কৰোবালৈ যোৱাৰ পূৰ্বে চাওক ৰে’লৰ সময়, ডাঠ কুঁৱলী বাবে ৩ ঘণ্টা পলমকৈ চলিছে ৩০ খন ৰে’ল
ভাৰতীয় ৰে’লৱেই পলমকৈ চলা ৰে’লৰ সূচী প্ৰকাশ কৰিছে। যদি আপোনাৰো কৰোবালৈ ৰে'লত যাবলগীয়া আছে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ৰে'লৰ তালিকাখন পৰীক্ষা কৰিব। নহ'লে সমস্যাৰ সন্মুখীন হ’ব আপুনি।
যদি আপুনিও ৰে’লযোগে যাত্ৰা কৰিবলৈ ওলাইছে, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। শীতকালত কুঁৱলীৰ বাবে বহু ৰে’ল পলমকৈ চলি আছে আৰু কিছুমান ৰে’ল বাতিলো কৰা হৈছে। ইয়াৰ কাৰণে যিসকল লোকে ৰে’লযোগে যাত্ৰা কৰিবলৈ গৈ আছে তেওঁলোকে আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, উত্তৰ ভাৰতত চলি থকা আৰু দিল্লী অভিমুখে যোৱা প্ৰায় ৩০খন ৰে’ল ৩ ঘণ্টাৰো অধিক দেৰিকৈ চলি আছে। ডাঠ কুৱলীৰ বাবে নিশা বহু ঠাইত ৰে’লবোৰ লাহে লাহে চলিছিল।
ইয়াৰ ভিতৰত তেজস ৰাজধানী, শ্ৰামজীৱী, প্ৰয়াগৰাজ, শিৱগংগাই, এ পি এক্সপ্ৰেছকে ধৰি বহু ৰে’ল আছে। ভাৰতীয় ৰে’লৱেই প্ৰকাশ কৰিছে পলমকৈ চলা ৰে’লৰ সূচী। এনে পৰিস্থিতিত যদি আপোনাৰো বৰ্তমান ৰে’লেৰে কৰোবাত যাবলগীয়া আছে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ আগতে ইয়াত ৰে’লৰ তালিকাখন পৰীক্ষা কৰিব লাগিব, যাতে আপুনি কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে।
পলমকৈ অহা ৰে’ল বৃদ্ধি হ’ব পাৰে
উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ মতে, কুঁৱলীৰ বাবে প্ৰায় ৩০খন ৰে’ল ৩ ঘণ্টাৰো অধিক পলম হৈছে। এই সময় আৰু বাঢ়িবও পাৰে। এই আটাইকেইখন ৰে’ল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দিল্লী অভিমুখে আহি আছিল। নিশাৰ ভাগত ডাঠ কুঁৱলীৰ বাবে কমকৈ দেখা গৈছিল। যাত্ৰীসকলৰ সুৰক্ষা ৰে’লৱেৰ অগ্ৰাধিকাৰ। যাৰ বাবে নিৰাপদে চলাই থকা হৈছে ৰে’ল।
এই ৰে’লসমূহ আছে পলমকৈ
২০৮০৫ এ পি এক্সপ্ৰেছ, ১২৩৯১ শ্ৰমজীৱী এক্সপ্ৰেছ
১৪১১৭ কালিন্দী এক্সপ্ৰেছ
১২৪১৭ প্ৰয়াগৰাজ এক্সপ্ৰেছ
১২২২৫ কাইফিয়াত এক্সপ্ৰেছ
১২৩৬৭ বিক্ৰমশিলা এক্সপ্ৰেছ
১২৫৫৯ শিৱগংগা এক্সপ্ৰেছ
১২৩২৯ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ
২২৪০৪ আনন্দ বিহাৰ গৰিব ৰাথ
২২৮২৩ তেজস ৰাজধানী এক্সপ্ৰেছ
১৪২০৫ অযোধ্যা এক্সপ্ৰেছ
১৪২৯৭ পদ্মৱত এক্সপ্ৰেছ
১২৩৯১ শ্ৰমজীৱী এক্সপ্ৰেছ
১২৪২৯ লক্ষ্ণৌ দিল্লী এ চি বিশেষ
১২৫৫৭ আনন্দ বিহাৰ সম্পাৰ্ক ক্ৰান্তি
২২৪১৭ মহানন্দ এক্সপ্ৰেছ
১৫২৭৩ সত্যগ্ৰহ এক্সপ্ৰেছ
২২৬৯১ ৰাজধানী এক্সপ্ৰেছ
১২৪০৫ গণ্ডৱানা এক্সপ্ৰেছ
২২৮৬৭ নিজামুদ্দিন হুমছফৰ এক্সপ্ৰেছ
১২৬২১ তামিলনাডু ছুপাৰফাষ্ট এক্সপ্ৰেছ
১২৭২৩ তেলেংগানা এক্সপ্ৰেছ
১২৫৪৯ সম্পাৰ্ক ক্ৰান্তি এক্সপ্ৰেছ
১২৬৪৯ দুৰ্গ ছাৰ্ফাষ্ট
২২৪৫৫ কলকা এক্সপ্ৰেছ
২০৮০৫ এপি এক্সপ্ৰেছ
১২৯২৫ পাছিম এক্সপ্ৰেছ
০৫২৮৪ মুজাফ্ফৰপুৰ ক্ল’ন এক্সপ্ৰেছ
০৫২২০ আনন্দ বিহাৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ
০৫৫৭৮ আনন্দ বিহাৰ চহৰছা বিশেষ
ইফালে নৰ্থইষ্ট ফ্ৰন্টেয়াৰ ৰে’লৱেও শ্বেয়াৰ কৰিছে ঘন কুৱলীৰ বাবে বাতিল হোৱা ট্ৰেইনৰ নাম।
বাতিল হোৱা ৰে’লৰ নাম ক্ৰমে-
যোগবাণী-শিলিগুৰি টাউন এক্সপ্ৰেছ ১৫৭২৩
শিলিগুৰি টাউন-যোগবাণী এক্সপ্ৰেছ ১৫৭২৪
নিউ জলপাইগুৰি-মালদা টাউন এক্সপ্ৰেছ ১৫৭১০
মালদা টাউন -নিউ জলপাইগুৰি এক্সপ্ৰেছ ১৫৭০৯