কেন্দ্ৰীয় কৰ্মচাৰীলৈ চৰকাৰৰ বিশেষ উপহাৰ, কাৰ্যকৰী কৰা হ’ব অষ্টম দৰমহা আয়োগ

অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ'ব অষ্টম দৰমহা আয়োগ। ২০২৬ চনৰ পৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত। এতিয়ালৈকে কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰিছিল।

কেন্দ্ৰীয় কৰ্মচাৰীলৈ চৰকাৰৰ বিশেষ উপহাৰ, কাৰ্যকৰী কৰা হব অষ্টম দৰমহা আয়োগ

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

Updated On: 

16 Jan 2025 16:32 PM

কেন্দ্ৰীয়  চৰকাৰী কৰ্মচাৰীসকললৈ ডাঙৰ উপহাৰ কেবিনেটৰ। অষ্টম দৰমহা আয়োগক লৈ বিশেষ ঘোষণা চৰকাৰৰ। অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ’ব অষ্টম দৰমহা আয়োগ।   ২০২৬ চনৰ পৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত। এতিয়ালৈকে কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰিছিল। ইয়াৰ উপৰিও, কেবিনেটে শ্ৰীহৰিকোটাত এটা নতুন উৎক্ষেপণ পেডত অনুমোদন জনাইছে। যিয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মহাকাশ অভিযানক গতি প্ৰদান কৰিব।

কেবিনেট বৈঠকৰ পিছত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। ইয়াক অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ’ব।  ইয়াৰ বাবে শীঘ্ৰেই এখন আয়োগ গঠন কৰা হ’ব। ইয়াৰ অধ্যক্ষ আৰু দুজন সদস্যৰ নামো সোনকালেই ঘোষণা কৰা হ’ব।”

উল্লেখ্য যে, ২০১৬ চনত গঠন কৰা সপ্তম দৰমহা আয়োগ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমান দৰমহা দিয়া হয়। কিন্তু এতিয়া ২০২৬ চনৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ’ব। ইয়াৰ বাবে শীঘ্ৰেই গঠন কৰা হ’ব এখন আয়োগ। ইয়াত এজন অধ্যক্ষ আৰু দুজন সদস্য থাকিব। যাৰ নাম সোনকালেই ঘোষণা কৰা হ’ব।

ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, “কেবিনেটে শ্ৰীহৰিকোটাত তৃতীয় উৎক্ষেপণ পেডত অনুমোদন জনাইছে। যি আধুনিক হ’ব। এইটো পৰৱৰ্তী প্ৰজন্মৰ উৎক্ষেপণ বাহনৰ ক্ষেত্ৰত সহায়ক হ’ব। এই উৎক্ষেপণ পেডত ৰকেটসমূহত একত্ৰিত কৰি পোনকৈ থিয় কৰাব পাৰিব। ইয়াৰ ব্যয় হ’ব ৩,৯৮৫ কোটি টকা। ইয়াৰ ক্ষমতা প্ৰথম দুটা লঞ্চ পেডতকৈ অধিক হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, অহা ৪৮ মাহত শ্ৰীহৰিকোটাত তৃতীয় উৎক্ষেপণ পেডৰ কাম সম্পূৰ্ণ হ’ব। এই কাম পৰৱৰ্তী ৩০ বছৰৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হ’ব। ভৱিষ্যতে ইছৰোৱে মানৱ চন্দ্ৰযান অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। য’ত এই লঞ্চ পেডটোৰ ব্যৱহাৰ কৰা হ’ব।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?