শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget 2025: ৰে’লত AI ব্যৱহাৰ, বন্দে ভাৰত, অমৃত ভাৰতঃ বাজেটে এইবাৰ কি দিব ৰে’লৱেক…

Budget 2025: ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব পূৰ্ণাংগ বাজেট। বিভিন্ন দিশৰ লগতে এইবাৰ বাজেটত ৰে'লৱে সন্দৰ্ভত কোনো ডাঙৰ ঘোষণা কৰিব পাৰে। বন্দে ভাৰত, অমৃত ভাৰত আদিৰ ক্ষেত্ৰত হ'ব পাৰে ঘোষণা।

Budget 2025:  ৰে’লত AI  ব্যৱহাৰ, বন্দে ভাৰত, অমৃত ভাৰতঃ বাজেটে এইবাৰ কি দিব ৰে’লৱেক…
বাজেট ২০২৫Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Jan 2025 14:55 PM

মাজত মাত্ৰ এদিন বাকী। ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব পূৰ্ণাংগ বাজেট (Budget 2025) । তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া মোদী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাইত সাধাৰণ বাজেট  দাখিল কৰিছিল নিৰ্মলা সীতাৰমনে। এনে পৰিস্থিতিত এতিয়া জনতাৰ চকু আছে বাজেটলৈ। বস্তু – সামগ্ৰীৰ দামৰ পৰা আৰম্ভ কৰিব আয়কৰ, বা বিভিন্ন শিতানৰ বিষয়ে বাজেটত কি উল্লেখ থাকে তাক লৈ এতিয়া চৰ্চা চলিছে। বিভিন্ন দিশৰ লগতে ৰে’লৱে বাজেট সন্দৰ্ভতো একাংশৰ মাজত চলিছে সৰৱ চৰ্চা।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৬ চনলৈ দেশত সাধাৰণ বাজেট আৰু ৰে’ল বাজেট পৃথককৈ দাখিল কৰা হৈছিল। তেতিয়ালৈকে সাধাৰণ বাজেট কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু ৰে’ল বাজেট ৰে’ল মন্ত্ৰীয়ে দাখিল কৰিছিল।  কিন্তু ২০১৭ চনৰ পৰা ইয়াক একত্ৰিত কৰি একেলগে দাখিল কৰাৰ ব্যৱস্থা কৰি অহা হৈছে। গতিকে পূৰ্ণাংগ বাজেট দাখিল কৰাৰ সময়ত ৰে’লৱেক লৈ চৰকাৰে কি ঘোষণা কৰে তাক লৈ এতিয়া চলিছে জল্পনা-কল্পনা।

আশা কৰা হৈছে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতীয় ৰে’লৰ আন্তঃগাঁথনি, বন্দে ভাৰত শ্লীপাৰ, অমৃত ভাৰত বা বন্দে মেট্ৰ’ নিৰ্মাণ আদিকে ধৰি ভাৰতীয় ৰে’লৱেৰ বাবে ৩ লাখ কোটিতকৈ অধিক টকা আৱন্টন কৰিব পাৰে। ২০২৪-২৫ চনৰ সাধাৰণ বাজেটত ৰে’লৱেৰ বাবে ২ লাখ ৬৫ হাজাৰ কোটি টকা আৱন্টন দিয়া হৈছিল। ইতিমধ্যে ইয়াৰ প্ৰায় ৮০ শতাংশ ধন খৰচ হৈছে। গতিকে এই পূৰ্ণাংগ বাজেটত চৰকাৰে ইয়াৰ পৰিমাণ বঢ়াই ৩ লাখ কোটি টকা কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে এইবাৰ বাজেটত ভাৰতীয় ৰে’লৱেত কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ঘোষণা হ’ব পাৰে। ইয়াৰোপৰি বুলেট ট্ৰেইনৰ বাবে বাজেট বৃদ্ধি, টিকট ব্যৱস্থাৰ ক্ষেত্ৰত AI ৰ ব্যৱহাৰ, অমৃত ভাৰত ষ্টেটন আঁচনি আদিৰ ক্ষেত্ৰত কোনো ডাঙৰ ঘোষণা হ’ব পাৰে। ইয়াৰোপৰি ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।  ইয়াৰোপৰি মুম্বাই- আহমেদাবাদ হাইস্পীড ৰেল কৰিডৰ সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিব পাৰে চৰকাৰে।

উল্লেখ্য যে, বৰ্তমান দেশত বহু কেইটা ৰে’ল প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ ভিতৰত বুলেট ট্ৰেইনৰ পৰা আৰম্ভ কৰি ৰে’লত ছিকিউৰিটি শ্বিল্ড লগোৱালৈকে কামো অন্তৰ্ভুক্ত।  কেৱল এয়াই নহয়, এইবাৰৰ বাজেটত  ১০খন বন্দে ভাৰত শ্লীপাৰ আৰু ১০০খন অমৃত ভাৰত ৰে’লৰ মুকলিৰ কথাও ঘোষণা কৰিব পাৰে। একাংশ সংবাদ মাধ্যমৰ তথ্য অনুসৰি ২০২৭ চনৰ ভিতৰত ৰে’লপথ ৬৮ হাজাৰ কিলোমিটাৰ বৃদ্ধি কৰাৰ লগতে ৪০০খন বন্দে  ভাৰত ৰে’ল চলোৱাৰ লক্ষ্য চৰকাৰৰ।

 

 

অন্য খবৰ পঢ়কঃ Budget 2025: পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ সাজু মোদী চৰকাৰ! আহিব নতুন আয়কৰ আইন?