Budget 2025: পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ সাজু মোদী চৰকাৰ! আহিব নতুন আয়কৰ আইন?
Budget 2025: মাজত মাত্ৰ কেইটামান দিন বাকী। ১ ফেব্ৰুৱাৰীত পূৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে। এনে পৰিস্থিতি এই বাজেটৰ ওপৰত চকু আছে জনতাৰ। আশা কৰা হৈছে এই বাজেটত চৰকাৰে সকাহ দিব পাৰে কৰ দাতাক।
কেন্দ্ৰীয় বাজেট ২০২৫ দাখিল কৰিবলৈ মাজত মাজত কেইটামান দিন বাকী। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট। ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত বাজেট দাখিল কৰা হৈছিল যদিও সেয়া পূৰ্ণাংগ বাজেট নাছিল। গতিকে, এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। এনে সময়ত বাজেটক লৈ সকলোৰে মাজত চৰ্চা চলিছে। বস্তু- সামগ্ৰীৰ দামৰ পৰা আৰম্ভ কৰি আয়কৰ আদিলৈ, চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে তাক লৈ এতিয়া জনতাৰ চকু।
জনতাই আশা কৰি আছে যে এইবাৰ বাজেটত মোদী চৰকাৰে কোনো ডাঙৰ ঘোষণা কৰিব পাৰে। আয়কৰ প্ৰদানৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰাৰ সম্ভাৱনা আছে। আয়কৰ সৰলীকৰণ কৰাৰ লগতে নতুন বাজেটত নতুন আয়কৰ আইন অনাৰ সম্ভাৱনা আছে। কৰ দাতাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মোদী চৰকাৰে। বৰ্তমানৰ নিয়ম অনুসৰি বাৰ্ষিক আয় ১২ ৰ পৰা ১৫ লাখ হোৱাসকলে ২০ শতাংশ কৰ দিব লাগে। আশা কৰা হৈছে চৰকাৰে মধ্যবিত্ত কৰদাতাসকলক ৰেহাই প্ৰদান কৰাৰ বাবে ১৫ ৰ পৰা ১৮ লাখৰ নতুন টেক্স স্লেভ তৈয়াৰ কৰিব পাৰে। ইয়াৰ অধীনত অহা কৰ দাতাসকলৰ বাবে আয়কৰৰ পৰিমাণ ২৫ শতাংশ হ’ব পাৰে।
বৰ্তমানৰ কৰ
- ৩ লাখ ১ৰ পৰা ৭ লাখলৈ- ৫ শতাংশ
- ৭লাখৰ পৰা ১০ লাখলৈ- ১০ শতাংশ
- ১০ লাখ ১ ৰ পৰা ১২ লাখলৈ- ১৫ শতাংশ
- ১২ লাখ ১ ৰ পৰা ১৫ লাখলৈ- ২০ শতাংশ
- ১৫ লাখ ১ৰ পৰা অধিক- ৩০ শতাংশ
বৰ্তমান আয়কৰ ব্যৱস্থাৰ অধীনত মৌলিক কৰ ৰেহাইৰ সীমা ৩ লাখ টকা। আশা কৰা হৈছে এইবাৰ বাজেটত ইয়াৰ পৰিমাণ বঢ়াই ৫ লাখ টকা কৰিব পাৰে। ইয়াৰোপৰি কৰ দাতাসকলৰ হাতত অধিক টকা দিয়াৰ বাবে চৰকাৰে কোনো নতুন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে ক্ষেত্ৰত নতুন বাজেটত চৰকাৰে টেক্স স্লেভ আৰু দৰৰ ক্ষেত্ৰত কোনো সংশোধনী অনাৰ সম্ভাৱনা আছে।
ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ সীমা বৃদ্ধি
সূত্ৰ অনুসৰি জানিব পৰা মতে, চৰকাৰে কৰ দাতাসকলক কৰৰ পৰা ৰেহাই দিয়াৰ চিন্তা চৰ্চা কৰি আছে। ইয়াৰ লগতে অধিক লাভৰ নতুন কৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰি আছে। নতুন আয়কৰ ব্যৱস্থাৰ অধীনত চৰকাৰে কৰ ৰেহাই দিয়াৰ বাবে ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ সীমা বৃদ্ধি কৰিব পাৰে। বৰ্তমান আয়কৰ ব্যৱস্থাৰ অধীনত ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ সীমা ৭৫,০০০ টকা। গতিকে পৰৱৰ্তী সময়ত ইয়াক ১ লাখলৈ বৃদ্ধি কৰিব পাৰে।