জ্বলি যোৱা বা ফটা নোট বদলি কৰিব পাৰিনে ? জানক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই নিয়ম…

আপুনি জানেনে যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি ফটা বা জ্বলি যোৱা নোট বদলি কৰিব পাৰি। ইয়াৰ বাবে নিৰ্দিষ্ট নিয়ম আছে। নোটখন বদলি কৰিব পাৰিব নে নোৱাৰে সেয়া নিৰ্ভৰ কৰে ইয়াৰ অৱস্থাৰ ওপৰত।

জ্বলি যোৱা বা ফটা নোট বদলি কৰিব পাৰিনে ? জানক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই নিয়ম...

ভাৰতীয় ৰিজাৰ্ভ বেংক

Published: 

18 Apr 2025 12:32 PM

জ্বলা বা ফটা পইচা বা নোট বেংকত বদলি কৰিব পাৰিনে ? বহুতৰ এটা ধাৰণা থাকে যে, ফটা নোট বা আধা জ্বলা নোট কোনো ধৰণৰ কামত নাহে । সেই নোটে সম্পূৰ্ণৰূপে মূল্য হেৰুৱাই । কিন্তু আপুনি জানেনে যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি ফটা বা জ্বলি যোৱা নোট বদলি কৰিব পাৰি। ইয়াৰ বাবে নিৰ্দিষ্ট নিয়ম আছে। নোটখন বদলি কৰিব পাৰিব নে নোৱাৰে সেয়া নিৰ্ভৰ কৰে ইয়াৰ অৱস্থাৰ ওপৰত। উদাহৰণস্বৰূপে, যদি কোনো নোট সামান্য লেতেৰা বা ক্ষতিগ্ৰস্ত হয়, তেন্তে যিকোনো ৰাজহুৱা বা ব্যক্তিগত বেংকত বদলি কৰিব পাৰি। যদিহে নোটখন আৰু অধিক ক্ষতিগ্ৰস্ত হয়, তেন্তে ৰিজাৰ্ভ বেংকৰ কোনো নিৰ্দিষ্ট শাখালৈ গৈ বদলি কৰিব পাৰিব।

কি কি ক্ষেত্ৰত নোট বদলি কৰা হয়?

যদি কোনো নোট লেতেৰা বা অলপ ফটা হয়, কিন্তু নোটখনৰ দুয়োফালে ক্ৰমিক নম্বৰটো দেখা যায়, তেন্তে ইয়াক অক্ষত নোট বুলি গণ্য কৰা হ’ব। এই নোট সলনি কৰাৰ প্ৰয়োজন নাই।

যদি ছিৰিয়েল নম্বৰ ফাটি যায় তেন্তে যিকোনো চৰকাৰী বেংকৰ শাখাত বা ব্যক্তিগত বেংকৰ নিদিষ্ট শাখাত (আৰ বি আইয়ে ধন ৰখা শাখা) সলনি কৰিব পাৰিব। ইয়াৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচৰ পৰাও নোট বদলি কৰিব পাৰিব। ইয়াৰ বাবে কোনো প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰয়োজন নাই।

যদি কোনো নোট টুকুৰা টুকুৰ হৈ যায়, তেতিয়াও সেই নোটো সলনি কৰিব পাৰি। মহাত্মা গান্ধীৰ ছবি বা টকাৰ ওপৰত থকা অশোক চক্ৰৰ ছবি ফাটি বা নষ্ট হ’লেও নোটখন বদলি কৰিব পৰা যায়। এই ক্ষেত্ৰতো আপুনি যিকোনো চৰকাৰী বেংক, ব্যক্তিগত বেংকৰ নিদিষ্ট শাখা বা আৰ বি আই শাখালৈ গৈ নোট বদলি কৰিব পাৰে।

যদি কোনো নোট জ্বলি যায় বা ক্ষতিগ্ৰস্ত হয় তেন্তে ৰিজাৰ্ভ বেংকৰ অফিচত সদলি কৰিব পাৰিব। সম্পূৰ্ণৰূপে ধ্বংস বা জ্বলি যোৱা নোট আৰ বি আইৰ কাৰ্যালয়তো বদলি কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ ইছ্যু বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে কথা পাতিব লাগিব।

মনত ৰাখিব যদি কোনো বেংকে সামান্য ক্ষতিগ্ৰস্ত নোট বদলি কৰিবলৈ অস্বীকাৰ কৰে তেন্তে আপুনি পোনপটীয়াকৈ বেংক পৰিচালনা বা আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়ত অভিযোগ দিব পাৰে।

নোট বদলি কৰাৰ নিয়ম

এদিনত বেংকত সৰ্বাধিক ২০ টা নোট বা সৰ্বাধিক ৫,০০০ টকা বদলি কৰিব পাৰিব। ইয়াৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহয় ।

যদি কোনোবাই এই পৰিমাণতকৈ অধিক বদলি কৰিব বিচাৰে তেন্তে প্ৰয়োজনীয় নথি-পত্ৰ যেনে পৰিচয় পত্ৰ, বেংকৰ নথি-পত্ৰ দেখুৱাব লাগিব। এনে ক্ষেত্ৰত বেংকত নিৰ্দিষ্ট পৰিমাণৰ চাৰ্ভিচ চাৰ্জ দিব লাগিব।

যদি আপুনি ফাটি যোৱা বা ক্ষতিগ্ৰস্ত নোট বেংকত জমা কৰে তেন্তে সেই ধন বেংকে গ্ৰাহকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট