Gold Prices Fall In India: ট্ৰাম্পৰ জয়ৰ পিছত ডলাৰৰ ৰেকৰ্ড! সোণৰ মূল্য ৭০ হাজাৰ হ’ব নেকি?

ডলাৰ সূচকাংকৰ শক্তি আৰু সোণৰ চাহিদা হ্ৰাস পোৱাৰ প্ৰভাৱ বজাৰত এতিয়া স্পষ্টকৈ দেখা গৈছে। ৫ নৱেম্বৰৰ পিছত দেশৰ বজাৰত সোণৰ মূল্য ৩৫০০ টকা হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ দাম ৭৫ হাজাৰ টকাৰ স্তৰত উপনীত হৈছে। আনহাতে, ৰূপৰ মূল্যও ৬৩০০ টকাতকৈ অধিক হ্ৰাস পাইছে।

Gold Prices Fall In India: ট্ৰাম্পৰ জয়ৰ পিছত ডলাৰৰ ৰেকৰ্ড! সোণৰ মূল্য ৭০ হাজাৰ হ’ব নেকি?

সোণৰ মূল্য ৭০ হাজাৰ হ’ব নেকি?

Published: 

12 Nov 2024 16:32 PM

ড’নাল্ড ট্ৰাম্পে জয়লাভ কৰাৰ পিছৰে পৰা ডলাৰৰ সূচকাংক ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে। যাৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ঘৰুৱা বজাৰলৈ দেখা গৈছে। স্থানীয় বজাৰৰ কথা ক’বলৈ গ’লে ৫ ছেপ্টেম্বৰৰ পৰা সোণৰ মূল্য ৪.৪৪ শতাংশ হ্ৰাস পাইছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ৫ শতাংশ হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ অনুমান অনুসৰি বছৰৰ শেষলৈকে ডলাৰ সূচকাংকই ১০৭ৰ স্তৰ স্পৰ্শ কৰিব পাৰে। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দামৰ ওপৰত অধিক হেঁচা পৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ২৩০০ ডলাৰ পৰ্যন্ত দেখা যাব।

অৰ্থাৎ ভাৰতৰ ভৱিষ্যত মাৰ্কেটত সোণৰ মূল্য ৭০ হাজাৰ টকাৰ স্তৰত দেখা পোৱা যায়। আনহাতে, বিশেষজ্ঞসকলে কয় যে, সোণৰ দাম বৃদ্ধিৰ বাবে আন কোনো ট্ৰিগাৰ দেখা নাযায়। আন্তঃৰাষ্ট্ৰীয় বজাৰতো, ঘৰুৱা বজাৰতো চাহিদা বৃদ্ধিৰ কোনো সম্ভাৱনা নাই। এই কাৰণে বছৰৰ শেষলৈকে সোণৰ মূল্য ৭০ হাজাৰ টকাৰ স্তৰত উপনীত হ’ব পাৰে। বৰ্তমান সময়ত সোণৰ দাম কিমান দেখা গৈছে আৰু আগন্তুক দিনত কি মূল্যত দেখা পোৱা যাব সেয়া জানো আহক।

ভাৰতত সোণৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাইছে

দেশৰ ভৱিষ্যত মাৰ্কেট মাল্টি ক’ম’ডিটি এক্সচেঞ্জত সোণৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ৫ নৱেম্বৰৰ পৰা সোণৰ মূল্য ৪.৪৪ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। যদি তথ্য চাওঁ, ৫ নৱেম্বৰত বজাৰ বন্ধ হোৱাৰ পিছত প্ৰতি দহ গ্ৰাম সোণৰ মূল্য আছিল ৭৮,৫০৭ টকা। তেতিয়াৰ পৰাই সোণৰ মূল্য প্ৰায় ৩৫০০ টকা হ্ৰাস পাইছে। যাৰ বাবে মঙলবাৰে এমচিএক্সত সোণৰ মূল্য দিনটোৰ নিম্ন স্তৰত উপনীত হয় প্ৰতি ১০ গ্ৰামত ৭৫,০২০ টকা।

কিন্তু দুপৰীয়া ১২:৩০ বজাত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৭৫,১১২ টকাত ব্যৱসায় কৰা হৈছে, যিটো ২৩৯ টকা হ্ৰাস পাইছে। আনহাতে আজি পুৱা ৭৫,৫৪১ টকাৰে সোণ মুকলি হয়। এদিন পূৰ্বে বজাৰ বন্ধ হোৱাৰ পিছত প্ৰতি দহ গ্ৰাম সোণৰ মূল্য আছিল ৭৫,৩৫১ টকা। যদি বিশেষজ্ঞসকলক বিশ্বাস কৰে তেন্তে অনাগত দিনত সোণৰ মূল্য আৰু অধিক হ্ৰাস পাব পাৰে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫ শতাংশ সস্তা হৈ পৰিল সোণ

আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ৫ শতাংশ হ্ৰাস পাইছে। বিশেষকৈ ৫ নৱেম্বৰৰ পিছত কমিছে। নিউয়ৰ্কৰ কমেক্স বজাৰত সোণৰ ফ্যুচাৰৰ মূল্যত ডাঙৰ হ্ৰাস দেখা গৈছে। তথ্য অনুসৰি, ৫ নৱেম্বৰত বজাৰ বন্ধ হোৱাৰ পিছত সোণৰ মূল্য প্ৰায় ২৭৫০ টকা হোৱা দেখা গৈছিল। তাৰ পিছৰ পৰা এতিয়ালৈকে ইয়াৰ হ্ৰাস হৈছে ১৩৭ ডলাৰ। অৰ্থাৎ প্ৰায় ৫ শতাংশ হ্ৰাস দেখা গৈছে।

বৰ্তমান সোণৰ মূল্য প্ৰায় ৪ ডলাৰ সামান্য হ্ৰাস পাইছে আৰু প্ৰতি আউন্সৰ মূল্য ২,৬১৪.৩৫ ডলাৰত ব্যৱসায় কৰা হৈছে। আনহাতে ব্যৱসায়ীক সোণৰ ভৱিষ্যত প্ৰতি আউন্সত ২,৬১০ ডলাৰৰ স্তৰত উপনীত হৈছিল। বিশেষজ্ঞসকলৰ মতে, সোণৰ মূল্য হ্ৰাস পাবলে এতিয়াও বাকী আছে।

ডলাৰ হৈ পৰে সোণৰ শত্ৰু

সোণৰ দামৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈয়েই আছে ডলাৰ। যিহেতু বিশ্বাস কৰা হৈছিল যে ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছত ডলাৰৰ মূল্য শক্তিশালী হোৱা দেখা যাব। একেই কথা দেখা গৈছে। যোৱা ৫টা ব্যৱসায়িক দিনত ডলাৰ সূচকাংকত ২.২১ শতাংশ বৃদ্ধি দেখা গৈছে। এনে পৰিস্থিতিত আপুনি কল্পনা কৰিব পাৰে যে ট্ৰাম্পৰ বিজয়ে ডলাৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে। আগন্তুক দিনত হয়তো আৰু অধিক শক্তি লাভ কৰা দেখা যাব।

বৰ্তমান সময়ত ডলাৰ সূচকাংক ১০৫.৭১ৰ স্তৰত ব্যৱসায় কৰা দেখা যায়, ব্যৱসায়িক অধিবেশনৰ সময়ত সূচকাংক ১০৫.৭৫ৰ স্তৰত উপনীত হৈছিল। অনুমান কৰা হৈছে যে অতি সোনকালে ডলাৰৰ সূচকাংকই ৫২ সপ্তাহৰ উচ্চ স্তৰ অতিক্ৰম কৰিব পাৰে। যিটো হৈছে ১০৬.৫২।

সোণ ৭০ হাজাৰলৈ যাবনে?

বিশেষজ্ঞসকলৰ মতে এয়া ডলাৰ সূচকাংকৰ ওপৰত নিৰ্ভৰ কৰিব? বেছিভাগ বিশেষজ্ঞৰ মতে বছৰৰ শেষলৈকে ডলাৰৰ সূচকাংক ১০৭ৰ স্তৰত উপনীত হ’ব পাৰে। যাৰ বাবে সোণৰ দামত অধিক হেঁচা দেখা যাব পাৰে। যদি ডলাৰৰ সূচকাংক ১০৭ৰ স্তৰলৈ যায়, তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ২৪০০ৰ পৰা ২৩০০ ডলাৰলৈ বৃদ্ধি পাব পাৰে। যাৰ বাবে ভাৰতৰ এমচিএক্সত সোণৰ মূল্য আনকি ৭০ হাজাৰ টকাৰ স্তৰতো উপনীত হ’ব পাৰে। এইচ ডি এফ চি ছিকিউৰিটিজৰ মুদ্ৰা সামগ্ৰীৰ মুৰব্বী অনুজ গুপ্তাই কয় যে, সোণৰ মূল্য ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ কাৰণ হ’ল ডলাৰৰ সূচকাংক আৰু চাহিদা হ্ৰাস। অনাগত দিনত ডলাৰ সূচকাংকৰ ওপৰত চকু ৰাখিব।

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস