২০২৫ চনত 5G বাজেট স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পাব ! ইয়াৰ কাৰণ কি ? জানক

5G স্মাৰ্টফোন কম মূল্যত আৰু গ্ৰাহকৰ বাবে ১০ হাজাৰতকৈও কম মূল্যত মুকলি কৰি থাকে । তেন্তে ২০২৫ চনত সমগ্ৰ দেশতে এণ্ট্ৰি লেভেল 5G স্মাৰ্টফোনৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাব।

২০২৫ চনত 5G বাজেট স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পাব ! ইয়াৰ কাৰণ কি ? জানক

প্ৰতীকী ফটো

Updated On: 

24 Dec 2024 16:34 PM

নতুন বছৰত নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? ইতিমধ্য়ে দেশত 5G স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে । কোম্পানীয়ে যদি ১০০০০ টকাৰ তলৰ বাজেটত 5G স্মাৰ্টফোন মুকলি কৰে তেন্তে ইয়াৰ চাহিদা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ২০২৪ চনত কেইবাটাও এই বাজেটত 5G স্মাৰ্টফোন মুকলি কৰা হৈছিল আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ২০২৫ চনতো এই ছেগমেণ্টত নতুন 5G স্মাৰ্টফোন মুকলি কৰিব পাৰে স্মাৰ্টফোন কোম্পানীসমূহে ।

বজাৰ গৱেষক কাউণ্টাৰপইণ্ট ৰিচাৰ্চে অনুমান কৰিছে যে, দেশত 5G স্মাৰ্টফোনৰ চাহিদা আৰু বিক্ৰী বৃদ্ধি পাবলৈ ধৰিছে । কাৰণ 5G ডিভাইচৰ দাম হ্ৰাস পাইছে। শেহতীয়াকৈ ভাৰতৰ বজাৰত ১০ হাজাৰ টকাতকৈও কম মূল্যত Poco C75 আৰু Redmi A4 5Gৰ দৰে স্মাৰ্টফোনসমূহ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে।

যদিহে এনে 5G স্মাৰ্টফোন কম মূল্যত আৰু গ্ৰাহকৰ বাবে ১০ হাজাৰতকৈও কম মূল্যত মুকলি কৰি থাকে । তেন্তে ২০২৫ চনত সমগ্ৰ দেশতে এণ্ট্ৰি লেভেল 5G স্মাৰ্টফোনৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাব। ২০২৪ চনৰ ছেপ্টেম্বৰ ত্ৰৈমাসিকৰ শেষলৈকে ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ 5G ব্যৱহাৰকাৰী ক্ৰমে ১৪.৮ কোটি আৰু ১০৫ মিলিয়ন 5G ব্যৱহাৰকাৰী আছিল। বৰ্তমান ভোডাফোন আইডিয়াৰ 5G সেৱা নাই যদিও কোম্পানীটোৱে অতি সোনকালে 5G সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।

ET ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, আই আই এফ এল ছিকিউৰিটিজে কৰা বজাৰ সমীক্ষা অনুসৰি ৬ হাজাৰৰ পৰা ৭ হাজাৰ টকাৰ বাজেট থকা গ্ৰাহকৰ হাতত বৰ্তমান 4G মোবাইল ফোন একমাত্ৰ বিকল্প হিচাপে আছে। কিন্তু ১০ হাজাৰতকৈ অধিক বাজেট থকা নতুন মোবাইল ব্যৱহাৰকাৰীৰ ১০০ শতাংশই 5G মোবাইল ফোন ক্ৰয় কৰিছে। আই আই এফ এল ছিকিউৰিটিজে কয় যে, বিক্ৰীৰ ক্ষেত্ৰত Vivo কোম্পানীয়ে তালিকা শীৰ্ষত স্থান লাভ কৰিছে ইয়াৰ পাছতে আছে Oppo আৰু Samsung ।

পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!
কাইলৈ পবিত্ৰ বৰদিন, জানক সমগ্ৰ বিশ্বতে উদযাপন কৰা বৰদিনৰ আঁৰৰ কাহিনী