আজি দেশৰ ভিন্ন স্থানত কিমান দৰত বিক্ৰী সোণ? জানক কোনখন দেশে সোণ ক্ৰয় কৰাত সকলোকে অতিক্ৰম কৰিছে
২৯ নৱেম্বৰ শুকুৰবাৰে সোণৰ মূল্য ১০ গ্ৰাম সস্তা হৈ পৰিল। বৃহস্পতিবাৰৰ উত্থানৰ পিছত আজি সোণৰ মূল্য সামান্য সংশোধন হৈছে। ২৪ আৰু ২২ কেৰেটৰ মূল্য ১৫০ টকালৈ হ্ৰাস পাইছে। ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকাৰ ওচৰ চাপিছে।
আজিৰ দিনটোত মূল্য হ্ৰাস পাইছে সোণৰ। ২৪ আৰু ২২ কেৰেটৰ মূল্য ১৫০ টকা হ্ৰাস পাইছে। ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকাৰ ওচৰ পাইছে। ইফালে ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৭৭,৪০০ টকা। ২৯ নবেম্বৰত দেশৰ ডাঙৰ ডাঙৰ চহৰবোৰত সোণৰ মূল্য কিমান হৈছে জানো আহক…
আজিৰ দিনটোত ৰূপৰ মূল্য
দেশত এক কিলোগ্ৰাম ৰূপৰ মূল্য মাত্ৰ ৮৯,৫০০ টকা। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। বিগত কিছুদিন ধৰি ৰূপৰ মূল্য স্থিৰ আছে।
- দিল্লী- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০
- নয়ডা- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০
- গাজিয়াবাদ- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০
- জয়পুৰ- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০
- গুৰগাঁও-২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০
- লক্ষ্ণৌ- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০
- মুম্বাই- ২২ কেৰেট সোণৰ মূল্য ৭০,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৩৫০
- কলকাতা- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৩৫০
- পাটনা-২২ কেৰেট সোণৰ মূল্য ৭০,৯৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৪০০
- আহমেদাবাদ- ২২ কেৰেট সোণৰ মূল্য ৭০,৯৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৪০০
- ভুৱনেশ্বৰ- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৩৫০
- বেংগালুৰু- ২২ কেৰেট সোণৰ মূল্য ৭১,০৫০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৩৫০
- গুৱাহাটী- সোণৰ হাৰ ২৪ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৭৬,৬৬৮ টকা আৰু ২২ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৭০,২২৮টকা।
কিয় সস্তা হৈছে দাম?
বিশেষজ্ঞসকলৰ মতে কালি উত্থান হৈছিল আৰু আজি কিছু কম হৈছে সোণৰ দৰ। সোণৰ ব্যৱসায় হৈছে এটা ৰেঞ্জৰ ব্যসায়।কেতিয়াবা যদি মূল্য বৃদ্ধি হয় আৰু কেতিয়াবা ইয়াৰ মূল্য হ্ৰাস হয়। ২০২৫ চনত সোণৰ মূল্য বাঢ়িব আৰু ১০ গ্ৰামত ৯০হাজাৰ পৰ্যন্ত হ’ব পাৰে।
সোণ ক্ৰয় কৰাত কোন দেশে বাকী দেশক চেৰ পেলাইছে?
উল্লেখ্য যে, পোলেণ্ডৰ কেন্দ্ৰীয় বেংকে সোণৰ এনেকৈ ক্ৰয় কৰিছে যে এক নতুন ইতিহাস গঢ় লৈ উঠিছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি পোলেণ্ডে ১০০ টন সোণ ক্ৰয় কৰিছে। ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অস্থিৰতা, ভূ-ৰাজনৈতিক উত্তেজনা আৰু ইউক্ৰেইনত ৰাছিয়াৰ অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি পূব ইউৰোপে নিজৰ সোণৰ মজুত বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে।
ইতিহাসৰ পৰা লোৱা শিক্ষা
সোণ ক্ৰয় বৃদ্ধি পোৱাটো কেৱল পোলেণ্ডৰ তাৎক্ষণিক চিন্তাৰ বিষয় নহয় বৰঞ্চ ই এক পুৰণি অভিজ্ঞতাও। পোলেণ্ডকে ধৰি বহু দেশে বিগত যুদ্ধ আৰু অৰ্থনৈতিক সংকটৰ পৰিস্থিতিৰ পৰা শিকিছে। একে সময়তে বহু দেশৰ অর্থনৈতিক অৱস্থা উন্নত কৰাৰ ক্ষেত্রতো সোণে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷