5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ! DAৰ লগতে বৃদ্ধি হ’ল এই দুটা ভাট্টা, বাঢ়িব দৰমহা…

অৰ্থাৎ বৃদ্ধি হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ । এই দুটা ভাট্টা হৈছে নাৰ্চিং ভাট্টা আৰু পোছাক ভাট্টা। যেতিয়া DA ৫০% আছিল, সপ্তম দৰমহা আয়োগে কেইবাটাও ভাট্টা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ! DAৰ লগতে বৃদ্ধি হ’ল এই দুটা ভাট্টা, বাঢ়িব দৰমহা…
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ!
trishna-kalita
Trishna Kalita | Updated On: 11 Dec 2024 16:30 PM

কেন্দ্ৰীয় চৰকাৰে জুলাইত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডি এ ৩% বৃদ্ধি কৰা হৈছিল। যিয়ে ইয়াক ৫৩ শতাংশলৈ বৃদ্ধি কৰিছে। এতিয়া চৰকাৰে আৰু দুটা ভাট্টা বৃদ্ধি কৰিছে। এতিয়া ইয়াৰ প্ৰভাৱ কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত পোনপটীয়াকৈ দেখা যাব। অৰ্থাৎ, এতিয়া তেওঁলোকৰ দৰমহা বৃদ্ধি হ’ব। এই দুটা ভাট্টা হৈছে নাৰ্চিং ভাট্টা আৰু পোছাক ভাট্টা। যেতিয়া DA ৫০% আছিল, সপ্তম দৰমহা আয়োগে কেইবাটাও ভাট্টা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল।

নাৰ্চিং ভাট্টা আৰু পোছাক ভাট্টা

ছেপ্টেম্বৰত, যোগ্য কৰ্মচাৰীসকলৰ বাবে নাৰ্চিং ভাট্টা আৰু পোছাক ভাট্টা দুয়োটা সংশোধন কৰা হৈছিল। ৪ জুলাই ২০২৪ তাৰিখে EPFOৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তিত কোৱা হৈছিল যে DAৰ ৫০% হোৱা পাছত প্ৰভাৱ পৰা ভাট্টাবোৰ ২৫% লৈ বৃদ্ধি কৰিব লাগে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ১৭ ছেপ্টেম্বৰ ২০২৪ত প্ৰদান কৰা স্মাৰকপত্ৰ অনুসৰি, প্ৰতিবাৰে DAৰ ৫০% হোৱা পাছত পোছাক ভাট্টা ২৫% বৃদ্ধি কৰা হ’ব।

নাৰ্চিং ভাট্টা

নাৰ্চিং ভাট্টা যি নাৰ্চসকলক দিয়া হয়। এতিয়া ইয়াক 25% বৃদ্ধি কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ১৭ ছেপ্টেম্বৰ ২০২৪ত প্ৰদান কৰা স্মাৰকপত্ৰ অনুসৰি,প্ৰতিবাৰেই DA ৫০% হ’লে নাৰ্চিং ভাট্টাও বৃদ্ধি হ’ব। কেন্দ্ৰীয় দৰমহা আয়োগ প্ৰতি ১০ বছৰত গঠন কৰা হয়। ই চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা, ভাট্টা আৰু লাভালাভ বিকশিত কৰে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শসমূহ ১ জানুৱাৰী,২০১৬ ৰ পৰা কাৰ্যকৰী হৈছিল। ১৭ ছেপ্টেম্বৰ ২০২৪ত প্ৰদান কৰা স্মাৰকপত্ৰ অনুসৰি, প্ৰতিবাৰেই DA ৫০% পোছাক ভাট্টা ২৫% বৃদ্ধি কৰা হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে জানুৱাৰী ২০২৪ত কেন্দ্ৰীয় চৰকাৰে ডিএ আৰু ডি আৰ ৪ শতাংশ বৃদ্ধি কৰিছিল, যাৰ পিছত DA ৫০ শতাংশ হৈছিল। আন ১৩টা মুখ্য ভাত্তা ২৫ শতাংশ বৃদ্ধি পাইছিল। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই ডি এ ভাট্টা বৃদ্ধিৰ ফলত আন ১৩টা গুৰুত্বপূৰ্ণ ভাট্টা ২৫ শতাংশ বৃদ্ধি কৰা হৈছে। জাননী অনুসৰি এই দুয়োটা ভাত্তাত সংশোধনৰ লাভ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ অন্তৰ্গত সকলো হাস্পতালৰ লগতে এইমছ নতুন দিল্লী, পিজিআইএমইআৰ চণ্ডীগড় আৰু জেআইপিএমইআৰ পুডুচেৰীৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থনপ্ৰাপ্ত সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

Latest News