আপোনাৰ PAN কাৰ্ড PAN 2.0 ৰ জৰিয়তে সলনি হ’ব, কেনেকৈ আপগ্ৰেড কৰিব, কিমান মাচুল লাগিব সকলো জানক
PAN 2.0 Explained: এইটো এটা e-governance প্ৰকল্প, ই বৰ্তমানৰ PAN/TAN 1.0 ব্যৱস্থাটো উন্নীত কৰিব, যাৰ ফলত PAN/TAN সম্পৰ্কীয় কাৰ্যকলাপ আৰু PAN পৰীক্ষণ সেৱাসমূহ একত্ৰিত হ’ব। এই প্ৰকল্পটো চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ অধীনত।
PAN Card প্ৰতিজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ নথি, সেয়েহে ইয়াত থকা প্ৰতিটো আপডেটৰ প্ৰতি আমি সচেতন হোৱাটো যথেষ্ঠ গুৰুত্বপূৰ্ণ। নতুন আপডেটটো এয়াই যে, এতিয়া PAN ৰ পিছত PAN 2.0 ৰ কথা ওলাইছে। এতিয়া ইয়াত বহু ধৰণৰ উন্নীতকৰণ হ’ব। কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে পান ২.০ প্ৰকল্পত অনুমোদন জনাইছে। কিন্তু এই পৰিৱৰ্তনত নতুন কি হ’ব? PAN Card ব্যৱহাৰকাৰীয়ে ইয়াৰ বাবে কি কৰিব লাগিব? সাধাৰণ মানুহৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? ইয়াৰ বাবে পঢ়ক এই সম্পূৰ্ণ তথ্য…
প্ৰযুক্তিগতভাৱে উন্নীতকৰণ আৰু কৰদাতাৰ বাবে সহজ কৰি তোলাৰ বাবে PAN 2.0 প্ৰকল্পৰ অনুমোদন দিয়া হৈছে। এই প্ৰকল্পৰ ব্যয় হ’ব ১৪৩৫ কোটি টকা আৰু ইয়াৰ জৰিয়তে আপুনি বহুতো গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিব। পেন কাৰ্ড হৈছে এক অনন্য নম্বৰ যিটো প্ৰতিজন কৰদাতাৰ বাবে এক গুৰুত্বপূৰ্ণ নথি। ইয়াৰ জৰিয়তে কৰদাতাক চিনাক্ত কৰিবলৈও জাৰি কৰা হৈছে, যাতে কোনো ধৰণৰ প্ৰৱঞ্চনা সংঘটিত নহয়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এতিয়ালৈকে ৭৮ কোটি পেন কাৰ্ড প্ৰদান কৰা হৈছে।
কি কি সলনি হ’ব?
- এই প্ৰকল্পই কৰদাতাক সহজ আৰু দ্ৰুত সেৱা প্ৰদান কৰিব, আৰু সেৱাৰ মানদণ্ডও উন্নত কৰিব।
- এই প্ৰকল্পৰ অধীনত কৰদাতাৰ তথ্যৰ বাবে একক উৎস থাকিব, যাৰ ফলত ভুল আৰু সমস্যা হ্ৰাস পাব।
- PAN 2.0 প্ৰকল্প পৰিৱেশ অনুকূল হ’ব আৰু ইয়াৰ ফলত ব্যৱস্থাটোৰ খৰচ কম হ’ব।
- এই প্ৰকল্পই পেনৰ আন্তঃগাঁথনি সুৰক্ষিত কৰি তুলিব, যাৰ ফলত কৰদাতাৰ সেৱা ক্ষিপ্ৰ হ’ব।
PAN 2.0 প্ৰকল্পৰ লক্ষ্য কি?
PAN 2.0 হৈছে E-Governance প্ৰকল্প, অৰ্থাৎ পেনৰ সৈতে জড়িত প্ৰতিটো সুবিধা কেৱল অনলাইন হ’ব। ইয়াৰ দ্বাৰা বৰ্তমানৰ পেন/টেন ১.০ ব্যৱস্থাটো উন্নীত কৰা হ’ব, যাৰ ফলত পেন/টেন সম্পৰ্কীয় কাৰ্যকলাপ আৰু পেন পৰীক্ষণ সেৱাসমূহ একত্ৰিত হ’ব। এই প্ৰকল্পটো চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ অধীনত।
PAN 2.0 সুবিধা
QR Code: অশ্বিনী বৈষ্ণৱে জনোৱা মতে, নতুন কাৰ্ডখনত স্কেনিং ফিচাৰ থাকিব। ইয়াৰ বাবে কাৰ্ডৰ সৈতে লিংক কৰা এটা QR ক’ডো সৃষ্টি কৰা হ’ব। এই সুবিধা সম্পূৰ্ণৰূপে অনলাইন হ’ব। ইয়াৰ ফলত পেন ভেৰিফিকেচন সহজ হ’ব।
কমন বিজনেছ আইডেন্টিফায়াৰঃ অশ্বিনী বৈষ্ণৱে কয় যে, বৰ্তমান কৰ্পৰেটৰ পৰা দাবী আছে যে তেওঁলোকে বহু ভিন্ন ধৰণৰ নম্বৰ ৰাখিব লাগিব কিন্তু এতিয়া এনে নহ’ব। সকলোৰে বাবে মাত্ৰ এটা পেন থাকিব। ব্যৱসায় সম্পৰ্কীয় প্ৰতিটো কামৰ বাবে কেৱল পেনহে ব্যৱহাৰ কৰা হ’ব।
ইউনিফাইড পৰ্টেল: PAN 2.0 য়ে পেন সম্পৰ্কীয় সকলো সেৱাৰ বাবে এক ইউনিফাইড পৰ্টেল প্ৰদান কৰিব, যাৰ ফলত কৰদাতাসকলে তেওঁলোকৰ পেন একাউণ্ট পৰিচালনা কৰাত সহজ হ’ব।
চাইবাৰ নিৰাপত্তা: PAN 2.0 শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে আহিব, যিয়ে কৰদাতাৰ তথ্য সুৰক্ষিত ৰখা আৰু চাইবাৰ ভাবুকি প্ৰতিৰোধ কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব।
পেন ডাটা ভল্ট চিষ্টেমঃ পেন ডাটা ভল্ট চিষ্টেম বাধ্যতামূলক কৰা হ’ব, যাৰ বাবে কৰদাতাৰ তথ্য সুৰক্ষিত কৰাৰ বাবে অতিৰিক্ত প্ৰচেষ্টা লোৱা হ’ব, যেনে ডাটা ষ্ট’ৰেজ কেন্দ্ৰীভূত কৰা হ’ব, এটা স্থানৰ পৰা পৰিচালনা কৰা হ’ব, এটা ঠাইৰ পৰা নিৰীক্ষণ কৰা হ’ব।
ইয়াৰ উপৰিও PAN 2.0 সম্পূৰ্ণ অনলাইন আৰু কাগজবিহীন ব্যৱস্থা হ’ব, যাৰ ফলত পেন সম্পৰ্কীয় সেৱাসমূহ অধিক সহজ আৰু সুবিধাজনক হ’ব। PAN 2.0 ৰ জৰিয়তে পুনৰুদ্ধাৰ ব্যৱস্থা শক্তিশালী কৰা হ’ব। অৰ্থাৎ পেনৰ লগত জড়িত সকলো সমস্যা সহজ আৰু ক্ষীপ্ৰতাৰে সমাধান কৰিব পৰা যাব।
সাধাৰণ মানুহে কি কৰিব?
যদি আপোনাৰ হাতত PAN কাৰ্ড আছে অথবা নতুন এটা ল’ব বিচাৰে, তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিব নালাগিব। বৰ্তমান এই ব্যৱস্থা কাৰ্যকৰী হোৱা নাই, ইয়াৰ কাম চলি আছে। প্ৰণয়নৰ পিছত, আপুনি এটা পৰ্টেলৰ জৰিয়তে আপোনাৰ বৰ্তমানৰ কাৰ্ড আপডেট কৰিব লাগিব। এই সেৱা বিনামূলীয়া হ’ব, কোনো ধৰণৰ ধন লোৱা নহ’ব।