5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুত্ৰ বিয়াৰ পাছতে সম্পত্তি হ্ৰাস, ১০০ বিলিয়ন ডলাৰ ক্লাবৰ পৰা বাহিৰ আম্বানী-আদানী

১০০ বিলিয়ন ক্লাবৰ পৰা বাদ পৰিল মুকেশ আম্বানী আৰু গৌতম আদানী। সম্পত্তি হ্ৰাস পালে আম্বানী আৰু আদানীৰ। গৌতম আদানী সন্দৰ্ভত আমেৰিকাৰ ন্যায় বিভাগৰ তদন্ত তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে, আৰু এয়াই তেওঁৰ সম্পত্তি হ্ৰাসৰ অন্যতম কাৰণ।

পুত্ৰ বিয়াৰ পাছতে সম্পত্তি হ্ৰাস, ১০০ বিলিয়ন ডলাৰ ক্লাবৰ পৰা বাহিৰ আম্বানী-আদানী
আম্বানী- আদানী
barasha-sarma
Barasha Sarma | Published: 16 Dec 2024 18:15 PM

সম্পত্তি হ্ৰাস হৈছে বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীৰ।  ভাৰতৰ আটাইতকৈ ধনী ২ ব্যক্তি সন্দৰ্ভত পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ নাম ১০০ বিলিয়ন ডলাৰ অৰ্থাৎ ৮ লাখ ৪৯ হাজাৰ কোটি টকাৰ ক্লাবৰ পৰা বাদ পৰিছে। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে এই বছৰত ব্লুমবাৰ্গৰ ১০০ বিলিয়ন ডলাৰৰ পৰা বাদ পৰিছে। শেহতীয়াকৈ বাণিজ্যিক ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ বাবে দুয়োৰে সম্পত্তিৰ পৰিমাণ হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে।

কাৰণ কি

২০২৪ চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ ভাৰতৰ শীৰ্ষ ২০ কোটিপতিয়ে ৬৭.৩ বিলিয়ন ডলাৰ বৃদ্ধি কৰিছে। ইয়াত আই টি টাইকুন শিৱ নাদাৰে সৰ্বাধিক লাভ কৰিছে ১০.৮ বিলিয়ন ডলাৰ আৰু সাবিত্ৰী জিন্দলে সৰ্বাধিক লাভ কৰিছে ১০.১ বিলিয়ন ডলাৰ। ইয়াৰ বিপৰীতে মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে। ইয়াৰ কাৰণ তেওঁৰ কোম্পানীয়ে ৰিটেল আৰু এনাৰ্জি ডিভিজনছত দুৰ্বল প্ৰদৰ্শন কৰিছে।

২০২৪ চনৰ জুলাই মাহত মুকেশ আম্বানীৰ পুত্ৰৰ বিয়া হৈছিল। সেই সময়ত তেওঁ সম্পত্তিৰ পৰিমাণ আছিল ১২০.৮ বিলিয়ন ডলাৰতকৈ অধিক অৰ্থাৎ ১০ লাখ কোটি। কিন্তু বৰ্তমান মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ চাবলৈ গ’লে বৰ্তমান তেওঁ সম্পত্তিৰ পৰিমাণ ৯৬.৭ বিলিয়ন ডলাৰ অৰ্থাৎ ৮ লাখ ২১ হাজাৰ কোটি। ২০২৪ চনৰ জুলাই মাহৰ সৈতে ১৩ ডিচেম্বৰলৈ তুলনা কৰিলে যথেষ্ঠ হ্ৰাস হৈছে মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ।কোম্পানীটোৰ ক্ৰমাৎ বৃদ্ধি পোৱা ঋণ আৰু ব্যৱসায়িক সমস্যাৰ সন্দৰ্ভত বিনিয়োগকাৰীসকলৰ মাজত এই হ্ৰাস উদ্বেগৰ কাৰণ হৈ পৰিছে।

গৌতম আদানীৰ সম্পত্তি হ্ৰাস

ইয়াৰোপৰি গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণো যথেষ্ঠ হ্ৰাস পাইছে। আমেৰিকাৰ ন্যায় বিভাগৰ তদন্ত তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে, আৰু এয়াই তেওঁৰ সম্পত্তি হ্ৰাসৰ অন্যতম কাৰণ। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন আৰু জালিয়াতিৰ অভিযোগে আদানীক বিপদত পেলাইছিল, যাৰ বাবে তেওঁৰ সম্পত্তি ২০২৪ চনৰ জুন মাহত ১২২.৩ বিলিয়ন ডলাৰৰ পৰা নৱেম্বৰ মাহত ৮২.১ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল, অৰ্থাৎ প্ৰায় ৭ লাখ কোটি টকা। ইয়াৰ বাবেই আদানী এতিয়া ব্লুমবাৰ্গৰ “চেণ্টিবিলিয়নেয়াৰ ক্লাব”ত নাই।

প্ৰতিবেদনে কি কয়

ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসন আৰু ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ প্ৰৱেশে ভাৰতীয় টেলিকম কোম্পানীসমূহক প্ৰত্যাহ্বান জনাব পাৰে।  ইয়াৰ প্ৰভাৱ ভাৰতীয় উদ্যোগপতিৰ ওপৰত পৰিব পাৰে। ইয়াৰ বিপৰীতে বিশ্বৰ ধনী পৰিয়ালৰ তালিকাত ২০২৪ চনত ৪৩২.৪ বিলিয়ন ডলাৰৰে ৱালমাৰ্টৰ ৱালটন পৰিয়ালে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। মধ্যপ্ৰাচ্যৰ ৰাজকীয় এই পৰিয়ালে ইলন মাস্ককো চেৰ পেলাই গৈছে।

Latest News