জিভাৰ তৃপ্তি অনুসাৰে ল’ব পাৰিব সোৱাদ, দাম কমিল বিলাহীৰঃ চাওক কিমান হ্ৰাস পালে মূল্য

খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। তাৰ মাজতে জনসাধাৰণক কিঞ্চিত সকাহ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। দাম হ্ৰাস পাইছে বিলাহীৰ। এতিয়া শেহতীয়া সময়ছোৱাতকৈ কিছু কম মূল্যতে ক্ৰয় কৰিব পাৰিব বিলাহী।

জিভাৰ তৃপ্তি অনুসাৰে ল’ব পাৰিব সোৱাদ, দাম কমিল বিলাহীৰঃ চাওক কিমান হ্ৰাস পালে মূল্য

দাম কমিছে বিলাহীৰ

Updated On: 

17 Nov 2024 19:31 PM

মূল্যবৃদ্ধিৰ আতিশয্যত অতিষ্ঠ হৈছে সাধাৰণ জনতা। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সকলোকে। এক কথাত বজাৰত এতিয়া লাগিছে মূল্যবৃদ্ধিৰ জুই। খাদ্য সামগ্ৰীৰ এনে বৰ্ধিত দৰে খাটিখোৱা সৰ্বসাধাৰণ লোকক চিন্তিত কৰি তুলিছে। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। তাৰ মাজতে জনসাধাৰণক কিঞ্চিত সকাহ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। দাম হ্ৰাস পাইছে বিলাহীৰ। এতিয়া শেহতীয়া সময়ছোৱাতকৈ কিছু কম মূল্যতে ক্ৰয় কৰিব পাৰিব বিলাহী।

কেন্দ্ৰীয় চৰকাৰে আজি এই সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰিছে। যোৱা এমাহত বিলাহীৰ দামৰ ক্ষেত্ৰত বৃহৎ হ্ৰাস দেখা গৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে। চৰকাৰী তথ্য অনুসৰি দেশত বিলাহীৰ গড় মূল্য ২২ শতাংশতকৈও অধিক হ্ৰাস পাইছে। বিলাহীৰ যোগান বৃদ্ধি পোৱাৰ বাবেই প্ৰধানতঃ বজাৰত বিলাহীৰ দাম কম হোৱা বুলি চৰকাৰে জানিবলৈ দিছে। এনে অৱস্থাত অনাগত দিনত বিলাহীৰ দাম আৰু হ্ৰাস পাব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

দেওবাৰে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সমগ্ৰ দেশতে বিলাহীৰ যোগান বৃদ্ধি পোৱাৰ বাবে মাহেকীয়া ভিত্তিত ২২.৪ শতাংশ বিলাহীৰ খুচুৰা মূল্য হ্ৰাস পাইছে। চৰকাৰী বিবৃতি অনুসৰি ১৪ নৱেম্বৰত সৰ্বভাৰতীয় পৰ্যায়ত বিলাহীৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৫২.৩৫ টকা হৈছে। যোৱা ১৪ অক্টোবৰত প্ৰতি কিলোগ্ৰাম বিলাহীত এই দৰ ৬৭.৫০ টকা আছিল বুলি মন্ত্ৰালয়ে লগতে উল্লেখ কৰিছে।

অৰ্থাৎ মন্ত্ৰালয়ৰ তথ্য মতে প্ৰতি কিলোগ্ৰাম বিলাহীত ১৫.১৫ টকাকৈ হ্ৰাস পাইছে। এই সময়ছোৱাত, দিল্লীৰ আজাদপুৰ বজাৰত বিলাহীৰ যোগান বৃদ্ধি হোৱাৰ বাবে পাইকাৰী মূল্যত প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে। আজাদপুৰ বজাৰত প্ৰতি কুইন্টাল বিলাহীত ৫,৮৮৩ টকাৰ পৰা প্ৰতি কুইণ্টলত ২,৯৬৯ টকালৈ হ্ৰাস পাইছে।

মন্ত্ৰালয়ে লগতে উল্লেখ কৰা মতে পিম্পলগাঁও (মহাৰাষ্ট্ৰ), মদনাপল্লে (অন্ধ্ৰ প্ৰদেশ) আৰু কোলাৰ (কৰ্ণাটক) আদি গুৰুত্বপূৰ্ণ বৃ্হৎ বজাৰতো এনেধৰণে মূল্যৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ তথ্য পোৱা গৈছে। মদনাপল্লে আৰু কোলাৰৰ বিলাহীৰ প্ৰধান ঘাটিসমূহত যোগান হ্ৰাস পাইছে যদিও মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ পৰা যোগান বৃদ্ধি পোৱাৰ বাবে সমগ্ৰ দেশতে যোগানৰ নাটনি দূৰ হৈছে আৰু মূল্য হ্ৰাস পাইছে বুলি কোৱা হৈছে।

মহিলাৰ বাবে মহৌষধ গুড়, এইদৰে খালে লাভ কৰিব অনন্য উপকাৰ
জ্বলি থকা চাকি ভুলতো নিজে নুমাই নিদিব! হ'ব সৰ্বনাশ...
এই জন্তুক খাদ্য খুৱালে মুক্তি লাভ কৰিব শনি দোষৰ পৰা, জানক সবিশেষ...
সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!