5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Dhanteras Gold Buying Timing: ধনতেৰাছত সোণ কিনাৰ সঠিক সময় কেতিয়া? সবিশেষ জানক

দেৱালীৰ দুদিন আগতে ধনতেৰাছত সোণ ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে ধনতেৰাছৰ দিনা সঠিক সময়ত তৈয়াৰ কৰা সোণ ক্ৰয় কৰিলে আপোনাৰ অধিক ভাল লাভ হ'ব পাৰে। সবিশেষ জানক...

Dhanteras Gold Buying Timing: ধনতেৰাছত সোণ কিনাৰ সঠিক সময় কেতিয়া? সবিশেষ জানক
ধনতেৰাছত সোণ কিনাৰ সঠিক সময় কেতিয়া?
trishna-kalita
Trishna Kalita | Published: 23 Oct 2024 21:42 PM

দেশজুৰি অব্যাহত আছে দেৱালীৰ ব্যাপক প্ৰস্তুতি । অক্ষয় তৃতীয়াৰ উপৰিও ধনতেৰাছৰ দিনা সোণ ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে ধনতেৰাছৰ দিনা সঠিক সময়ত সোণ ক্ৰয় কৰিলে আপোনাৰ অধিক লাভ অৰ্থাৎ বিনিয়োগ ওপৰত অধিক লাভ আদায় দিব পাৰে।

ধনতেৰাছত সোণ, ৰূপ, নতুন বাচন-বৰ্তন আৰু গহনা ক্ৰয় কৰাটো বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। এই দিনটোতে মানুহে নতুন বাচন-বৰ্তন কিনি লক্ষ্মী দেৱীক অৰ্পণ কৰি ঘৰত সমৃদ্ধি কঢ়িয়াই আনে। ইয়াৰ বাহিৰে ধনতেৰাৰ দিনা ঘৰত নতুন বস্তু আনিলে ধন-সম্পত্তি আনে। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত ধনতেৰাচ উৎসৱ পালন কৰা হয়। ধনেৰাচৰ দিনা সোণ, ৰূপ, বাচন, ঝাড়ুৰ দৰে বস্তু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। ধনেৰাচ উপলক্ষে ভগৱান ধন্বন্তৰি আৰু যমৰাজ পূজাৰ পৰম্পৰা আছে।

এই বছৰ ২৯ অক্টোবৰত উদযাপন কৰা হ’ব ধনতেৰাছ উৎসৱ। এই দিনটোত সোণ কিনাৰ সঠিক সময় কেতিয়া? বুজি চাও আহক। বিশ্বাস কৰা হয় যে এই দিনটোত সোণ ক্ৰয় কৰিলে সৌভাগ্য আৰু সমৃদ্ধি আহে অৰ্থাৎ জীৱনত লক্ষ্মীৰ আগমন হয়। এই দিনটোত সোণৰ ক্ৰয়ে সমৃদ্ধিক স্থিৰতা প্ৰদান কৰে।

সোণ কিনাৰ সঠিক সময়

এই বছৰ ধনতেৰাছৰ শুভ সময় ২৯ অক্টোবৰৰ পুৱা ১০:৩১ বজাত আৰম্ভ হ’ব। যি ৩০ অক্টোবৰৰ বিয়লি ১:১৫ বজালৈকে থাকিব। আপুনি বিচাৰিলে এই গোটেই সময়ছোৱাৰ ভিতৰত সোণ ক্ৰয় কৰিব পাৰে। কিন্তু আমি ইয়াত সোণ ক্ৰয় কৰাৰ সঠিক সময়ৰ কথা ক’ম। যি সময় ২৯ অক্টোবৰৰ মাজনিশা ১২:০১ বজাত আৰম্ভ হ’ব আৰু নিশা ২:৪৫ বজাত সমাপ্ত হ’ব।

যদি আপুনি ধনতেৰাছত নিশা সোণৰ বজাৰ কৰিব বিচাৰে। তেন্তে এই সময়ত আপুনি বিচাৰিলে অনলাইনযোগে সোণ ক্ৰয় কৰিব পাৰে।এই দিনটোত জুৱেলাৰ আৰু বজাৰৰ অন্যান্য দোকানবোৰ গোটেই নিশা খোলা থাকে। সেয়েহে নিশা সোণ কিনাৰ ক্ষেত্ৰত কোনো সমস্যা নহ’ব।

 

Latest News