ডাৰত?
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি সকলো চৰকাৰী বন্ধৰ দিনত বেংকসমূহ বন্ধ থাকিব আৰু ৰাজ্য বিশেষে আঞ্চলিক বন্ধৰ দিন থাকিব।
মাঘ বিহুত বন্ধ বেংক
১৩ জানুৱাৰীত লোহৰী উপলক্ষে দেশৰ বেংক বন্ধ নাই, কিন্তু ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা কিছু অসমৰ লগতে দেশৰ কিছু ৰাজ্যত বেংক বন্ধ থাকিব।
২০২৫ চনৰ জানুৱাৰী মাহৰ বেংক বন্ধৰ তালিকা
- ১৪ জানুৱাৰী- মকৰ সংক্ৰান্তি / উত্তৰায়ণ পুণ্যকাল / পোংগল / মাঘ সংক্ৰান্তি / মাঘ বিহু / হজৰত আলীৰ জন্মদিন উপলক্ষে আহমেদাবাদ, বেংগালুৰু, ভুৱনেশ্বৰ, চেন্নাই, গেংটক, অসম, হায়দৰাবাদ (অন্ধ্ৰ প্ৰদেশ), তেলেংগানা, ইটানগৰ, কানপুৰ আৰু লক্ষ্ণৌত বন্ধ থাকিব বেংক।
- ১৫ জানুৱাৰী- তিৰুৱল্লুৱৰ দিৱস উপলক্ষে চেন্নাইত বেংক বন্ধ থাকিব।
- ১৬ জানুৱাৰী- উজাৱৰ থিৰুনাল উপলক্ষে চেন্নাইত বন্ধ থাকিব বেংক।
- ১৯ জানুৱাৰী- দেওবাৰে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
- ২৩ জানুৱাৰী- নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন/বীৰ সুৰেন্দ্ৰসাই জয়ন্তী উপলক্ষে আগৰতলা, ভুৱনেশ্বৰ আৰু কলকাতাত বেংক বন্ধ থাকিব।
- ২৫ জানুৱাৰী – চতুৰ্থ শনিবাৰৰ বাবে সমগ্ৰ দেশৰ বেংকসমূহৰ বাবে বন্ধ থাকিব।
- ২৬ জানুৱাৰী – দেওবাৰ আৰু গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ দেশৰ বেংকসমূহ বন্ধ থাকিব
অনলাইন, ম’বাইল বেংকিং সেৱা ব্যৱহাৰ কৰক
বেংক বন্ধ হোৱাৰ পাছতো বেংকে বহু ধৰণৰ সুবিধা প্ৰদান কৰিব। নেট বেংকিং, ম’বাইল বেংকিং আনকি হোৱাটছএপ বেংকিঙকে ধৰি অনলাইন বেংকিং প্লেটফৰ্মসমূহে বিভিন্ন বিত্তীয় লেনদেনৰ বাবে সুৰক্ষিত আৰু কাৰ্যক্ষম সুবিধা প্ৰদান কৰে।অনলাইন বেংকিঙৰ জৰিয়তে গ্ৰাহকে বেংক শাখা বন্ধ হোৱাৰ পিছতো বিল পৰিশোধ, ধন স্থানান্তৰ আৰু একাউণ্টৰ সকলো বস্তু চোৱাৰ দৰে সুবিধা লাভ কৰিব পাৰে।