অভিলেখ ! এটা বছৰত দিল্লী চৰকাৰে কিমান টকা আবকাৰী ৰাজহ লাভ কৰে ? জানক

আপুনি জানেনে যে, আপোনাৰ এই অভ্যাসৰ বাবে এটা বছৰত চৰকাৰে উপাৰ্জন কৰিলে ৭,৭৬৬ কোটি । প্ৰকাশিত খবৰ অনুসৰি, এক প্ৰকাৰে আবকাৰী ৰাজহ সংগ্ৰহত অভিলেখ সৃষ্টি কৰিছে দেশৰ ৰাজধানীয়ে ।

অভিলেখ ! এটা বছৰত দিল্লী চৰকাৰে কিমান টকা আবকাৰী ৰাজহ লাভ কৰে ? জানক

প্ৰতীকী ফটো

Published: 

18 Apr 2025 15:13 PM

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰে মদ্যপান এটা অভ্য়াসত পৰিণত হৈছে । কিন্তু আপুনি জানেনে যে, আপোনাৰ এই অভ্যাসৰ বাবে এটা বছৰত চৰকাৰে উপাৰ্জন কৰিলে ৭,৭৬৬ কোটি । প্ৰকাশিত খবৰ অনুসৰি, এক প্ৰকাৰে আবকাৰী ৰাজহ সংগ্ৰহত অভিলেখ সৃষ্টি কৰিছে দেশৰ ৰাজধানীয়ে । তথ্য অনুসৰি, ২০২৪-২৫ চনত দিল্লী চৰকাৰৰ আবকাৰী ৰাজহ প্ৰায় ৭,৭৬৬ কোটি টকালৈ বৃদ্ধি পাইছে।

এগৰাকী বিষয়াই সদৰী কৰা মতে,তিনি বছৰ পূৰ্বে ২০২১-২২ চনত দেশৰ ৰাজধানী দিল্লী চৰকাৰৰ আবকাৰী ৰাজহ আছিল ৬,৭৬২.৬১ কোটি টকা। ইয়াৰ ভিতৰত আবকাৰী শুল্ক আৰু মূল্য সংযোজিত কৰ (ভেট) অন্তৰ্ভুক্ত। ২০২১-২২ চনৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আবকাৰী ৰাজহ ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। বিষয়াসকলে জনোৱা মতে, ২০২২-২৩ চনত ৬,৮৩০ কোটি, ২০২৩-২৪ চনত ৭,৪৩০.৯৭ কোটি আৰু ২০২৪-২৫ চনত ৭,৭৬৫.৯৭ কোটি টকালৈ বৃদ্ধি পাইছে আবকাৰী ৰাজহ।

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে এই সংখ্যা সামান্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ আবকাৰী শুল্ক আৰু ভেটৰ তথ্য মাত্ৰ ফেব্ৰুৱাৰী মাহলৈকে দিয়া হৈছে । উল্লেখ্য যে, দিল্লী চৰকাৰে বিগত মাহত বৰ্তমানৰ আবকাৰী নীতিৰ সময়সীমা তিনি মাহৰ বাবে বৃদ্ধি কৰিছিল কাৰণ ইয়াৰ নতুন সংস্কৰণ এতিয়াও প্রস্তুত হোৱা নাই৷

তেতিয়াৰ আম আদমী পাৰ্টিৰ চৰকাৰে সংশোধনী নীতি (২০২১-২২) বাতিল কৰাৰ পিছত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পুৰণি আবকাৰী নীতি কাৰ্যকৰী হয়। দিল্লী চৰকাৰে এতিয়াও নতুন নীতি উলিয়াব পৰা নাই বাবেই পুৰণি নীতি বিভিন্ন সময়লৈ বৃদ্ধি কৰা হৈছে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই পিটিআইক জনাইছে যে, তেওঁৰ চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে নতুন, সম্পূৰ্ণ নিৰাপদ আৰু স্বচ্ছ আবকাৰী নীতিৰ ওপৰত কাম কৰি আছে। তেওঁ কয় যে, আন ৰাজ্যত গ্ৰহণ কৰা উত্তম পদ্ধতিৰ ভিত্তিত নতুন নীতি প্ৰস্তুত কৰা হ’ব। পুৰণি নীতিৰ অধীনত দিল্লী চৰকাৰৰ চাৰিটা নিগমে সমগ্ৰ চহৰখনত ৭০০ৰো অধিক খুচুৰা সুৰাৰ দোকান চলাই আছে।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট