IRCTCয়ে আনিছে ব্লেক ফ্ৰাইডেৰ অফাৰ, কম দামতে কৰক আপোনাৰ ভ্ৰমণৰ টিকট বুকিং
আমেৰিকাত থেংকচগিভিঙৰ এদিন পিছত ব্লেক ফ্ৰাইডে পালন কৰা হয়। ইয়াকে লৈ আই আৰ চি টি চিয়ে অফাৰ দিছে। আই আৰ চি টি চিৰ জৰিয়তে সকলো বিমানৰ Convenience Fee ত ১০০% ৰেহাই পাব। অৰ্থাৎ গ্ৰাহকে কোনো Convenience Fee নিদিয়াকৈ টিকট বুকিং কৰিব পাৰিব।
আই আৰ চি টি চিয়ে ঘোষণা কৰিছে বিগ ব্লেক ফ্ৰাইডেৰ অফাৰ। এই অফাৰৰ অধীনত আই আৰ চি টি চিৰ জৰিয়তে বুকিং কৰা সকলো টিকটতে Convenience Feeত ১০০ শতাংশ ৰেহাই দিয়া হ’ব। অৰ্থাৎ গ্ৰাহকে কোনো Convenience Fee নিদিয়াকৈ টিকট বুকিং কৰিব পাৰিব। এই অফাৰ কেৱল বিমানৰ টিকটৰ বাবে বৈধ।
এই দিনটোত আপুনি এই অফাৰৰ সুবিধা লাভ কৰিব
আমেৰিকাত থেংকচগিভিঙৰ এদিন পিছত ব্লেক ফ্ৰাইডে পালন কৰা হয়। বেছিভাগ ইয়াক বৰদিনৰ বতৰৰ আৰম্ভণি হিচাপে দেখা যায়। এইবাৰ ব্লেক ফ্ৰাইডে ২৯ নৱেম্বৰত পৰিছে। ২৯ নৱেম্বৰত বিমানৰ টিকট বুকিং কৰাৰ সময়ত গ্ৰাহকে এই অফাৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা সকলো ধৰণৰ বিমানৰ টিকটত উপলব্ধ। এই অফাৰটো কেৱল IRCTC AIR অৰ্থাৎ বিমানৰ টিকট বুকিং প্লেটফৰ্মৰ বাবেহে।
আই আৰ চি টি চিয়ে কি ক’লে?
টিকট বুকিং প্লেটফৰ্মত যাত্ৰীসকলক ৫০ লাখ টকাৰ বিনামূলীয়া বীমাও প্ৰদান কৰা হৈছে। এই অফাৰ কেৱল ব্লেক ফ্ৰাইডে অৰ্থাৎ ২৯ নৱেম্বৰৰ বাবেহে বৈধ হ’ব। এই তথ্য দি আই আৰ চি টি চিয়েও নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা টুইট কৰে। আই আৰ চি টি চিয়ে এটা টুইটযোগে লিখিছে, ‘২৯ নৱেম্বৰ, ২০২৪ বিমানৰ টিকট বুকিং কৰাৰ বাবে সৰ্বোত্তম সময় হ’ব পাৰে আপোনাৰ বাবে। আপুনি IRCTC AIR ৰ সৈতে Black Friday অফাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াত Convenience Feeত ১০০ শতাংশ ৰেহাই দিয়া হ’ব। ইয়াৰ উপৰিও ৫০ লাখ টকা পৰ্যন্ত বিনামূলীয়া ভ্ৰমণ বীমাও উপলব্ধ হ’ব।
The best time to book your flight ticket is on 29th November 2024. Avail Black Friday offer with IRCTC Air
– 100% off on convenience fee
-Also, Get Free travel insurance worth ₹50 Lacs
Visit: https://t.co/fLKvfBMuK7 or download the IRCTC Air app!#IRCTCAt25… pic.twitter.com/C1GxVPXHeY— IRCTC (@IRCTCofficial) November 27, 2024
IRCTC ব্লেক ফ্ৰাইডে কেনেকৈ ব্যৱহাৰ কৰিব?
- প্ৰথমে আপোনাৰ মোবাইল এপ্লিকেচনত IRCTC Air খোলক
- ইয়াৰ পিছত আপোনাৰ একাউণ্টৰ তথ্য প্ৰৱেশ কৰি লগইন কৰক।
- পৰৱৰ্তী পৃষ্ঠাত ভ্ৰমণ সম্পৰ্কীয় তথ্য দিয়ক, ইয়াত ক’ৰ পৰা ক’লৈ, যাত্ৰাৰ তাৰিখ, যাত্ৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
- সকলো তথ্য প্ৰৱেশ কৰাৰ পিছত পেমেণ্ট পেজলৈ আহি, অফাৰটো আনলক কৰিবলৈ পেমেণ্ট কৰক।