Budget 2025 for health: স্বাস্থ্যখণ্ডকলৈ ডাঙৰ ঘোষণা, হ্ৰাস পালে ৩৬ বিধ জীৱন দায়িনী ঔষধৰ মূল্য…
Budget 2025: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি দাখিল কৰিলে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট। এই বাজেটত স্বাস্থ্য খণ্ডকলৈও ডাঙৰ ঘোষণা কৰা হয়।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি দাখিল কৰিলে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট। বাজেটত কৃষক, স্বাস্থ্য, শিক্ষাখণ্ড আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত লোৱা হয়। ঔষধৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীক সকাহ দি সীতাৰমনে কয় যে, জীৱন দায়িনী ৩৬ বিধ ঔষধৰ মূল্য হ্ৰাস কৰা হ’ব। এই ঔষধসমূহত মৌলিক শুল্ক (full customs duty) প্ৰযোজ্য কৰা নহয়, যাৰ বাবে ইয়াৰ দাম হ্ৰাস পাব। ইয়াৰোপৰি চৰকাৰে আগন্তুক ৩ বছৰত প্ৰতিখন জিলা হাস্পাতালতে ২০০ কেন্সাৰ ডে কেয়াৰ খুলিব।
লগতে মেডিকেল কলেজসমূহত আসন বৃদ্ধিৰ ঘোষণা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, অহা ৫ বছৰত চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫ হাজাৰ অতিৰিক্ত আসন সংযোগ কৰা হ’ব। ইয়াৰোপৰি স্বাস্থ্য খণ্ডক লৈ তলত দিয়া ঘোষণাসমূহ আজিৰ বাজেটত কৰিছে-
হিল ইন ইণ্ডিয়া
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত ঘোষণা কৰে যে, চৰকাৰে হিল ‘হিল ইন ইণ্ডিয়া’ আঁচনিৰ অধীনত চিকিৎসা পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে ভিছা প্ৰক্ৰিয়া সহজ কৰি তুলিব। ব্যক্তিগত খণ্ডৰ সহযোগত স্বাস্থ্যখণ্ড প্ৰসাৰ কৰা হ’ব বুলি তেওঁ কয়।
জীৱন দায়িনী ৩৬ বিধ ঔষধৰ মূল্য হ্ৰাস
ইয়াৰোপৰি কৰ্কট আৰু দুৰাৰোগ্য ৰোগৰ ৩৬ বিধ ঔষধৰ মৌলিক শুল্ক ৰেহাই দিয়া হৈছে। ইয়াৰ লগতে চৰকাৰে ৩৭ বিধ ঔষধৰ মৌলিক শুল্ক নোহোৱা কৰিব। এনে ক্ষেত্ৰত ঔষধৰ দাম হ্ৰাস পাব। তেওঁ কয় যে কেন্সাৰ, জটিল ৰোগ আৰু অন্যান্য গুৰুতৰ ৰোগত আক্ৰান্ত লোকক সকাহ দিবলৈ ৩৬টা জীৱন দায়িনী ঔষধৰ শুল্ক ৰেহাই দিছে। উল্লেখ্য যে, কিছুমান ৰোগ ইমানেই গুৰুতৰ যে সেই ৰোগৰ চিকিৎসা বিশেষ ঔষধৰ দ্বাৰা হয়। সেই ঔষধক জীৱন দায়িনী (Life-Saving Drugs) বুলি কোৱা হয়।
চিকিৎসা মহাবিদ্যালয়ত আসন বৃদ্ধি
চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসন বৃদ্ধি কৰা হ’ব। অহা বছৰৰ ১০,০০০ নতুন আসন সংযোগ কৰাৰ লগতে অহা ৫ বছৰত ৭৫ হাজাৰ নতুন আসন সংযোজন কৰা হ’ব।
কেন্সাৰ ডে-কেয়াৰ
ইয়াৰোপৰি কেন্সাৰ ডে-কেয়াৰ মুকলি কৰাৰ ঘোষণাও কৰে চৰকাৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, অহা ৩ বছৰৰ ভিতৰত প্ৰত্যোক চৰকাৰী হাস্পাতালতে ২০০ কেন্সাৰ ডে-কেয়াৰ চেন্টাৰ মুকলি কৰা হ’ব। তেওঁ লগতে কয় যে, পি এম জন আৰোগ্য যোজনাৰ অধীনত গিগ কৰ্মীসকলক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হ’ব। লগতে সকলো চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ ব্ৰডবেণ্ড ইণ্টাৰনেটৰ যোগেদি সংযোগ কৰা হ’ব।
অন্য খবৰ পঢ়কঃ Budget 2025: ষ্টেণ্ডাৰ্ড ডিডাকশ্যন কি? ইয়াৰ ফলত কৰদাতাৰ কি কি লাভ হয়, জানক সবিশেষ