শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যোৱা এটা বছৰত ঘৰুৱা বিমান সেৱাই গঢ়িলে অভিলেখ ! বৃদ্ধি পালে যাত্ৰীৰ সংখ্যা…

লাভৰ মুখ দেখিছে কেইবাটাও বিমান কোম্পানীয়ে । কৰ'না সময়ছোৱাত যিধৰণে বিমান কোম্পানীসমূহে মন্দাৱস্থাৰে মোকাবিলা কৰিছিল,সেই পৰিস্থিতি ক্ৰমান্বয়ে সলনি হৈ আহিছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত যাত্ৰীৰ সংখ্যা আছিল ১.৪৬ শতাংশ।

যোৱা এটা বছৰত ঘৰুৱা বিমান সেৱাই গঢ়িলে অভিলেখ ! বৃদ্ধি পালে যাত্ৰীৰ সংখ্যা…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 01 Mar 2025 14:34 PM

যোৱা এবছৰত বৃদ্ধি পাইছে ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা । একেসময়তে লাভৰ মুখ দেখিছে কেইবাটাও বিমান কোম্পানীয়ে । কৰ’না সময়ছোৱাত যিধৰণে বিমান কোম্পানীসমূহে মন্দাৱস্থাৰে মোকাবিলা কৰিছিল,সেই পৰিস্থিতি ক্ৰমান্বয়ে সলনি হৈ আহিছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত যাত্ৰীৰ সংখ্যা আছিল ১.৪৬ শতাংশ। এই হাৰ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১১.২৮ শতাংশ বেছি।

সূত্ৰ অনুসৰি, IndiGo ৰ বজাৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। ৬৫.২ শতাংশলৈ বৃদ্ধি পাইছে কোম্পানীটোৰ অংশীদাৰিত্ব। ইয়াৰ বিপৰীতে কিন্তু Air India ৰ বজাৰ অংশীদাৰিত্ব যোৱা মাহত ২৫.৭ শতাংশলৈ হ্ৰাস পাইছে।

একে সময়তে লাভজনক স্থিতিত আছে Akash Air আৰু SpiceJet । এই কোম্পানী দুটাৰ বজাৰ অংশীদাৰিত্ব ক্ৰমে ৪.৭ শতাংশ আৰু ৩.২ শতাংশ বৃদ্ধি পাইছে। DGCA য়ে জনোৱা মতে, ২০২৫ চনৰ জানুৱাৰী মাহত সমগ্ৰ দেশতে ১৪৬.১১ লাখ লোকে বিমান যাত্ৰা কৰিছিল । যোৱা বছৰ এই সংখ্যা আছিল ১৩১.৩০ লাখ। ফলত বছৰত ১১.২৮ শতাংশলৈ বৃদ্ধি পালে ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা ।

সামগ্ৰিকভাৱে সেৱাৰ ক্ষেত্ৰত আনতকৈ বহু আগবাঢ়ি আছে IndiGo। পৰিসংখ্যাৰ মতে, এই কোম্পানীটোয়ে ৭৫.৫ শতাংশ সময় মতে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত Akash Air য়ে ৭১.৫ শতাংশ সময় মতে সেৱা আগবঢ়াইছে ।

অৱশ্যে DGCA ৰ তথ্যত এইটোও কোৱা হৈছে যে, জানুৱাৰী মাহত বিমান বাতিলৰ দ্বাৰা ৪১ হাজাৰ ১১৯জন যাত্ৰী প্ৰভাৱিত হৈছে । আনকি কেইবাখনো বিমান বাতিল হোৱাৰ বাবে বিপদৰ সন্মুখীন হৈছিল প্ৰায় ১ লাখ ৭৮ হাজাৰ ৯৩৪ গৰাকী যাত্ৰী।