5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Diwali Gift : দীপাৱলীৰ উপলক্ষে আম্বানীৰ ডাঙৰ উপহাৰ, ৩৭ লাখ বিনিয়োগকাৰীয়ে লাভ কৰিব বোনাছ শ্বেয়াৰ…

দিপাৱলীৰ উপহাৰ হিচাপে ৰিলায়েন্সৰ বিনিয়োগকাৰীক বোনাছ শ্বেয়াৰ দিব মুকেশ আম্বানীয়ে । ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মতে, শ্বেয়াৰহোল্ডাৰসকলক প্ৰতিটো শ্বেয়াৰত এটাকৈ বোনাছ শ্বেয়াৰ উপহাৰ হিচাপে দিয়া হ'ব।

Diwali Gift : দীপাৱলীৰ উপলক্ষে আম্বানীৰ ডাঙৰ উপহাৰ, ৩৭ লাখ বিনিয়োগকাৰীয়ে লাভ কৰিব বোনাছ শ্বেয়াৰ…
মুকেশ আম্বানী
manas-borah
Manas Borah | Updated On: 28 Oct 2024 13:32 PM

পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবৰ বাবে সকলো অপেক্ষা কৰি আছে । পোহৰৰ উৎসৱ দীপাৱলীত সকলোৱে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আনন্দৰ মুহূৰ্ত কটায় । ইফালে দীপাৱলীৰ উপলক্ষে প্ৰত্যেকে ইজনে সিজনক উপহাৰ দিয়াৰ পৰম্পৰাও আমাৰ সমাজত আছে । এইবাৰ দীপাৱলীত ডাঙৰ উপহাৰ দিবৰ বাবে সাজু হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী ।

দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ঘোষণা কৰা এই উপহাৰ আজি সোমবাৰে লাখ লাখে লোকে লাভ কৰিব । প্ৰকাশিত খবৰ অনুসৰি, মুকেশ আম্বানীৰ এই উপহাৰ এজন বা দুজন মানুহৰ বাবে নহয়, প্ৰায়ে ৩৭ লাখ লোকে লাভ কৰিব এই উপহাৰ । মনকৰিবলগীয়া যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সাধাৰণ সভাত বিনিয়োগকাৰীক দীপাৱলীৰ সময়তে বিশেষ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল মুকেশ আম্বানীয়ে ।

আম্বানীৰ এই ঘোষণাৰ পাছতে এতিয়া সময় আহিল এই উপহাৰ লোৱাৰ । আজি ৩৭ লাখ লোকে লাভ কৰিব মুকেশ আম্বানীৰ এই উপহাৰ । জানিব পৰা মতে, দিপাৱলীৰ উপহাৰ হিচাপে ৰিলায়েন্সৰ বিনিয়োগকাৰীক বোনাছ শ্বেয়াৰ দিব মুকেশ আম্বানীয়ে । ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মতে, শ্বেয়াৰহোল্ডাৰসকলক প্ৰতিটো শ্বেয়াৰত এটাকৈ বোনাছ শ্বেয়াৰ উপহাৰ হিচাপে দিয়া হ’ব। অৰ্থাৎ আপোনাৰ বিনিয়োগ দুগুণ হ’ব।

যিসকল বিনিয়োগকাৰীৰ নাম ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৰেকৰ্ড বুকত আছে তেওঁলোকে এই বোনাছ শ্বেয়াৰ উপহাৰ হিচাপে লাভ কৰিব। প্ৰকাশিত তথ্য অনুসৰি, ২০১৭ চনৰ আৰম্ভণিতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে শ্বেয়াৰহোল্ডাৰসকলক বোনাছ শ্বেয়াৰ উপহাৰ দিছিল। ২০০৯ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে এটা শ্বেয়াৰৰ ওপৰত এটা শ্বেয়াৰ বোনাছ দিছিল।

Latest News