১ এপ্ৰিলৰ পৰা সলনি হ’ব ক্ৰেডিট কাৰ্ডৰ নিয়ম, জানক সম্পূৰ্ণ তথ্য
১ এপ্ৰিলৰ পৰা ভাৰতত বেংকিং নিয়মৰ ডাঙৰ পৰিৱৰ্তন হ’ব। এই পৰিৱৰ্তনে সমগ্ৰ দেশৰ ব্যৱহাৰকাৰীসকলক প্ৰভাৱিত কৰিব। ১ এপ্ৰিলৰ পৰা ক্ৰেডিট কাৰ্ডৰ নিয়মত বহু সৰু-বৰ পৰিৱৰ্তন দেখা যাব।নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে SBI, IDFC আৰু এক্সিছ বেংকৰ দৰে বহু বেংকে ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰিব।

যোৱা কেইবছৰমানৰ পৰা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। ১ এপ্ৰিলৰ পৰা ভাৰতত বেংকিং নিয়মৰ ডাঙৰ পৰিৱৰ্তন হ’ব। এই পৰিৱৰ্তনে সমগ্ৰ দেশৰ একাউণ্টধাৰীসকলক প্ৰভাৱিত কৰিব। ক্ৰেডিট কাৰ্ডৰ সুবিধা, চেভিংছ একাউণ্টৰ নিয়ম, এ টি এম উলিওৱাৰ পলিচি আদি বহুতো কথা প্ৰভাৱিত হ’ব। এইবোৰৰ বিষয়ে জনাটো জৰুৰী যাতে আপুনি জৰিমনা বাচিব পাৰে। আৰু লগতে বেংকিঙৰ সম্পূৰ্ণ সুবিধা ল’ব পাৰিব।
১ এপ্ৰিলৰ পৰা ক্ৰেডিট কাৰ্ডৰ নিয়মত বহু সৰু-বৰ পৰিৱৰ্তন দেখা যাব।নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে এছ বি আই, আই ডি এফ চি ফাৰ্ষ্ট বেংক আৰু এক্সিছ বেংকৰ দৰে বহু বেংকে ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰিব। এই পৰিৱৰ্তনে মাচুল, ৰিৱাৰ্ড পইণ্ট আৰু সুবিধাসমূহত প্ৰভাৱ পেলাব।
SBI ক্ৰেডিট কাৰ্ড
কিছুমান বিশেষ ক্ৰয়ত এছ বি আই কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট হ্ৰাস পাব। SimplyCLICK SBI Card এ এতিয়া Swiggy ত 10X ৰ পৰিৱৰ্তে 5X ৰিৱাৰ্ড পইণ্ট লাভ কৰিব। কিন্তু আপুনি Myntra, BookMyShow আৰু Apollo 24 ৰ দৰে অংশীদাৰ ব্ৰেণ্ডত 10X পইণ্ট লাভ কৰি থাকিব।
এয়াৰ ইণ্ডিয়া এছ বি আই
ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ এছ বি আই এয়াৰ ইণ্ডিয়া কাৰ্ড ৰিৱাৰ্ড পইণ্টো হ্ৰাস কৰা হ’ব। এতিয়া এয়াৰ ইণ্ডিয়া এছ বি আই প্লেটিনাম কাৰ্ডৰ জৰিয়তে প্ৰতি ১০০ টকাৰ বিপৰীতে ১৫ পইণ্টৰ সলনি ৫ পইণ্ট পাব।যদিহে এয়াৰ ইণ্ডিয়া এছ বি আই চিগনেচাৰ কাৰ্ডে ৩০ পইণ্টৰ সলনি ১০ পইণ্ট দিব।
এক্সিছ বেংক ভিষ্টাৰা ক্ৰেডিট কাৰ্ড
ভিষ্টাৰা আৰু এয়াৰ ইণ্ডিয়াৰ একত্ৰীকৰণৰ পিছত এক্সিছ বেংকে নিজৰ ভিষ্টাৰা ক্ৰেডিট কাৰ্ডৰ সুবিধা সলনি কৰিবলৈ ওলাইছে। ২০২৫ চনৰ ১৮ এপ্ৰিলৰ পৰা কাৰ্ড নবীকৰণ কৰাসকলৰ পৰা কোনো বাৰ্ষিক মাচুল লোৱা নহ’ব। কিন্তু মহাৰাজা ক্লাবৰ বিনামূলীয়া সদস্যপদৰ দৰে কিছু বিশেষ সুবিধাৰ অন্ত পৰিব।
IDFC ফাৰ্ষ্ট বেংক ক্ৰেডিট কাৰ্ড
আইডিএফচি ফাৰ্ষ্ট বেংকে ৩১ মাৰ্চৰ পৰা ক্লাব ভিষ্টাৰা ক্ৰেডিট কাৰ্ডৰ মাইলষ্টোন ৰিৱাৰ্ডছ বন্ধ কৰিব, তেতিয়ালৈকে মহাৰাজা পইণ্ট উপলব্ধ হৈ থাকিব। কিন্তু পিছত এই কাৰ্ডৰ ম্যাদ উকলি যাব। ক্লাব ভিষ্টাৰা ছিলভাৰৰ সদস্যপদ আৰু প্ৰিমিয়াম ইকনমি টিকট আৰু ক্লাছ উন্নীতকৰণৰ দৰে বিনামূলীয়া ভাউচাৰো বন্ধ কৰা হ’ব। ২০২৫ চনৰ ৩১ মাৰ্চৰ পিছত নবীকৰণ কৰাসকলৰ এবছৰৰ মাচুল ৰেহাই দিয়া হ’ব যদিও ভিষ্টাৰাৰ সৈতে জড়িত ভ্ৰমণ সুবিধাসমূহ আঁতৰোৱা হ’ব।