Dhirubhai Ambani Birthday: ৩০০ টকীয়া চাকৰিৰ পৰা হাজাৰ কোটি টকাৰ ব্যৱসায়লৈ…জানক আম্বানীৰ সফলতাৰ আঁৰৰ কাহিনী
১৯৩২ চনৰ ২৮ ডিচেম্বৰত গুজৰাটৰ চোৰৱাডত ধীৰুভাই আম্বানীৰ জন্ম হৈছিল। আৰ্থিক অসুবিধাৰ বাবে তেওঁ দশমৰ পিছত পঢ়া-শুনা এৰিব লগা হৈছিল। ১৭ বছৰ বয়সত পৰিয়ালক সহায় কৰিবলৈ তেওঁ য়েমেনৰ এডেন চহৰৰ এটা পেট্ৰ'ল ষ্টেচনত কাম কৰিবলৈ আৰম্ভ কৰে। য'ত তেওঁ ৩০০ টকা মাহিলী দৰমহা লাভ কৰিছিল।
কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ আটাইতকৈ ধনী আৰু সফল পৰিয়ালৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আম্বানী। ধীৰুভাই আম্বানীয়ে তেওঁৰ কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু অতুলনীয় দূৰ দৃষ্টিৰে এই খ্যাতিৰ ভেটি স্থাপন কৰিছিল। তেওঁৰ জীৱন এই সত্যৰ এক প্ৰতীক যে সীমিত সম্পদৰ দ্বাৰা বৃহৎ সফলতা অৰ্জন কৰিব পাৰি।
প্ৰাৰম্ভিক জীৱন আৰু সংগ্ৰাম
১৯৩২ চনৰ ২৮ ডিচেম্বৰত গুজৰাটৰ চোৰৱাডত ধীৰুভাই আম্বানীৰ জন্ম হৈছিল। আৰ্থিক অসুবিধাৰ বাবে তেওঁ দশমৰ পিছত পঢ়া-শুনা এৰিব লগা হৈছিল। ১৭ বছৰ বয়সত পৰিয়ালক সহায় কৰিবলৈ তেওঁ য়েমেনৰ এডেন চহৰৰ এটা পেট্ৰ’ল ষ্টেচনত কাম কৰিবলৈ আৰম্ভ কৰে। য’ত তেওঁ ৩০০ টকা মাহিলী দৰমহা লাভ কৰিছিল। পাছত তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা অতি সোনকালে ফিলিং ষ্টেচনৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰে।
ৰিলায়েন্সৰ আৰম্ভণি
ধীৰুভাই ১৯৫৪ চনত ভাৰতলৈ উভতি আহিছিল। ডাঙৰ সপোন আৰু ৫০০ টকাৰ সঞ্চয়ৰ সৈতে, তেওঁ মুম্বাইৰ এটা সৰু কোঠাৰ পৰা ৰিলায়েন্স কমাৰ্চ কৰ্পোৰেচন আৰম্ভ কৰিছিল। তেওঁৰ কোম্পানীয়ে ভাৰতলৈ পলিয়েষ্টাৰ সূতা আমদানি কৰিছিল আৰু মচলা ৰপ্তানি কৰিছিল। লাহে লাহে তেওঁ ব্যৱসায়টো সম্প্ৰসাৰিত কৰে আৰু ১৯৬৬ চনত বিমল ব্ৰেণ্ডৰ সৈতে বস্ত্ৰ উদ্যোগত প্ৰৱেশ কৰে। ব্ৰেণ্ডটো সোনকালেই ভাৰতীয় বজাৰত জনপ্ৰিয় হৈ পৰিছিল আৰু ধীৰুভাইয়ে তেওঁৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল।
সম্প্ৰসাৰণ আৰু সফলতা
ধীৰুভায়ে বস্ত্ৰৰ লগতে পেট্ৰ’কেমিকেল, শোধন আৰু অন্যান্য খণ্ডলৈ ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল। তেওঁ কেৱল ব্যৱসায় বৃদ্ধি কৰাই নহয়, লাখ লাখ লোকক নিযুক্তিৰ সুযোগো প্ৰদান কৰিছিল। তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্বই ২০০০ চনৰ ভিতৰত ৰিলায়েন্সক ইণ্ডিয়াৰ এক নম্বৰ কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিছিল।যাৰ মূল্যাংকন আছিল ৬২,০০০ কোটি টকা ।
উত্তৰাধিকাৰী আৰু অনুপ্ৰেৰণা
২০০২ চনৰ ৬ জুলাইত ধীৰুভাই আম্বানীৰ মৃত্যু হয়। পাছতে তেওঁৰ ব্যৱসায় পুত্ৰ মুকেশ আম্বানী আৰু অনিল আম্বানীয়ে আগবঢ়াই নিছিল। আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মূল্য হৈছে ১৬.৬০ লাখ কোটি টকা। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত গণ্য কৰা হয় মুকেশ আম্বানীক।