DA Hike: দীপাৱলীৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ ডাঙৰ উপহাৰ, কিমান বৃদ্ধি পাব দৰমহা?
বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাইত মৰগীয়া বানচ (DA) বৃদ্ধি কৰে কেন্দ্ৰীয় চৰকাৰে। মাৰ্চত হোলীৰ সময়ত আৰু ছেপ্টেম্বৰত দীপাৱলীৰ সময়ত। ইয়াৰ পাছত পৰিশোধ কৰা হয় বৃদ্ধি হোৱা বকেয়া ধন। এই বছৰ, বিশেষকৈ জুলাইৰ বাবে মৰগীয়া বানচ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট বিলম্ব হোৱা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ডিএ ৩ শতাংশ বৃদ্ধিৰ ঘোষণা কৰিছে।
দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ। চৰকাৰে বুধবাৰে দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া বানচ (DA) ৩ শতাংশ বৃদ্ধিৰ অনুমোদন জনাইছে। এই নতুন নিৰিখ কাৰ্যকৰী হ’ব এইবৰ্ষৰ ১ জুলাইৰ পৰা। অৰ্থাৎ জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰৰ বকেয়া ধনো একেলগে লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে।
এই বৃদ্ধিৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৫০ শতাংশৰ পৰা ৫৩ শতাংশ হ’বগৈ। ইয়াৰ পূৰ্বে এই বৰ্ষৰ মাৰ্চত মাহত ৪ শতাংশ ডিএ বৃদ্ধি কৰা হৈছিল। আবেলি ৩ বজাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মৰগীয়া বানচ বৃদ্ধিৰ কথা আনুষ্ঠানিক ঘোষণা কৰা হয়। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৯,৪৪৮ কোটি টকাৰ বিত্তীয় বোজা বৃদ্ধি পাব। চৰকাৰৰ এই সিদ্ধান্তই ৪৯.১৮ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৪.৮৯ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব।
সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী আৰু জুলাইত কৰ্মচাৰীসকলৰ ডিএ সংশোধন কৰে। মাৰ্চত হোলীৰ সময়ত আৰু ছেপ্টেম্বৰত দীপাৱলীৰ সময়ত। ইয়াৰ পাছত পৰিশোধ কৰা হয় বৃদ্ধি হোৱা বকেয়া ধন। ই বছৰ, বিশেষকৈ জুলাইৰ বাবে মৰগীয়া বানচ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট বিলম্ব হোৱা দেখা গৈছে। যিটো ৫ অক্টোবৰত হ’বলগীয়া হাৰিয়ানা নিৰ্বাচনৰ আগতে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছিল। এতিয়া খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ডিএ ৩ শতাংশ বৃদ্ধিৰ ঘোষণা কৰিছে।
ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে বুধবাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে, যাৰ ফলত মুঠ ডিএ ৫০ শতাংশলৈ বৃদ্ধি হয়।ৰায়পুৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী চাইয়ে কয় যে আজি পুৱা ১১:৩০ বজাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে সকলো ৰাজ্যিক কৰ্মচাৰীয়ে এতিয়া ৪৬ শতাংশ ডিএ লাভ কৰি আছে, আমি তেওঁলোকৰ ডিএ ৪ শতাংশ বৃদ্ধি কৰিম। এতিয়াৰ পৰা, তেওঁলোকে ৫০ শতাংশ ডিএ লাভ কৰিব। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েও এই বিষয়ত এক্সত পোষ্ট কৰিছে।
मुख्यमंत्री श्री @vishnudsai ने राज्य के कर्मचारियों को दिया दीपावली का उपहार।
महंगाई भत्ता 46% से बढ़ाकर 50% किए जाने की घोषणा।
01 अक्टूबर से राज्य के कर्मचारियों को मिलेगा महंगाई भत्ते का लाभ।
कैबिनेट की बैठक से पहले मुख्यमंत्री की बड़ी घोषणा- महंगाई भत्ता 4% बढ़ा…— CMO Chhattisgarh (@ChhattisgarhCMO) October 16, 2024
আনহাতে, চৰকাৰে ৰবি শস্যৰ ওপৰত এমএছপি বৃদ্ধিৰ কথা ঘোষণা কৰিছে। যাৰ যোগেদি কৃষকসকলক সকাহ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাইছে যে কেবিনেটে ২০২৫-২৬ চনৰ বাবে ৬বিধ ৰবি শস্যৰ বাবে এমএছপিত অনুমোদন জনাইছে। এইটো খবৰ পোৱা গৈছে যে ঘেঁহুৰ এমএছপি ১৫০ টকা প্ৰতি কুইন্টললৈ বৃদ্ধি কৰা হৈছে। সৰিয়হৰ ওপৰত এমএছপি ৩০০ টকা বৃদ্ধি কৰা হৈছে।