Satellite Service : নালাগে নেটৱৰ্ক, প্ৰয়োজন নাই চিম কাৰ্ডৰ ! BSNL য়ে আৰম্ভ কৰা ডাইৰেক্ট-টু-ডিভাইচ উপগ্ৰহ সেৱা কি ? এই সেৱাৰ দ্বাৰা কেনেদৰে উপকৃত হ’ব জানক…
ভাৰতত প্ৰথমটো চেটেলাইট-টু-ডিভাইচ সেৱা আৰম্ভ কৰিছে BSNL য়ে। এই সেৱাৰ জৰিয়তে নেটৱৰ্ক কভাৰেজৰ বাহিৰত থকা অঞ্চলৰ পৰাও সংযোগ স্থাপন কৰিব পাৰিব । ভাৰতীয় দূৰসংযোগ বিভাগে সদৰী কৰা মতে,এই নতুন সেৱা কেলিফৰ্ণিয়াস্থিত যোগাযোগ প্ৰযুক্তি কোম্পানী ভিয়াছাটৰ সহযোগত এই সেৱা ভাৰতত প্ৰৱৰ্তন কৰা হৈছে ।
বিএছএনএলে ভাৰতত প্ৰথমটো চেটেলাইট-টু-ডিভাইচ সেৱা আৰম্ভ কৰিছে । এই সেৱাৰ জৰিয়তে নেটৱৰ্ক কভাৰেজৰ বাহিৰত থকা অঞ্চলৰ পৰাও সংযোগ স্থাপন কৰিব পাৰিব । ভাৰতীয় দূৰসংযোগ বিভাগে সদৰী কৰা মতে,এই নতুন সেৱা কেলিফৰ্ণিয়াস্থিত যোগাযোগ প্ৰযুক্তি কোম্পানী ভিয়াছাটৰ সহযোগত এই সেৱা ভাৰতত প্ৰৱৰ্তন কৰা হৈছে । এই সেৱাৰ লক্ষ্য হৈছে নেটৱৰ্কৰ কভাৰেজ নথকা অঞ্চলটো নিৰৱচ্ছিন্ন যোগাযোগ সেৱা প্ৰদান কৰা।
বিএছএনএলৰ মতে, ডাইৰেক্ট-টু-ডিভাইচ উপগ্ৰহ সংযোগ সেৱাৰ ইতিমধ্যে পৰীক্ষা কৰা হৈছে । এই সেৱাৰ জৰিয়তে দূৰৱৰ্তী আৰু প্ৰত্যাহ্বানমূলক স্থানত সংযোগ বজাই ৰখাৰ ক্ষমতাৰ আশাব্যঞ্জক ফলাফল পোৱা গৈছে। দূৰসংযোগ বিভাগে সদৰী কৰিছে যে, বিএছএনএলৰ এই সেৱাৰ উদ্দেশ্য হৈছে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে উপগ্ৰহ যোগাযোগ সেৱা উপলব্ধ কৰা। পূৰ্বে জৰুৰীকালীন ব্যৱহাৰৰ বাবে এপলৰ আইফোন ১৪ৰ দৰে ডিভাইচত চেটেলাইট সংযোগ প্ৰৱৰ্তন কৰা হৈছিল যদিও ভাৰতত এতিয়ালৈকে এনে সেৱা চৰকাৰী আৰু সামৰিক ক্ষেত্ৰত ব্যৱহাৰতে সীমাবদ্ধ হৈ আছে।
BSNL launches India’s 1st Satellite-to-Device service!
Seamless connectivity now reaches India’s remotest corners. pic.twitter.com/diNKjaivFo
— DoT India (@DoT_India) November 13, 2024
বিএছএনএলে এই প্ৰযুক্তিক সাধাৰণ জনতাৰ মাজলৈ লৈ যাবলৈ প্ৰস্তুত হৈছে । উল্লেখ্য যে, দুৰ্গম অঞ্চললৈ যাত্ৰা কৰা বা সেই অঞ্চলত বাস কৰা ব্যৱহাৰকাৰীসকলৰ বাবে এই সেৱা বিশেষভাৱে উপযোগী হ’ব বুলি আশা কৰা হৈছে ।
বিএছএনএলৰ এই উপগ্ৰহ সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে জৰুৰীকালীন কল কৰা লগতে কোনো ধৰণৰ নেটৱৰ্ক উপলব্ধ নোহোৱা পৰিস্থিতিত ইউপিআই পেমেণ্ট কৰিবলৈ সক্ষম হ’ব । অৱশ্যে এই সেৱাৰ অধীনত জৰুৰীকালীন অৱস্থাৰ বাহিৰে দৈনন্দিন ব্যৱহাৰৰ বাবে নিয়মীয়া কল বা এছএমএছৰ বাবে অনুমতি দিব নে নাই সেয়া এতিয়াও স্পষ্ট কৰা নাই টেলিকম প্ৰদানকাৰীয়ে।
বিএছএনএলে ‘ভিয়াছাট’ নামৰ আমেৰিকাৰ কোম্পানীটোৰ এল বেণ্ড চেটেলাইট ব্যৱহাৰ কৰি এই সেৱা আৰম্ভ কৰিছে। পৃথিৱীৰ পৃষ্ঠৰ পৰা ৩৬,০০০ কিলোমিটাৰ ওপৰত থকা এটা যন্ত্ৰইও গ্ৰাহকৰ মোবাইল ফোনত কাম কৰিব। ফলত দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে । বিএছএনএলে এতিয়াও ব্যৱহাৰকাৰীয়ে উপগ্ৰহৰ সংযোগ কেনেকৈ লাভ কৰিব পাৰে তাৰ সবিশেষ প্ৰকাশ কৰা নাই।