Gas cylinder price: বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, এতিয়া কিমান টকাত কিনিব লাগিব জানেনে?

Gas cylinder price: ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে। বিগত বৰ্ষৰ ৯ মাৰ্চত কেন্দ্ৰই অন্তিমবাৰৰ বাবে গেছ চিলিণ্ডাৰৰ মূল্য পৰিৱৰ্তন কৰিছিল। এতিয়া সুদীৰ্ঘ এটা বছৰৰ পিছত পুনৰ গেছ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰই বিগত বৰ্ষত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰিছিল। কিন্তু আজি চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰিছে কেন্দ্ৰই।

Gas cylinder price: বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, এতিয়া কিমান টকাত কিনিব লাগিব জানেনে?

চিলিণ্ডাৰৰ দাম বৃদ্ধি

Updated On: 

08 Apr 2025 00:10 AM

ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে। বিগত বৰ্ষৰ ৯ মাৰ্চত কেন্দ্ৰই অন্তিমবাৰৰ বাবে গেছ চিলিণ্ডাৰৰ মূল্য পৰিৱৰ্তন কৰিছিল। এতিয়া সুদীৰ্ঘ এটা বছৰৰ পিছত পুনৰ গেছ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰই বিগত বৰ্ষত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰিছিল। কিন্তু আজি চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰিছে কেন্দ্ৰই। লক্ষণীয়ভাৱে ২০২৩ চনৰ মাৰ্চৰ পিছত আজি প্ৰথমবাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে।

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তৰ বিষয়ে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া বৰ্তমানৰ দামতকৈ ঘৰুৱা চিলিণ্ডাৰত ৫০ টকা অধিক মূল্য ভৰিব লাগিব গ্ৰাহকসকলে। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ এতিয়া উজ্জ্বলা আঁচনিৰ অধীনত প্ৰদান কৰা গেছ চিলিণ্ডাৰৰ ওপৰতো পৰিব।

অৰ্থাৎ ৫০০ টকাত উপলব্ধ উজ্জ্বলা যোজনাৰ গেছ চিলিণ্ডাৰ এতিয়া ৫৫০ টকাত উপলব্ধ হ’ব। মঙলবাৰ অৰ্থাৎ কাইলৈৰ পৰা চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। ইয়াৰ ফলত অসমত এতিয়া ১৪.২ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ ৮৫২ টকাৰ পৰিৱৰ্তে ৯০২ টকাত উপলব্ধ হ’ব। আনহাতে দেশৰ ৰাজধানী দিল্লীত গেছ চিলিণ্ডাৰৰ মূল্য ৮০৩ টকাৰ পৰা ৮৫৩ টকালৈ বৃদ্ধি পাব।

উল্লেখ্য যে এটা বছৰৰ পিছত ঘৰুৱা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন দেখা গৈছিল। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন দেখা গৈছিল ২০২৪ চনৰ ৯ মাৰ্চত। তেতিয়া চৰকাৰে গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰিছিল। তাৰ পূৰ্বে ২০২৩ চনৰ ৩০ আগষ্টত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস পাইছিল। তেতিয়া ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১১০৩ টকাৰ পৰা ৯০৩ টকালৈ হ্ৰাস পাইছিল।

আনহাতে ২০২৩ চনৰ মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে আজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। ২০২৩ চনৰ মাৰ্চ মাহত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি পাইছিল। ২০২১ চনৰ ১ জুনৰ পৰা ২০২৩ চনৰ ১ মাৰ্চলৈ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য একেৰাহে ১০ বাৰ বৃদ্ধি পাইছিল। সেই সময়ছোৱাত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ২৯৪ টকা বৃদ্ধি হৈছিল।

এই ৫টা ফৰ্মূলাই ৰাহি কৰিব আপোনাৰ ধন! আজিয়ে গ্ৰহণ কৰক
বাস্তুৰ দোষ নাইকিয়া কৰিবলৈ ঘৰৰ চৌদিশে কি কি গছ ৰোপন কৰিব লাগে জানক
ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...